ETV Bharat / state

কোকৰাঝাৰত বি পি এফৰ বাইক ৰেলীত আৰক্ষীৰ বাধা

কোকৰাঝাৰত উলিওৱা বি পি এফৰ বাইক ৰেলীত আৰক্ষীৰ বাধা প্ৰদান। অহা ২৭ অক্টোবৰৰ পূৰ্বে বি টি চিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বাইক ৰেলীৰ আয়োজন বি পি এফৰ ।

কোকৰাঝাৰত বি পি এফৰ বাইক ৰেলীত আৰক্ষীৰ বাধা
কোকৰাঝাৰত বি পি এফৰ বাইক ৰেলীত আৰক্ষীৰ বাধা
author img

By

Published : Oct 1, 2020, 5:19 PM IST

কোকৰাঝাৰ, ১অক্টোবৰ : কৰ'ণাৰ সংকটকালত বাইক ৰেলীৰ আয়োজন কৰি আৰক্ষীৰ বাধাৰ সন্মুখীন হ'ল বি পি এফ । বি টি চিত কৰ'ণা মহামাৰীৰ সংক্ৰমণ বৃদ্ধিৰ আশংকাত নিৰ্বাচনৰ দিন পিছুৱাই দিয়া হৈছে । হাগ্ৰামা মহিলাৰীৰ শাসনকাল অন্ত পৰাৰ পিছত বৰ্তমান ৰাজ্যপালৰ শাসন অব্যাহত আছে বি টি চিত । ৰাজ্যপালৰ শাসন অব্যাহত থকাক লৈ আপত্তি দৰ্শাই অহা বি এ পি এফে চৰকাৰৰ নিৰ্দেশক আওকাণ কৰি বৃহস্পতিবাৰে বাইক ৰেলী উলিয়ায় । কিন্তু কোকৰাঝাৰত বাইক ৰেলীত বাধা প্ৰদান কৰে আৰক্ষীয়ে ।

মহামাৰীৰ সংক্ৰমণ বৃদ্ধিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিছে । অধিক জনসমাগম হোৱাৰ বাবে বৃহস্পতিবাৰে বি পি এফৰ কৰ্মকৰ্তাই উলিওৱা বাইক ৰেলীত বাধা প্ৰদান কৰে আৰক্ষীয়ে । অহা ২৭ অক্টোবৰ অৰ্থাৎ ৰাজ্যপালৰ শাসন অন্ত পৰা পূৰ্বে বি টি চিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰা ধাৰাবাহিক আন্দোলনৰ অংশ হিচাপে বৃহস্পতিবাৰেও বি টি চিৰ বিভিন্ন প্ৰান্তত বি পি এফে বাইক ৰেলী উলিয়ায় ।

কোকৰাঝাৰ জিলাৰ শালাকাটি ব্লকত বি পি এফে তিতাগুৰিৰ পৰা আৰম্ভ কৰিবলৈ লোৱা বাইক ৰেলীত প্ৰশাসনৰ অনুমতি নাই বুলি বাধা আৰোপ কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে । আৰক্ষীৰে আলোচনাৰ পিছত বাইক ৰেলী উঠাই লয় বি পি এফৰ কাৰ্যকৰ্তাই ।

লগতে পঢ়ক : এজাক বৰষুণতে পানীত বুৰ যোৱা এটা পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.