ETV Bharat / state

এবছুৰ ছাত্ৰ দিৱস পালন

কোকৰাঝাৰত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ 63 তম জন্মদিন উপলক্ষে এবছুৱে পালন কৰে ছাত্ৰ দিৱস

এবছুৰ ছাত্ৰ দিৱস পালন
author img

By

Published : Mar 31, 2019, 4:51 PM IST

কোকৰাঝাৰ, 31মাৰ্চ : দেওবাৰে কোকৰাঝাৰৰ দোতমাৰ থুলুংগাপুৰীত এবছুৱে পালন কৰে ছাত্ৰ দিৱস । বড়ো জনগোষ্ঠীৰ পিতৃ অৰ্থাৎ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬৩ তম জন্মদিন উপলক্ষে এবছুৱে পালন কৰে ছাত্ৰ দিৱস। 2006 চনৰ পৰাই প্ৰতি বছৰৰ মাৰ্চ মাহৰ 31 তাৰিখে ব্ৰহ্মৰ জন্মদিনৰ লগত সংগতি ৰাখি বড়ো জনগোষ্ঠীয়ে ছাত্ৰ দিৱস হিচাপে পালন কৰি আহিছে । এই ছাত্ৰ দিৱসত দোতমাৰ থুলুংগাপুৰীৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিস্থলীত এবছুৰ সভাপতি প্ৰমোদ বড়ো উপস্থিত হৈ শ্ৰদ্ধাঞ্জলিজ্ঞাপন কৰাৰ লগতে কোকৰাঝাৰ জিলাৰ ছাত্ৰ-ছাত্ৰীৰ লগতে জিলাখনৰ শতাধিক লোক উপস্থিত হৈ শ্ৰদ্ধাঞ্জলিজ্ঞাপন কৰে ।

এবছুৰ ছাত্ৰ দিৱস পালন
প্ৰমোদ বড়োৱে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বড়ো জাতিয়ে বিশ্বত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰি নীতিবিহীন, আদৰ্শবিহীন ৰাজনীতিৰ পৰা বিৰত থাকিবলৈ সকলোকে আহ্বান জনায়। ইয়াৰ উপৰিও বড়ো জাতীয়ে বসবাস কৰা সমাজখন সুস্থ সমাজ হিচাপে গঢ়ি তুলি বড়ো সমাজত থকা অন্ধবিশ্বাস 100শতাংশই আঁতৰাই পেলোৱা হ'ব বুলি মন্তব্য কৰে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে । বডোফাই যেনেদৰে বড়ো জাতিক গঠন কৰিব বিচাৰিছিল তেনেদৰেই বড়ো জাতীৰ সমাজ গঢ়ি তোলা হ'ব বুলিও মন্তব্য কৰে সভাপতিজনে ।

Intro:কোকৰাঝাৰৰ দোতমাৰ থুলুংগাপুৰীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬৩ তম জন্মদিন উদযাপন ।

বডোফাৰ নামত একোৱেই নকৰিলে চৰকাৰে : ইউজি ব্ৰহ্ম ।

হাগ্ৰামাই অহংকাৰ , দাম্ভিকতাৰে একনায়ত্ববাদী আচৰণ কৰিছে : প্ৰমোদ বড়ো । 

কোকৰাঝাৰ /৩১ মাৰ্চ : বড়ো জনগোষ্ঠীৰ পিতৃ অৰ্থাৎ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ আজি ৬৩ তম জন্মদিন । ২০০৬ চনৰে পৰা প্ৰতিবছৰে এবছুৱে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মদিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰি আহিছে । এইবেলিও কোকৰাঝাৰ জিলাৰ দোতমাৰ থুলুংগাপুৰীত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধীথলত এবছুৰ উদ্যোগত বডোফাৰ জন্মদিনটো ছাত্ৰ দিৱস হিচাপে উদযাপন কৰে । এবছুৰ সভাপতি প্ৰমোদ বড়োই ৰাতিপুৱা পতাকা উত্তোলন  আৰু বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ পিছতেই দিনজোৰা কাৰ্যসূচীৰে ছাত্ৰদিৱস পালন কৰে এবছুৱে । 

Body:দোতমাৰ থুলুংগাপুৰীৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধীথলীত  দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ছাত্ৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এবছুৰ সভাপতি প্ৰমোদ বড়োই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আদৰ্শৰে বড়ো জাতিয়ে বিশ্বত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হব বুলি মন্তব্য কৰি নীতিবিহীন , আদৰ্শবিহীন ৰাজনীতিৰ পৰা বিৰত থাকিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে । সাংবাদিকৰ এক প্ৰশ্নোত্তৰত প্ৰমোদ বড়োই কয় যে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এবছু আৰু তেওঁৰ বিৰুদ্ধে যিবোৰ অভিযোগ উত্থাপন কৰিছে , সেয়া সম্পূৰ্ণ অসত্য আৰু ভিত্তিহীন । প্ৰকৃততে বিটিএডিৰ ৩২ লাখ লোকক প্ৰতিনিধিত্ব কৰা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অহংকাৰ , দাম্ভিকতা আৰু একনায়ত্ববাদী মনোভাৱেৰে শাসন চলাব বিচৰাটো শুভ লক্ষণ নহয় বুলি মন্তব্যৰে ৰাজনীতি মানে কোনো নীতি নোহোৱা বিষয়বস্তু নহয় বুলিও মত প্ৰকাশ কৰি সকলোকে নীতি -আদৰ্শৰে ৰাজনীতি কৰিবলৈ আহ্বান জনাইছে । বিজেপি , কংগ্ৰেছ বা অগপই মনেৰে নহয় , বৰং বাধ্যত পৰিহে হাগ্ৰামা মহিলাৰীক আঁকোৱালি লৈছে যদিও প্ৰশাসক হিচাপে  হাগ্ৰামা মহিলাৰীয়ে নিজ আচৰণ সলনি কৰা ভাল বুলি মন্তব্যৰে অহংকাৰ , দাম্ভিকতাৰ বাবেই হাগ্ৰামাই প্ৰতিনিয়ত খঙ , দাদাগিৰি দেখুৱায় বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োই । তদুপৰি প্ৰমোদ বড়োই নিৰ্বাচন বিষয়টো যিহেতু এবছুৰ সংবিধান প্ৰদত্ত সেয়েহে  সমাগত লোকসভা নিৰ্বাচনত বড়োসকলৰ দীৰ্ঘদিনীয়া দাবী পৃথক বড়োলেণ্ড , ভাল প্ৰশাসন, শান্তি সম্প্ৰীতি প্ৰতিষ্ঠা ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰা আৰু বিভিন্ন সমস্যা সমাধান কৰা লক্ষ্যৰে ইউ পি পি এল দলক সমৰ্থন আগবঢ়োৱা হৈছে বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োই ।

    কোকৰাঝাৰ দোতমা থুলুংগাপুৰীত দিনজোৰা কাৰ্যসূচীৰে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬৩ তম জন্ম দিন উদযাপন অনুষ্ঠানত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই বডোফাৰ প্ৰতি সশ্ৰদ্ধ শ্ৰদ্ধা নিৱেদন কৰে । বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম যিহেতু ৰাজনীতিৰ উৰ্ধত সেয়েহে সমাধীথলীৰ পৰা ৰাজনৈতিক বক্তব্য ৰখাটো উচিত নহব বুলি মন্তব্য কৰে যদিও সাংবাদিকৰ নেৰানেপেৰা প্ৰশ্নত্তোৰত হাগ্ৰামা মহিলাৰীক কঠোৰ ভাষাৰে সমালোচনা কৰে । মহিলাৰীয়ে কোৱাৰ দৰে বড়োলেণ্ড সপোন যদি ভূৱা তেনেহলে পৃথক বড়োলেণ্ডৰ দাবীৰে আন্দোলন কৰা বিএলটিৰ আন্দোলনো ভূৱা আছিল নেকি বুলি হাগ্ৰামা মহিলাৰীৰ প্ৰতি ওলোটাই শেল নিক্ষেপ কৰি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধীথলীৰ উন্নয়ণাৰ্থে বিটিচি চৰকাৰে কোনো আঁচনি নোলোৱাৰ লগতে বডোফাৰ নামত নামত কোনোধৰণৰ জনকল্যানমুলক আঁচনিও চৰকাৰে গ্ৰহণ নকৰাত উৰ্খাও গৌৰা ব্ৰহ্মই খেদ প্ৰকাশ কৰে । ধনবল, বাহুবলৰ সলনি নীতি আদৰ্শৰ ৰাজনীতি কৰিবলৈ সকলো পক্ষৰ প্ৰতি আহ্বান জনাইছে উৰ্খাও গৌৰা ব্ৰহ্মই । 

Conclusion:উল্লেখ্য যে কোকৰাঝাৰ দোতমা বৰাগাড়ী গাঁওত ১৯৫৬ চনৰ ৩১ মাৰ্চ অৰ্থাৎ আজিৰ দিনটোতে এটি দুখীয়া পৰিয়ালত জন্ম লাভ কৰি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মই বড়ো জাতিৰ পৰিচয়, সংস্কৃতি , ভাষা , ভূমি অধিকাৰ ৰক্ষা কৰিবলৈ তথা পৃথক বডোলেণ্ড ৰাজ্য গঠনৰ দাবীৰে ১৯৮৭ চনৰ পৰা সংগ্ৰাম আৰম্ভ কৰিছিল । ১৯৬৩ চনতে দোতমাতে শিক্ষাজীৱনৰ পাতনি মেলি পৰবৰ্তী পৰ্যায়ত গুৱাহাটী কটন মহাবিদ্যালয়লৈকে শিক্ষা গ্ৰহণ কৰা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম  ১৯৮৬ চনত এবছুৰ সভাপতি ৰূপে নিৰ্বাচিত হোৱাৰ পিছতে বডোলেণ্ড ৰাজ্য গঠনৰ সংগ্ৰাম তীব্ৰতৰ কৰি তুলিছিল। আজি দোতমাৰ থুলুংগাপুৰীত অনুষ্ঠিত হোৱা বডোফাৰ জন্ম দিৱস তথা ছাত্র দিৱস উদযাপন অনুষ্ঠানত ইউ এন একাডেমীৰ সঞ্চালক কৃষ্ণ গোপাল বসুমতাৰী , বডোফা ইউএনবি ট্ৰাষ্টৰ সভাপতি ড: ছুবুং মুছাহাৰী , জিলা এবছুৰ নেৰ্তৃবৰ্গকে ধৰি বহুসংখ্যক ছাত্র ছাত্ৰীয়েও অংশগ্ৰহণ কৰি অনুষ্ঠানি জীপাল কৰি তোলে । 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.