ETV Bharat / state

কোকৰাঝাৰত বিটিচি নিৰ্বাচনৰ নামত ক'ভিড-19 ৰ গাইডলাইন ভংগৰ অভিযোগ - সামাজিক দুৰত্ব

বিটিএডিত নিৰ্বাচনৰ নামত কোকৰাঝাৰত ক'ভিড-19 ৰ গাইডলাইন ভংগ কৰাৰ অভিযোগ ৷ কোনো ধৰণৰ নীতি-নিৰ্দেশনা পালন নকৰি সাধাৰণ ভোটাৰক নিৰ্বাচনী সভালৈ লৈ অহাৰ অভিযোগ উত্থাপন হৈছে ৰাজনৈতিক দল সমূহৰ বিৰুদ্ধে ৷

Kokrajhar BTC Election, Political Party Break Covid-19 Guiedline
কোকৰাঝাৰত বিটিচি নিৰ্বাচনৰ নামত ক'ভিড-19 ৰ গাইডলাইন ভংগৰ অভিযোগ
author img

By

Published : Sep 2, 2020, 10:22 PM IST

কোকৰাঝাৰ, 2 ছেপ্তেম্বৰ : দেশত মহামাৰী কৰ’ণা ভাইৰাছৰ গণ সংক্ৰমণ আৰু দেশজুৰি অব্যাহত থকা আনলক্-5 ৰ সময়ছোৱাত বিটিএডিত আৰম্ভ হৈছে নিৰ্বাচনী বতাহ ৷ কিন্তু নিৰ্বাচনৰ নামত একাংশ লোকে ক'ভিড-19 ৰ গাইডলাইন অমান্য কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ বিপিএফ, বিজেপি আৰু ইউপিপিএল আৰু গণ সুৰক্ষা পাৰ্টিয়ে কৰ'ণাৰ ভয়াবহতাৰ মাজতে সভা-সমিতি আয়োজন কৰি আনলক্-5 ৰ গাইড লাইনত নিৰ্ধাৰিত কৰি দিয়া সংখ্যাতকৈ অধিক জনতাৰ সমাবেশ ঘটোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

কোকৰাঝাৰত বিটিচি নিৰ্বাচনৰ নামত ক'ভিড-19 ৰ গাইডলাইন ভংগৰ অভিযোগ

ইফালে, বিটিচি নিৰ্বাচনৰ আগত বিটিএডিৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাত কৰ’ণাৰ গণ সংক্ৰমণৰ ভয়াবহতাৰ দিশে গতি কৰাৰ সম্ভৱনা প্ৰকট হৈ উঠিছে ৷ ইয়াৰ মাজতে বিটিচি পৰিষদৰ নিৰ্বাচনক লৈ ৰাজনৈতিক দলবোৰৰ ক্ষমতা দখলৰ কুচকাৱাজ আৰু শক্তি প্ৰদৰ্শন কৰিব গৈ সাধাৰণ ভোটাৰ ৰাইজক বিভিন্ন লালসা দি সভা-সমিতিত বাহনৰে মানুহ আনি সামাজিক দূৰত্ব পালন নকৰা আৰু মাস্ক পৰিধান নকৰা দৃশ্যই কৰ’ণাৰ গণ সংক্ৰমণৰ ভয়াবহতাৰ দিশে গতি কৰাৰ আশংকাত ভুগিছে স্বাস্থ্য বিভাগেও ৷

উল্লেখ্য যে, কোকৰাঝাৰ জিলাত বৰ্তমানলৈ ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা 1810 জনলৈ বৃদ্ধি হোৱাই নহয় বুধবাৰে তিনি গৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ ইয়াৰে, ক'ভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোক কেইগৰাকী হ'ল, ডালিমী বসুমতাৰী, বৰ্নবাশ মূৰ্মূ আৰু নাৰায়ন সৰকাৰ বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে ৷ বৰ্তমানলৈ কোকৰাঝাৰ জিলাত ক'ভিড-19 ত মৃত্যুৰ সংখ্যা 12 গৰাকীলৈ বৃদ্ধি ৷

লগতে পঢ়ক : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে কলিয়াবৰত বন্তি প্ৰজ্বলন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.