ETV Bharat / state

মহাষ্টমীৰ দিনা মা-দুর্গাৰ আশিষ বিচাৰি পূজাথলিত হাগ্ৰামা মহিলাৰীৰ - ৰাজ্যৰ স্বাস্থ্য বিভাগ

ৰাজ্যৰ লগতে দেশৰ শান্তি তথা মঙ্গল কামনা আৰু ভয়াৱহ কৰ'ণা ভাইৰাছৰ পৰা শীঘ্ৰেই পৰিত্ৰাণ পাবলৈ মা-দুর্গাৰ ওচৰত আশিষ লোৱাৰ পাছতে অহা বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফে বেছি আসন পাই চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

kokrajhar-durga-puja
মহাষ্টমীৰ দিনা মা-দুর্গাৰ আশিষ বিচাৰি পূজা অৰ্চনা হাগ্ৰামা মহিলাৰীৰ
author img

By

Published : Oct 24, 2020, 6:01 PM IST

কোকৰাঝাৰ, 24 অক্টোবৰ : আজি মহাষ্টমী পূজা ৷ কৰ'ণা আতংকৰ মাজতে ৰাজ্যবাসীয়ে পালন কৰিছে দুৰ্গা পূজা ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰা সকলো নিয়ম মানি পূজা সমিতি সমূহেও আয়োজন কৰিছে পূজা ৷ শংখ-ধ্বনি, মন্ত্ৰোচ্চাৰণেৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰ এতিয়া মুখৰিত হৈ পৰিছে ভক্তি ৰসেৰে ৷ আজি মহাষ্টমী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কোকৰাঝাৰতো চলিছে পূজাৰ আয়োজন ৷

kokrajhar-durga-puja
মহাষ্টমীৰ দিনা মা-দুর্গাৰ আশিষ বিচাৰি পূজা অৰ্চনা হাগ্ৰামা মহিলাৰীৰ

আজি পবিত্ৰ অষ্টমীৰ দিনা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ চহৰত পূজা মণ্ডপে মণ্ডপে গৈ মা-দুর্গাৰ শ্ৰীচৰণত সেৱা জনাই পূজা-অৰ্চনা কৰে ৷ ৰাজ্য আৰু দেশত শান্তি কামনা কৰি আৰু ভয়াৱহ কৰ'ণা ভাইৰাছৰ পৰা শীঘ্ৰেই পৰিত্ৰাণ পাবলৈ মা-দুর্গাৰ ওচৰত সেৱা লোৱাৰ পাছতে অহা বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফে বেছি আসন পাই চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

আনফালে বিপিএফৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিটিচিৰ কাৰ্যবাহী সদস্য দণেশ্বৰ গয়াৰী আৰু ৰাজীৱ ব্ৰহ্মও বিভিন্ন পূজাস্থলীত গৈ মা-দুৰ্গাক পূজা অৰ্চনা আগবঢ়োৱা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক: ক'ভিড প্ৰটকলৰ মাজেৰে কৰিমগঞ্জত মহাষ্টমী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.