ETV Bharat / state

পিটিচিএৰ প্ৰতিষ্ঠাতা চৰণ নাৰ্জাৰীৰ শেষ শ্ৰদ্ধাঞ্জলি - politician

উডয়াচল দাবীৰ জনক প্ৰাক্তন সাংসদ চৰণ নাৰ্জাৰীক কোকৰাঝাৰত বিভিন্নজনৰ শেষ শ্ৰদ্ধাঞ্জলি । গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়তমঙলবাৰে প্ৰাক্তন সাংসদ, বিধায়ক চৰণ নাৰ্জাৰীৰ মৃত্যু ঘটে ।

পিটিচিএৰ প্ৰতিষ্ঠাতা চৰণ নাৰ্জাৰীৰ শেষ শ্ৰদ্ধাঞ্জলি
author img

By

Published : Jul 24, 2019, 7:44 PM IST

কোকৰাঝাৰ,24জুলাইঃ প্ৰাক্তন সাংসদ, বিধায়ক, শিক্ষাবিদ, সাহিত্যিক তথা পিটিচিএৰ প্ৰতিষ্ঠাতা চৰণ নাৰ্জাৰীৰ বুধবাৰে শেষকৃত্য সম্পন্ন কৰা হয় ৷ বিগত কেইবা মাহ ধৰি ৰোগশয্যাত থকা ৰাজনীতিক গৰাকী গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত যোৱা মঙলবাৰে মৃত্যু হয় ৷ বুধবাৰে প্ৰয়াত চৰণ নাৰ্জাৰীৰ মৃতদেহ কোকৰাঝাৰৰ মৈদেৰখ'ৰোত থকা নিজ বাসগৃহলৈ অনাৰ পথত বিটিএডি বাসীয়ে শেষ শ্ৰদ্ধা জনায় । ইয়াৰোপৰি বিভিন্ন দল-সংগঠনে তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷

Intro:উডয়াচল দাবীৰ জনক প্রাপ্তন সাংসদ চৰণ নাৰ্জাৰীক শেষ শ্ৰদ্ধাঞ্জলি কোকৰাঝাৰত।

উডয়াচল দাবীৰ জনক প্রাপ্তন সাংসদ, বিধায়ক চৰণ নাৰ্জাৰী গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত যোৱা মঙ্গলবাৰে মৃত্যুৰ পিছত আজি কোকৰাঝাৰৰ চহৰৰ হাঠিমাথাত থকা নিজ বাগৃহত বিটিএডিৰ বাসীয়ে শেষ শ্ৰদ্ধাঞ্জলিজনাই।

Body:ভিভিন্ন দল সংগঠৰ নেতা সকলে তেখেদৰ মৃত্যুক শোক প্ৰকাশ কৰি অন্তিমবৰাৰ বাবে শেষ শ্ৰদ্ধাঞ্জলি জনাই।
1933 চনৰ 28 মেত জন্মগ্ৰহণ কৰা নাৰ্জাৰীয়ে 1959 চনত কটন কলেজৰ পৰা স্থাতক,1962 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্থাতকতোৰ, 1964 চনত অইনৰ স্থাতক সম্পূৰ্ণ কৰি কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত প্ৰবক্তা হিচাবে যোগদান কৰে। 1985 চনতপৰা দুবাৰকৈ বিধায়ক ৰূপে নিৰ্বাচিত হোৱাৰ উপৰিও এবাৰ সাংসদ হিচাবিও নিৰ্বাচিত হয়। তাৰোউপৰিও নাৰ্জাৰীয়ে প্লাইন ট্ৰেইবেল কোউন্সিল অফ অসম চমুকৈ পিটিচিএ ৰ প্ৰতিস্থাপক সাধাৰণ সম্পাদক আছিল। তেওঁৰ নেতৃত্বত প্ৰথমবাৰৰবাবে সুকীয়া ট্ৰেইবেল ৰাজ্য গঠনৰ দাবী আৰু আন্দালোণ চলিছিল। তেওঁৰ মৃত্যু ত কেৱল বড়ো ৰাজ্য নহয় অসমৰ ট্ৰেইবেল এলেকাবৰতে শোকৰ ছা পেলাইছে।

Conclusion:মৃত্যু সময় তেওঁৰ পত্নী, চাৰিগৰাকী কন্যা আৰু এজন পুত্ৰক এৰি থৈ যায়।

বিটিচি মুখ্য হাগ্ৰামা মমহিলাৰী, ৰাজ্যসভা সাংসদ বিশ্বজিত দৈমাৰী,ৰাজ্যসভা প্রাপ্তন সাংসদ উজী ব্ৰহ্ম, এবছুৰ সভাৱটি প্ৰমোদ বড়ো, মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গ লৈ সমবেদনা জ্ঞাপন কৰিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.