ETV Bharat / state

কোকৰাঝাৰৰ বেদলাংমাৰী বজাৰত অগ্নিকাণ্ড : প্ৰায় ১০ লাখ টকাৰ সম্পত্তি বিনষ্ট - কোকৰাঝাৰৰ বেদলাংমাৰী বজাৰত অগ্নিকাণ্ড

কোকৰাঝাৰত ভয়ংকৰ অগ্নিকাণ্ড (Massive Fire broke out at Kokrajhar) ৷ অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভষ্মীভূত ৯ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ সঠিক কাৰণ ৷

Massive Fire broke out at Kokrajhar
কোকৰাঝাৰৰ বেদলাংমাৰী বজাৰত অগ্নিকাণ্ড
author img

By

Published : Mar 12, 2022, 8:13 AM IST

কোকৰাঝাৰ, ১২ মাৰ্চ : কোকৰাঝাৰ জিলাৰ বেদলাংমাৰী বজাৰত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড (Massive Fire broke out at Kokrajhar) ৷ অকস্মাতে সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত বজাৰখনত থকা ৯ খনকৈ দোকান সম্পূৰ্ণৰূপে ভষ্মীভূত হয় ৷

বৰ্তমানলৈ অগ্নিকাণ্ডৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও শ্ব’ৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত (Fire for Short Circuit) ঘটাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত কোকৰাঝাৰৰ পৰা তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ কিন্তু তেতিয়ালৈ অঞ্চলটোৰ ৯ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷

ৰাইজে অভিযোগ কৰা মতে, অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী কিছু পলমকৈ অহাৰ ফলতে জুইৰ লেলিহান শিখাই সমগ্ৰ বজাৰখনকে আগুৰি ধৰে ৷ অগ্নিকাণ্ডটোৰ ফলত প্ৰায় ১০ লাখ টকাৰ সা-সম্পত্তিৰ ক্ষয়-ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : চাৰিদিনৰ পাছতো নিৰ্বাপিত হোৱা নাই চিংলু পাহাৰৰ জুই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.