চিৰাং, 28 এপ্ৰিলঃ সোমবাৰৰ পৰা বিটিচিত প্ৰৱৰ্তন কৰা হ’ল ৰাজ্যপালৰ শাসন ৷ এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াই ৷ চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই সাংসদ গৰাকীয়ে কয় যে,অবশেষত বড়ো স্বায়ত্ব শাসিত পৰিষদত হাগ্ৰামা মহিলাৰীৰ 16 বছৰীয়া শাসনৰ অন্ত পৰিল ৷ লগতে সকলো ঠিকে থাকিলে চলিত বৰ্ষৰ চেপ্তেম্বৰ মাহলৈ বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি আশা ব্যক্ত কৰে সাংসদ নৱ শৰণীয়াই ৷
আনহাতে, হাগ্ৰামা মহিলাৰীৰ শাসন কালত বিটিচিত উন্নয়ন লেহেমীয়া হোৱাৰ উপৰিও অঞ্চটোত উগ্ৰপন্থী সমস্যা সমূহেও গা কৰি উঠিছিল ৷ কিন্তু মঙলবাৰৰ পৰা আৰম্ভ হ’বলগীয়া ৰাজ্যপালৰ শাসনে বিটিচিত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰে সাংসদ নৱ শৰণীয়াই ৷ ইয়াৰ উপৰিও বিপিএফ দলৰ মাজত সৃষ্টি হোৱা কন্দলে সম্প্ৰতি দলটোৰ ফোপোলা স্বৰূপকে উদঙাই দিছে বুলিও ব্যক্ত কৰে সাংসদ গৰাকীয়ে ৷
লগতে পঢ়ক-সংকটত এছিয়াৰ বৃহত্তম কলৰ বজাৰখন