কোকৰাঝাৰ, ৬ মাৰ্চ: বুধবাৰে কোকৰাঝাৰৰ বড়োলেণ্ড গেষ্ট হাউছত "দা প্ৰেছ ইনফ'ৰমেশ্বন ব্যুৰো"এ বিটিচি প্ৰশাসনৰ সহযোগিতাত সাংবাদিকসকলৰ বাবে আয়োজন কৰে এখন কৰ্মশালাৰ । ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা বহুসংখ্যক সাংবাদিকে অংশগ্ৰহণ কৰা এই কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ কাৰ্যনিৰ্বাহক সদস্য দানেশ্বৰ গয়াৰী । অনুষ্ঠানত উপস্থিত হৈ গয়াৰীয়ে প্ৰেছ ইনফ'ৰমেশ্বন ব্যুৰোৰ এই পদক্ষেপক শলাগ জনোৱাৰ লগতে কয় যে চৰকাৰৰ আঁচনি সমূহৰ সফল ৰূপায়নৰ বাবে জনসাধাৰণৰ মাজত তথ্য সমূহৰ সঠিক বিতৰণৰ যথেষ্ট প্ৰযোজন আছে । তেওঁ লগতে উল্লেখ কৰে যে, এই ধৰণৰ পদক্ষেপে জনজাতীয় লোকসকলৰ মাজত আয় কৰ সম্পৰ্কত থকা আশংকা সমূহ দুৰ কৰিব । এই ধৰণৰ কৰ্মশালাই চৰকাৰী আঁচনি সম্পৰ্কত সাধাৰণ জনগনক সজাগ কৰি তুলিব ।
কাৰিকৰী বৈঠকৰ সময়ত আয় কৰৰ অতিৰিক্ত আয়ুক্ত অনিল ভৰদ্বাজে জনজাতীয় লোকৰ বাবে সংবিধানত উল্লিখিত দফা ১০(২৬)ৰ আয় কৰ অধিনিয়মৰ ওপৰত এক দীঘলীয়া প্ৰদৰ্শনীমূলক বক্তব্য আগবঢ়ায় । উত্তৰ-পূৱৰ তথ্য আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰনালয়ৰ ডাইৰেক্টৰ জেনেৰেল কুলদীপ সিং ধাতৱালিয়া অনুষ্ঠানত উপস্থিত থাকি চৰকাৰৰ তথ্য সমূহৰ সঠিক বিতৰণে এখন চৰকাৰক সফল কৰি তুলে বুলি মন্তব্য কৰে ।
কৰ্মশালাত উপস্থিত থকা অন্য ব্যক্তি সকলৰ মাজত আছিল বিটিচি অতিৰিক্ত প্ৰধান সম্পাদক জলী দাস ব্ৰক্ষ্ম, সম্পাদক ভৱানী প্ৰসাদ শৰ্মা, গুৱাহাটী আৰু বঙাইগাঁও আয়কৰ বিভাগৰ উচ্চপদস্থ বিষয়া, সংবাদ আৰু তথ্য দপ্তৰৰ(দা প্ৰেছ ইনফ'ৰমেশ্বন ব্যুৰো) বিষয়া আৰু বিটিচি কাৰ্যালয়ৰ বিষয়া সকল ।