কোকৰাঝাৰ, ৩১ মে': দ্বিতীয়বাৰৰ বাবে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতেই অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে । সোমবাৰে বিয়লি জিলাখনৰ গোসাইগাঁও মহকুমাৰ অসম-পশ্চিমবংগ সীমান্তৰ শিমুলটাপু গাঁৱত আৰক্ষীৰ গুলীত শাহজালাল শ্বেখ(54) নামৰ চোৰাং গৰু সৰবৰাহকাৰী জন আহত হয় ।
প্ৰাপ্ত বাতৰি অনুসৰি জিলাখনৰ গোসাঁইগাঁওৰ 1 নং শিমুলটাপু গাঁৱত গৰু চিণ্ডিকেট চক্ৰৰ নায়ক তথা বিভিন্ন অপৰাধমূলক গোচৰত অভিযুক্ত শাহজালাল শ্বেখক কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিবলৈ যাঁওতেই উক্ত ঘটনাটো সংঘটিত হয় । আৰক্ষীৰ দল দেখি শাহজালাল শ্বেখে আৰক্ষীলৈ লক্ষ্য কৰি দুই জাঁই গুলি নিক্ষেপ কৰি পলায়নৰ চেষ্টা কৰাত অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ নেৰ্তৃত্বত যোৱা আৰক্ষীৰ দলটোৱে ইয়াৰ প্ৰত্যুত্তৰত গুলীচালনা কৰে ।
আৰক্ষীৰ গুলীচালনাত শাহজালাল শ্বেখৰ ভৰি গুলিবিদ্ধ হয় । আৰক্ষীয়ে শাহজালাল শ্বেখৰ পৰা এটা পিষ্টল আৰু চাৰিজাঁই সজীৱ গুলি উদ্ধাৰ কৰে । আহত শাহজালাল শ্বেখক চিকিৎসাৰ বাবে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পাছলৈ উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । উল্লেখ্য যে, দুবাৰকৈ জেলৰ ভাত খোৱা শাহজালাল শ্বেখে ইয়াৰ পূৰ্বেও আৰক্ষীক আক্ৰমণ কৰা গোচৰত অভিযুক্ত হৈ আছিল ।
লগতে পঢ়ক : শান্তি নিৱাস বৃদ্ধাশ্ৰমলৈ কিয় আহিল বিধায়ক জয়ন্ত মল্ল বৰুৱা ?