কোকৰাঝাৰ, ২২ আগষ্ট : বিটিচি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অঞ্চলটোত পূৰ্বৰ বিপিএফ দলৰ শাসন কালছোৱাত সংঘটিত হোৱা বিভিন্নধৰনৰ বিত্তীয় তথা নিযুক্তি সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আৰক্ষীয়ে তদন্ত চলোৱা কাৰ্যই বিটিএডিৰ ৰাজনৈতিক ক্ষেত্ৰখনতো তোলপাৰ লগাইছে ৷
এনে এক উত্তপ্ত ৰাজনৈতিক নিৰ্বাচনী পৰিবেশৰ মাজতে আজি কোকৰাঝাৰ আৰক্ষীয়ে জিলাখনৰ এগৰাকী চিকিৎসকক গ্ৰেপ্তাৰ কৰা ঘটনাই বিটিএডিৰ সদৰ চহৰ কোকৰাঝাৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষীৰ এটা বিশেষ সূত্ৰই জানিবলৈ দিয়া মতে,চিকিৎসকগৰাকীক মাটিবাৰী সম্পৰ্কীয় এটা গোচৰৰ বাবে আটক কৰা হৈছিল ৷ কিন্তু চিকিৎসক ডাঃ সুব্ৰত মিত্ৰ ওৰফে শিবুই মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লৈ কোকৰাঝাৰ সদৰ থানাত উপস্থিত হয় ৷
সূত্ৰটোৰ মতে,পৰৱৰ্তী সময়ত অৰ্থাৎ শুকুৰবাৰে আন এটা গোচৰৰ অধীনত চিকিৎসক মিত্ৰক গ্ৰেপ্তাৰ কৰা হয় ৷ কোকৰাঝাৰ আৰক্ষীৰ এক সূত্ৰমতে কোকৰাঝাৰ সদৰ থানাত চিকিৎসকগৰাকীৰ বিৰুদ্ধে ২৬০/২০২০ নম্বৰৰ পঞ্জীয়নভুক্ত হোৱা গোচৰ মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৪৪৮/৩২৫/৩৮৪/৩৭৯/৪২০/৫০৬ আইপিচি-আৰ/ডব্লিউ ছেক্সন ২৫ (১-এ) অধীনত চিকিৎসকগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে ৷
ইপিনে শুকুৰবাৰে সন্ধিয়া চিকিৎসকগৰাকীক কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ বাবে ভৰ্তি কৰোৱা হৈছে ৷ আজি চিকিৎসকগৰাকীক আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে ৷ তাৰ পৰৱৰ্তী সময়ছোৱাত পুনৰ আৰক্ষীয়ে নিজৰ জিম্মালৈ ল'ব বুলিও আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিছে ৷ আনফালে কোকৰাঝাৰ চহৰৰ তিনি নং ৱাৰ্ড সুভাষপল্লীস্থিত চিকিৎসক মিত্ৰৰ বাসভৱনত আৰক্ষীৰ এটা দলে অভিযান চলোৱা বুলি জানিব পৰা গৈছে ৷
অৱশ্যে অভিযানৰ সময়ছোৱাত চিকিৎসকগৰাকীৰ বাসভৱনৰ পৰা সন্দেহজনক কোনো নথিপত্ৰ বা আন সা-সামগ্ৰী জব্দ কৰা হৈছে নে নাই সেই সন্দৰ্ভত তদন্তৰ স্বাৰ্থত তথ্য প্ৰকাশৰ পৰা আৰক্ষীয়ে বিৰত থাকে ৷ তদুপৰি সাংবাদিকৰ এটা দলে চিকিৎসকগৰাকীৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ আন সদস্যসকলৰ পৰা ঘটনা সম্পৰ্কে মতামত জানিব বিচাৰি যোগাযোগ কৰা হয় যদিও পৰিয়ালৰ সদস্যসকলে মন্তব্য প্ৰদানৰ পৰা বিৰত থাকে ৷
উল্লেখ্য যে, বিটিচি পৰিষদীয় নিৰ্বাচনৰ আগে আগে দুৰ্নীতি বিত্তীয় কেলেংকাৰী,নিযুক্তি সম্পৰ্কীয় কেলেংকাৰীৰ সৈতে জৰিত থকা বহু ৰৌ-বৰালি আৰক্ষীৰ জালত পৰিব বুলি আৰক্ষীৰ ভাষ্যত স্পষ্ট ইংগিত বহন কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : প্ৰথমে আগিয়া ছোফিয়া, এইবাৰ গীৰ্জাঘৰ; বিশ্ব সংস্কৃতিৰ প্ৰতি ভাবুকি তুৰ্কীৰ ৰাষ্ট্ৰপতি