ETV Bharat / state

সংখ্যালঘু জনতাই হিমন্ত বিশ্ব শৰ্মাক কেৰেপ নকৰে :আমছু

author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 12:59 PM IST

ছালাকাটিত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে এক সংবাদমেলত কয় যে সকলো ক্ষেত্ৰতে সংখ্যালঘু জনতাক বঞ্চনা কৰা হৈছে ৷ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নিৰাপদ নহয় সংখ্যালঘু জনতা । ২৮ নৱেম্বৰত ছালাকাটিত অনুষ্ঠিত হ'ব বিশাল গণ অভিৱৰ্তন ৷

Press conference of AAMSU in Salakati
ছালাকাটিত আমছুৰ সংবাদমেল
ছালাকাটিত আমছুৰ সংবাদমেল

কোকৰাঝাৰ, ১৮ নৱেম্বৰ: সংখ্যালঘু জনতাৰ সমস্যা সমাধানৰ উপাই বিচাৰি অহা ২৮ নৱেম্বৰত ছালাকাটিত আমছুৰ উদ্যোগত অনুষ্ঠিত হ'ব গণ অভিৱৰ্তন । ছালাকাটিৰ ঈদগাহ পথাৰত অনুষ্ঠিত হ'বলগীয়া আমছুৰ গণ অভিৱৰ্তনত প্ৰায় ৩০ হেজাৰ সংখ্যালঘু ৰাইজে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ৷ আমছুৰ এই গণ অভিৱৰ্তনক লৈ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে ৷ ইপিনে, শুকুৰবাৰে বিয়লি ছালাকাটিত এক সংবাদমেলত এই গণ অভিৱৰ্তনৰ বিষয়ে সদৰী কৰে আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে।

আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে কয়," অসম তথা বিটিআৰত ভূমিৰ সমস্যা আছে। ভূমিৰ ক্ষেত্ৰত সংখ্যালঘু জনতাক টাৰ্গেট কৰা হৈছে । গোষ্ঠী সংঘৰ্ষ,খহনীয়াৰ ফলত বিতাড়িত হৈহে কিছুসংখ্যক সংখ্যালঘু মুছলমানে চৰকাৰী ভূমিত আশ্ৰয় লৈছে । এই সংখ্যালঘু লোকসকলে জীয়াই থকাৰ স্বাৰ্থতহে আশ্ৰয় লৈছে । চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য আছিল এই ভূমিহীন লোকক ভূমি আৱণ্টন দিয়া ৷ কিন্তু চৰকাৰে তেওঁলোকক উচ্ছেদ কৰাৰ বাবেহে উঠিপৰি লাগিছে ।" তেওঁ পুনৰ কয় যে ধৰ্মীয় সংখ্যালঘু হোৱা বাবেই চৰকাৰী ভূমিৰ পৰা উচ্ছেদ চলাইছে । বসুন্ধৰা ২.০ ত সংখ্যালঘুক অন্তৰ্ভুক্ত কৰা নহ'ল, বঞ্চিত কৰা হ'ল ৷ ভূমিৰ অধিকাৰৰ পৰা বঞ্চনা, এনআৰচি, 'ডি'ভোটাৰ, বাল্য বিবাহৰ বিষয়ে এই গণ অভিৱৰ্তনত আলোচনা কৰা হ'ব বুলি উল্লেখ কৰি আমছুৰ সভাপতিগৰাকীয়ে ভূমিহীনক ভূমি প্ৰদান কৰা, নতুন ভূমিনীতি প্ৰবৰ্তন কৰাৰ বাবে চৰকাৰক দাবী জনায় ।

আনহাতে, সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ নেৰ্তৃত্বত সংখ্যালঘু জনতা নিৰাপদ নহয় । সাংবিধানিক পদত অধিষ্ঠিত হৈ, সংবিধানৰ নামত শপত খাইও মুখ্যমন্ত্ৰীয়ে নিকৃষ্ট মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে আজমল,খালেকৰ কথা কৈ ভয়-ভাবুকি দি লাভ নাই । সংখ্যালঘু জনতাই হিমন্ত বিশ্ব শৰ্মাক ভয়ো নকৰে,কেৰেপো নকৰে । মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু জনতাক পিটিকি পিটিকি শেষ কৰিব নোৱাৰে ৷

মুখ্যমন্ত্ৰী আৰু বিজেপি দলে অসমীয়া জাতি আৰু ভাষাক শেষ কৰাৰ বাবে ষড়যন্ত্ৰ ৰচাৰ বিস্ফোৰক অভিযোগ কৰি আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কয় যে অসমীয়া ভাষা আৰু অসমীয়া জাতি যাতে অসমৰ পৰা শেষ হৈ যায় তাৰ বাবে হয়তো নাগপুৰৰ পৰা ঠিকা লৈ আহিছে । ইফালে,সংবাদমেলত সকলো ক্ষেত্ৰতে সংখ্যালঘু জনতাক বঞ্চনা কৰা হৈছে বুলি মন্তব্য কৰি আমছুৰ সভাপতিগৰাকীয়ে কয় যে চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য হ'ল সকলো নাগৰিকক সুৰক্ষা দিয়া, অধিকাৰ দিয়া । কিন্তু সংখ্যালঘুক কোনো ধৰণৰ সুৰক্ষা-অধিকাৰ দিয়া হোৱা নাই ।

তেওঁ কয় যে মাদ্ৰাছা,মছজিদত বুলড'জাৰ চলাই কলিজাৰ ওপৰত আঘাত কৰি আছে, ধৰ্মীয় শিক্ষাৰ ওপৰত আঘাত কৰি আছে। গণ অভিৱৰ্তনত এই সকলো বিষয়ে আলোচনা কৰা হ'ব। সংখ্যালঘুৰ ন্যায্য় প্ৰাপ্তিৰ দাবীত, হিমন্ত বিশ্ব শৰ্মাৰ অন্যায় আৰু অত্যাচাৰৰ প্ৰতিবাদত সকলো ৰাইজ ওলাই আহিব লাগে। চৰকাৰক বুজাই দিব লাগে আৰু অত্যাচাৰ সহ্য কৰা নহ'ব ৷

লগতে পঢ়ক:বিবাহ অনুষ্ঠানৰ পৰা ওভতাৰ পথত দুৰ্ঘটনাত পতিত বাহন, নিহত 5 জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.