কোকৰাঝাৰ,18 অক্টোবৰঃ ৰাজ্যৰ আন প্ৰান্তৰ লগতে কোকৰাঝাৰতো কাতি বিহুপালন কৰে চহা ৰাইজে ৷ বি টি এ ডিৰ মুখ্য সদৰ কোকৰাঝাৰত শুকুৰবাৰে বড়ো জনগোষ্ঠীৰ লোকসকলে প্ৰাচীন কালৰ পৰম্পৰা অনুসৰি "কাটি গাছা" উৎসৱ পালন কৰে। আহিনৰ শেষৰ দিনটো বড়ো লোকসমাজে আলোকৰ উৎসৱ হিচাপে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা পালন কৰি আহিছে । অতীজৰে পৰা কৃষিজীৱি ৰাইজে কাতি বিহু বা বড়ো সকলৰ মতে "কাটি গাছা"কো ৰঙালী আৰু ভোগালী বিহুৰ দৰেই আদৰেৰে পালন কৰি আহিছে ৷
![KOKRAJHAR KATI GASA CELEBRATION BY BODO PEOPLE](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4796804_kokrajhar.jpg)
উল্লেখ্য যে বিভিন্ন কৃষি সম্পৰ্কীয় বিশ্বাস,ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ স’তে নিবিড় ভাৱে জড়িত হৈ আছে অতীজৰে পৰা। কাতি বিহু উপলক্ষে বড়ো আই মাতৃ সকলে ঘৰৰ দুৱাৰ,আলি-পদূলি,পৰিষ্কাৰ-পৰিচ্ছন্ন কৰাৰ লগতে ৰীতি নীতি অনুসৰি লক্ষ্মী দেৱীক আৰাধনা কৰি আহিছে ৷ কৃষিজীৱি লোকসকলৰ সৈত নিবিড় সম্পৰ্ক থকা কাতি বিহু বহু জাতি জনগোষ্ঠীয়ে পালন কৰা দেখা যায় ৷ কোকৰাঝাৰৰ আদাবাৰীৰ সেউজীয়া ধাননি পথাৰত বড়ো জনগোষ্ঠীৰ লোকসকলে "কাটি গাছা" উপলক্ষে বন্তি জ্বলাই লক্ষ্মী দেৱীলৈ উচৰ্গা কৰে ৷