কোকৰাঝাৰ,22 জানুৱাৰী: সদৌ অসম কৰ্মচাৰী পৰিষদৰ কোকৰাঝাৰ জিলা সমিতিৰ বাৰ্ষিক সাধাৰণ সভা আৰু মুকলি অধিৱেশন খন শুকুৰবাৰে এদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷ পুৱা 10 বজাত সংগঠনৰ পতাকা উত্তোলনেৰে বাৰ্ষিক সাধাৰণ সভা আৰু মুকলি অধিৱেশনৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কৰ্মচাৰী পৰিষদৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি অশোক কুমাৰ মহন্তই ৷ পুৱা 10-15 বজাত স্মৃতি তৰ্পন কৰে পৰিষদৰ জিলা সাধাৰণ সম্পাদক কমল দেবনাথে আৰু ইয়াৰ পিছতে বৃক্ষ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিষদৰ জিলা উপদেষ্টা বাবুল সৰকাৰে ৷ পুৱা 11 বজাৰ পৰা কাৰ্যনিৰ্বাহক সভা আৰু দুপৰীয়া 12 বজাৰ পৰা অনুষ্ঠিত হয় ৷ প্ৰতিনিধি সভা উদ্বোধন কৰে মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ জিলা সম্পাদক ফৈলাও ব্ৰহ্মই ৷ আনপিনে বিয়লী দুই বজাৰ পৰা কৰ্মচাৰী পৰিষদৰ মুকলি অধিৱেশন অনুষ্ঠিত হয় ৷
কোকৰাঝাৰ জিলা উপায়ুক্ত ভাস্কৰ ফুকনে উদ্বোধন কৰা মুকলি অধিৱেশনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান মৃণাল দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে ৷ আনহাতে, সাংবাদমাধ্যমৰ আগত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কোকৰাঝাৰ জিলা সভাপতি অশোক কুমাৰ মহন্তই কয়, ৰাজ্যৰ প্ৰায় পাচঁ লক্ষাধিক কৰ্মচাৰীৰ বিভিন্ন সমস্যা আছে আৰু সময় বাগৰাৰ লগে লগে কৰ্মচাৰী সকলৰো সমস্যা বাঢ়ি গৈ আছে ৷ চৰকাৰী কৰ্মচাৰী সকলৰ এই সমস্যা ৰাজিৰ বিষয়ে উল্লেখ কৰি অতিশীঘ্ৰে চৰকাৰক এই সমস্যাসমূহ সমাধান কৰাৰ বাবে আহবান জনাইছে ৷ উল্লেখ্য যে, কৰ্মচাৰী পৰিষদৰ আজিৰ মুকলি অধিৱেশনৰ সভাত ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰাপ্যক গৌতম দেৱ শৰ্মা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ চন্দ্ৰ কলিতা , কৰ্মচাৰী পৰিষদৰ জিলা উপদেষ্টা মলয় চৌধুৰী, অধ্যক্ষ তথা কৰ্মচাৰী পৰিষদৰ জিলা উপদেষ্টা পৰমেশ্বৰ ব্ৰহ্ম আৰু পূৰ্ণিমা ব্ৰহ্মক সম্বৰ্ধনা জনোৱা হয় ৷
লগতে পঢ়ক-অৰুণাচলৰ উজনি সোৱণশিৰিৰ পিচত এইবাৰ টাৱাঙত চীনৰ বিৰুদ্ধে প্ৰতিবাদ