ETV Bharat / state

গোসাঁইগাঁৱত চাৰিদিনৰ পাছত জীৱন্তে উদ্ধাৰ নিৰুদ্দিষ্ট মহিলা - গোসাঁইগাঁও নিউজ

চাৰিদিনৰ পাছত পুখুৰীৰ মেটেকাৰ মাজত উদ্ধাৰ হ'ল জেউতি ডেকা নামৰ নিৰুদ্দিষ্ট মহিলাগৰাকী ৷

গোসাঁইগাঁও মহিলা নিৰূদ্দেশ কাণ্ড: চাৰিদিনৰ পাছত জীৱন্তে উদ্ধাৰ
author img

By

Published : Nov 1, 2019, 10:35 PM IST

গোসাঁইগাঁও, 1 নৱেম্বৰ: অৱশেষত চাৰিদিনৰ অন্তত জীৱিত অৱস্থাত উদ্ধাৰ হ'ল কোকৰাঝাৰ জিলাৰ সদৰ চহৰ গোসাঁইগাঁৱৰ পৰা যোৱা ২৮ অক্টোবৰৰ পুৱাৰ পৰা নিৰুদ্দিষ্ট হৈ থকা গোসাঁইগাওঁ মহাবিদ্যালয়ৰ লাইব্ৰেৰীৰ কৰ্মচাৰী জেউতি ডেকা মেধী নামৰ চল্লিশ বছৰীয়া মহিলাগৰাকী ৷ শুকুৰবাৰে পুৱা প্ৰায় 5 বজাত চহৰখনৰ ৰাজাপাৰাস্থিত এটা নৱনিৰ্মিত গৃহৰ পিছফালে থকা মেটেকা ভৰা পুখুৰীৰ পৰা স্থানীয় ৰাইজে জীৱিত অৱস্থাত উদ্ধাৰ কৰে মহিলাগৰাকীক ৷ ঘটনা অনুসৰি 24 অক্টোবৰত মানসিক ভাৱে হতাশগ্ৰস্ততাত ভুগি সন্ধাহীন হৈছিল ৰাজাপাৰা ৩ নং বাৰ্ডৰ বাসিন্দা শিক্ষক প্ৰদীপ মেধীৰ পত্নী জেউতি ডেকা মেধী ৷ ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিছিল যদিও বিগত চাৰিদিন আৰক্ষীয়ে মহিলাগৰাকীৰ কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাছিল ৷

ইফালে মহিলাগৰাকীক উদ্ধাৰ কৰি স্থানীয় ৰাইজে আৰ এন বি অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে ৷ সম্প্ৰতি মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷ ইফালে মহিলা গৰাকী উদ্ধাৰ হোৱাৰ সময়ত তেওঁ পিন্ধি থকা শাৰীখন আৰু লগত লৈ থকা মবাইল ফন'টো উদ্ধাৰ নোহোৱাত সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি ৰহস্যৰ সৃষ্টি হৈছে ৷ ঘটনাৰ সবিশেষ বিচাৰি ইতিমধ্য়ে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

চাৰিদিনৰ পাছত পুখুৰীৰ মেটেকাৰ মাজত উদ্ধাৰ হল জেউতি ডেকা নামৰ নিৰূদ্দিষ্ট মহিলা

Intro:গোসাঁইগাৱঁৰ নিৰুদ্দিষ্ট মহিলা চাৰিদিনৰ মুৰকত জীৱিত উদ্ধাৰ: তীব্ৰ চাঞ্চল্য:

কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ সদৰ চহৰৰ পৰা যোৱা ২৮ অক্টোৱৰৰ ৰাতাপুৱাৰে পৰা নিৰুদ্দিষ্ট হৈ থকা জেউতি ডেকা মেধী (৪০) নামৰ মহিলা গৰাকীক আজি জীৱিত অৱস্থাত পুখুৰীৰ মেটেকাৰ মাজত উদ্ধাৰ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ অঞ্চলতোত তীব্ৰ চাঞ্চল্যৰ বিৰাজ কৰিছে ৷
Body:প্ৰাপ্ত বাতৰি মতে, গোসাঁইগাওঁ ৰাজাপাৰা ৩ নং বাৰ্ডৰ বাসিন্দা শিক্ষক প্ৰদীপ মেধীৰ পত্নী তথা গোসাঁইগাওঁ মহাবিদ্যালয়ৰ লাইব্ৰেৰীৰ চতৰ্থ বৰ্গৰ কৰ্মচাৰী জেউতি ডেকা মেধী (৪০) যোৱা কিছু দিন ধৰি মানসীক ভাৱে হতাশ হৈ পৰিছিল ৷ পৰিয়ালৰ পৰা জানিব পৰা মতে, বৃক্ক আৰু হৃদ ৰোগত আক্ৰান্ত জেউতি ডেকা মেধি যোৱা ২৮ অক্টোৱৰ ৰাতিপুৱা প্ৰায় ৮'৩০ বজাত নিজ গৃহৰ পৰা গোসাঁইগাওঁ চাৰিআলি স্থিত কমল নাথ ক্লাৱ কালি মন্দিৰলৈ বুলি অলাই আহে ৷ যদিও কিছু সময়ৰ পিছতে তেওঁৰ মোবাইল নম্বৰটো স্চুই্ট অৱ হৈ যায় ৷ ফলত কোনো লোকে মহিলা গৰাকীক বিচাৰি নাপায় ৷ ঘটনা সম্পৰ্কে ততাতৈয়াকৈ গোসাঁইগাওঁ আৰক্ষী থানাত জনোৱা হয় যদিও বিগত চাৰিতা দিনে নিৰুদ্দিষ্ট মহিলা গৰাকীৰ বিশ্বাযোগ্য কোনো খৱৰ/সুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাছিল ৷ আজি কাহিলী পুৱা প্ৰায় ৪/৫ বজাত গোসাঁইগাওঁ ৰাজাপাৰা স্থিত এটা নৱনিৰ্মিত গৃহৰ পিছফালে থকা মেটেকা ভৰা পুখুৰীৰ পৰা মহিলা গৰাকীক উদ্ধাৰ কৰে ৷ সহজ সৰল মনৰ মহিলা গৰাকীৰ জীৱত উদ্ধাৰ হোৱা বাতৰিটো প্ৰচাৰ হোৱাৰ লগে লগে ঘটনাস্থলিত অগনন লোকৰ সমাগম ঘটে আৰু ততাতৈয়াকৈ এম্বুলেন্স যোগে গোসাঁইগাওঁ আৰ এন বি অসামৰীক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় ৷ সম্প্ৰতি মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ ব্যক্তিগত নাৰ্ছিংহোমত ভৰ্তী কৰোবা বুলি জানি পৰা গৈছে ৷ ইপিনে মহিলা গৰাকীয়ে পিন্ধি থকা শাৰীখন আৰু মোৱাইল ফোনটো উদ্ধাৰ নোহোৱাত সমগ্ৰ ঘটনাটোক লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷ ঘটনাস্থীত উপস্থিত হোৱা ৰাইজে সন্ধেহ প্ৰকাশ কৰা মতে, যোৱা চাৰিদিনে নিৰুদ্দিষ্ট হৈ থকা মহিলা গৰাকীক যোৱা নিশা কোনো দুস্কৃতকাৰীয়ে উক্ত পূখুৰীটোৰ মেটেকাৰ মাজত পেলাই থৈ যোৱাৰ সন্ধেহ কৰিছে ৷ ঘটনাস্থলীৰ সমিপত বসবাস কৰা স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত সমগ্ৰ ঘটনাটো ৰহস্য জনক বুলি দাবী কৰিছে ৷ কিয়নো গোসাঁইগাওঁ সদৰ চহৰৰ ভিতৰত থকা সত্ত্বেও বিগত চাৰিদিনে দূৰ্ভগীয়া মহিলা গৰাকীৰ কোনো তথ্য লাভ কৰা নাই যদিও হথাতে আজি মহিলা গৰাকীৰ জীৱত অৱস্থাত মেটেকাৰ মাজত উদ্ধাৰ হয় ৷ ইপিনে এগৰাকী স্থানীয় মহিলাই (নাম প্ৰকাশত অনিচ্চুক) সদৰি কৰা মতে উক্ত নিৰ্মান কাৰ্য্য চলি থকা গৃহতৰ ভিতৰৰ ৰুপৰ মাটিৰ মজিয়াত কোনো লোকক সুৱাই থৈ দিয়াৰ দৰে চিহ্ন প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰা হয় ৷ আনহাতে, ঘটনাস্থলীত যোৱা কালি দিনৰ ভাগত স্থানীয় লোক সকলে গৈছিল যদিও তাত কোনো ঘটনা সংঘটিত হোৱাৰ তথ্য নাছিল ৷ Conclusion:তেনেক্ষেত্ৰত নিশাটোৰ ভিতৰতে মহিলা গৰাকীক উক্ত স্থানত উদ্ধাৰ হোৱাতো নিশ্চিত ভাৱে ৰহস্যৰ বিষয় ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.