ETV Bharat / state

কোকৰাঝাৰৰ তিনিটা বিধানসভা সমষ্টিত ভোটদান শান্তিপূৰ্ণ - kokrajhar poll completed peacefully assam etv bharat news

কোকৰাঝাৰৰ ৩০ নং পূৱ কোকৰাঝাৰ বিধানসভা সমষ্টিত ৮২ শতাংশ, ২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিত ৮৪.২১ শতাংশ আৰু ২৮ নং গোঁসাইগাঁও বিধানসভা সমষ্টিত ৮৩.০১ শতাংশ ভোটদান সম্পন্ন হয় ।

kokrajhar-poll
কোকৰাঝাৰ জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ ভোটদান শান্তিপূৰ্ণ
author img

By

Published : Apr 6, 2021, 10:54 PM IST

কোকৰাঝাৰ,6 এপ্ৰিল: অৱশেষত শান্তিপূৰ্ণভাৱে অন্ত পৰিল কোকৰাঝাৰৰ তিনিটা বিধানসভা সমষ্টিৰ ভোটদান ৷ জিলাখনৰ তিনিটা সমষ্টিৰ সামগ্ৰিক ভোটদানৰ হাৰ প্ৰায় ৮৩ শতাংশ ৷ ইভিএমত তথা ষ্ট্ৰং ৰুমত বন্দী হৈছে ২৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ মঙলবাৰে পুৱাৰে পৰা জিলাখনৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে দীঘলীয়া শাৰী পাতি ভোটদান কৰে ।

৩০ নং পূৱ কোকৰাঝাৰ বিধানসভা সমষ্টিত ৮২ শতাংশ, ২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিত ৮৪.২১ শতাংশ আৰু ২৮ নং গোঁসাইগাঁও বিধানসভা সমষ্টিত ৮৩.০১ শতাংশ ভোটদান সম্পন্ন হয় । পুৱাৰ ভাগত দুই-এঠাইত ইভিএম আৰু ভিভিপেটত কিছু বিসংগতিৰ সৃষ্টি হয় যদিও প্ৰশাসনে তৎপৰতাৰে ঠিক কৰাত সুকলমে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হয় ।

কোকৰাঝাৰৰ তিনিটা বিধানসভা সমষ্টিত ভোটদান শান্তিপূৰ্ণ

অৱশ্যে ইয়াৰ মাজতে উৰা বাতৰিক কেন্দ্ৰ কৰি দুৰামাৰি-মোজাবাৰী ভোটগ্ৰহণ কেন্দ্ৰত উত্তেজনাৰ সৃষ্টি হয় ৷ জিলাখনৰ ৰিটাৰ্ণিং বিষয়া ভাস্কৰ ফুকনে জিলাখনত নিৰ্বাচন শান্তিপূৰ্ণ হোৱা বুলি সদৰী কৰি নিৰ্বাচন প্ৰক্ৰিয়া শান্তিপূৰ্ণ কৰি তোলাৰ বাবে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে চাওকঃ ২৮ বছৰ পাচত ডি ভোটাৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.