কোকৰাঝাৰ ২৬ ডিচেম্বৰ: কোকৰাঝাৰ জিলাৰ ফকিৰাগ্রামত শনিবাৰে বাছফৰ সমাজৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় । এই সভা অনুষ্ঠিত কৰি বাছফৰ সমাজ সেৱা সমিতিয়ে ১১ জনীয়া ফকিৰাগ্রাম আঞ্চলিক সমিতি গঠন কৰে । সভাখনত কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি ৰঞ্জিত বাছফৰ, সাধাৰণ সম্পাদক বিশাল বাছফৰৰ লগতে সংগঠনটোৰ আন কেইবাগৰাকী নেতা উপস্থিত থাকি নতুন সমিতিখনৰ সভাপতিৰ দায়িত্বত পৰমা বাছফৰ, সাধাৰণ সম্পাদকৰ দায়িত্বত বীৰ্জু বাছফৰ আৰু অর্জুন বাছফৰক ধন ভড়ালীৰ দায়িত্ব দিয়ে ।
লগতে পঢ়ক: গৃহমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে আমিনগাঁৱত মুখ্যমন্ত্ৰী সোণোৱাল