ETV Bharat / state

কোকৰাঝাৰত ড্ৰাগছ প্ৰতিৰোধৰ বাবে বড়োলেণ্ড ছাত্ৰ সন্থাৰ বাটৰ নাট - BTAD KOKRAJHAR

ড্ৰাগছৰ পৰা বাচি থাকক, সুৰক্ষিত থাকক, এই শ্ল'গানেৰে কোকৰাঝাৰত শুকুৰাবাৰৰ পৰা আৰম্ভ হৈছে সজাগতামূলক কাৰ্যসূচী ৷ বাটৰ নাট প্ৰদৰ্শনৰ জৰীয়তে নৱ প্ৰজন্মক ড্ৰাগছৰ পৰা আতৰি থকাৰ আহ্বান কোকৰাঝাৰ জিলা বড়োলেণ্ড ছাত্ৰ সন্থাৰ ৷

কোকৰাঝাৰত ড্ৰাগছ প্ৰতিৰোধৰ বাবে বড়োলেণ্ড ছাত্ৰ সন্থাৰ বাটৰ নাট
author img

By

Published : Oct 25, 2019, 9:12 PM IST

কোকৰাঝাৰ, 25 অক্টোবৰঃ বিটিএডি মুখ্য সদৰ কোকৰাঝাৰ চহৰত দিনক দিনে ড্ৰাগছ সেৱন কাৰ্য বৃদ্ধি পোৱাত নৱ প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি ড্ৰাগছ প্ৰতিৰোধ কৰা পন্থা গ্ৰহণ কৰি শুকুৰবাৰৰ পৰা এক সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে কোকৰাঝাৰ জিলা বড়োলেণ্ড ছাত্ৰ সন্থা চমুকৈ বি এছ ইউয়ে। এই কাৰ্যসূচীৰ প্ৰথমদিনা সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰে কোকৰাঝাৰৰ হলটোগাঁও তিনিআলিত। হলটোগাঁও তিনিআলিত থকা সাপ্তাহিক বজাৰত বহু সংখ্যক লোকৰ উপস্থিতত বৰ্তমানৰ নৱ প্ৰজন্মই ড্ৰাগছ সেৱন কৰি নিজৰ উজ্বল ভৱিষ্যত ধ্বংস কৰাৰ সম্পৰ্কত এখনি বাটৰ নাট প্ৰদৰ্শন কৰে সংগঠনটোৰ উদ্যোগত ৷

kokrajhar drugs awareness campaign by korajhar bodo land student union assam bsu
বাটৰ নাট উপভোগ কৰি থকা মূহুৰ্তত একাংশ লোক
বাটৰ নাটৰ জৰিয়তে নৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা আনিবলৈ চেষ্টা কৰা হয় কোকৰাঝাৰত ৷ এই ক্ষেত্ৰত জিলাখনৰ বি এছ ইউৰ সভাপতি দেৰহাসদ ব্ৰহ্মই সকলো অভিভাৱকক,সমাজক অন্ধকাৰ ভৱিষ্যতলৈ গতি কৰা নৱ প্ৰজন্মক উজ্বল ভৱিষ্যতলৈ ঘূৰাই অনাৰ বাবে সজাগ হবলৈ আহ্বান জনোৱাৰ লগতে এই সজাগতামূলক পন্থাৰ প্ৰতি সঁহাৰি জনাবলৈ ৰাইজক আহ্বান জনায়।
কোকৰাঝাৰত ড্ৰাগছ প্ৰতিৰোধৰ বাবে বড়োলেণ্ড ছাত্ৰ সন্থাৰ বাটৰ নাট

লগতে চাওকঃ গাড়ী চলোৱাৰ যোগ্যতা অৰ্জন কৰিলে আৰক্ষী আয়ুক্ত দীপক কুমাৰে

Intro:বিটিএডি মুখ্য সদৰ কোকৰাঝাৰ চহৰত দিনক দিনে ড্ৰাগছ সেৱন কাৰ্য বৃদ্ধি পোৱা নৱ প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি ড্ৰাগছ প্ৰতিৰোধ কৰা পন্থা গ্ৰহণ কৰি আজিৰেপৰা স জাগতামূলক বাটৰ নাট প্ৰদৰ্শন আৰম্ভ কৰিছে কোকৰাঝাৰ জিলা বড়োলেণ্ড ছাত্ৰ সন্থা চমুকৈ বি এছ ইউয়ে।

Body:আজি পপ্ৰথম সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰে কোকৰাঝাৰৰ হলটোগাঁও তিনিআলিত। হলটোগাঁও তিনিআলিত থকা সাপ্তাহিক বজাৰত বহু সংখ্যক সাধাৰণ ৰাজ্যৰ উপস্থিতত বৰ্তমানৰ নৱ প্ৰজন্মই ড্ৰাগছ সেৱন কৰি নিজৰ উজ্বল ভৱিষ্যত ধ্বংস কৰিবলৈ আৰম্ভ কৰাক নাটৰ জুৰীয়তে সজাগতৰে বিজাবলৈ চেষ্টা কৰে আৰু নৱ প্ৰজন্মই ড্ৰাগছ আসক্ত হোৱাত সকলো অভিভাবগে নিজৰ নিজৰ সন্তানক নজৰ আৰু যত্ন লোৱাৰ উচিত সেই সম্পৰ্কও প্ৰদৰ্শন কৰে।

Conclusion:বাটৰ নাটৰ জৰিয়তে নৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা আনিবলৈ চেষ্টা কৰা কোকৰাঝাৰ জিলা বি এছ ইউৰ সভাপতি দেৰহাসদ ব্ৰহ্মই সকলো অভিভাৱক, সমাজক অন্ধকাৰ ভৱিষ্যতলৈ গতি কৰা নৱ প্ৰজন্মক উজ্বল ভৱিষ্যতৰলৈ ঘূৰাই অনাৰ বাবে সজাগ হবলৈ আহ্বান জনোৱা লগতে এই সজাগতামূলক পন্থাৰ প্ৰতি সঁহাৰি জনাবলৈ ৰাইজক আহ্বান জনায়।

byte- দেৰহাসদ ব্ৰহ্ম, সভাপতি বড়োলেণ্ড ছাত্ৰ সন্থা, কোকৰাঝাৰ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.