ETV Bharat / state

কাঠফুলা উৎপাদনেৰে স্বাৱলম্বী গোঁসাইগাঁৱৰ যুৱক

author img

By

Published : Oct 15, 2020, 9:57 AM IST

চৰকাৰী চাকৰিৰ পিছত দৌৰি নাথাকি আত্ন নিৰ্ভৰ হোৱাৰ সংগ্ৰামত ব্ৰত কোকৰাঝাৰৰ এগৰাকী যুৱক ৷ বলিত বৰুৱা নামৰ যুৱকগৰাকীয়ে পাৰিজাত অৰ্গেনিক অৱেষ্টাৰ মাছৰুম ইউনিট নামৰ এখন কাঠফুলা ফাৰ্ম গঢ়ি তুলি বছৰেকত উপাৰ্জন কৰিছে লক্ষাধিক টকা ৷

mashroom cultivation in kokrajhar gosaigaon assam etv bharat news
কাঠফুলা

কোকৰাঝাৰ,15 অক্টোবৰ: কাঠফুলা উৎপাদনেৰে স্বাৱলম্বী হৈ উঠিছে কোকৰাঝাৰৰ গোঁসাইগাঁৱৰ বলিত বৰুৱা নামৰ এজন যুৱক ৷ যুৱকজনে আত্ম নিৰ্ভৰশীল হোৱাৰ চেষ্টা অব্যাহত ৰখাৰ উপৰিও সংস্থাপনৰ বাট মুকলি কৰিছে আন দহজনৰ ৷ বিগত 3/4 বছৰ পূৰ্বে যুৱকজনে স্থাপন কৰিছিল পাৰিজাত অৰ্গেনিক অৱেষ্টাৰ মাছৰুম ইউনিট নামেৰে এখন কাঠফুলা উৎপাদন ফাৰ্ম ৷ তাৰপিছত আৰু ঘূৰি চাবলগীয়া হোৱা নাই যুৱকজনে ৷ সম্প্ৰতি বছৰেকত কাঠফুলা বিক্ৰীৰে প্ৰায় 5 লক্ষাধিক টকা উপাৰ্জন কৰি স্ব-নিৰ্ভৰশীল হৈ পৰিছে যুৱকজন ৷ গোঁসাইগাঁও মহকুমাৰ তেলিপাৰাস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত জৈৱিক পদ্ধতিৰে কাঠফুলা উৎপাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰা বৰুৱাই বহু নিবনুৱা যুৱক-যুৱতীক কৰ্ম সংস্থাপনৰ পথ মুকলি কৰি দিবলৈ সক্ষম হৈছে ৷ ইয়াৰোপৰি কাঠফুলা উৎপাদনত ব্যৱহৃত খেৰৰ টোপোলাবোৰৰ সহায়ত কেঁচু সাৰ উৎপাদন কৰি লাভাম্বিত হোৱা বুলিও বলিত বৰুৱাই প্ৰকাশ কৰে ৷

কাঠফুলা উৎপাদনেৰে স্বাৱলম্বী

উল্লেখ্য যে, লক ডাউনৰ সময়চোৱাত বহু যুৱক-যুৱতীয়ে হেৰুৱাইছিল কৰ্ম সংস্থাপনৰ পথ ৷ সংস্থাপনৰ অভাৱত দিশহাৰা হৈ পৰাৰ বিপৰীতে একাংশই বৈজ্ঞানিক পদ্ধতিৰে কাঠফুলা উৎপাদনৰ প্ৰতি যথেষ্ঠ আগ্ৰহী হোৱা পৰিলক্ষিত হৈছে ৷ তদুপৰি কাঠফুলা উৎপাদনৰ প্ৰতি আগ্ৰহী যুৱক-যুৱতীসকলৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰৰ লগতে চৰকাৰী বিভাগৰো অধীনত বহু আঁচনি থকাৰ কথা ব্যক্ত কৰে কৃষি বিজ্ঞান কেন্দ্ৰটোৰ বৈজ্ঞানিক গৌতম ভাগৱতীয়ে ৷

নিৱনুৱাক সহায় কৰিবলৈ আগ্ৰহী কৃষি বিজ্ঞান কেন্দ্ৰ

লগতে চাওকঃ প্ৰাপ্য আদায়ৰ দাবীত জীৱিকা সখীৰ ধৰ্ণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.