ETV Bharat / state

এবিএমছুৱে এনআৰচি প্ৰস্তুতকৰণত বাধা দিছে- বি.জে.এছ.এম - BTAD

মঙলবাৰে এক প্ৰেছ বিবৃতি যোগে জনজাতি সুৰক্ষা মঞ্চই শীঘ্ৰে ১৯৫১ চন ভিত্তিবৰ্ষ হিচাপে লৈ এনআৰচি প্ৰস্তুতকৰণৰ দাবী উত্থাপন কৰে ৷ লগতে এবিএমছুৱে এনআৰচি প্ৰস্তুতকৰণত বাধা দিছে বুলিও অভিযোগ সংগঠনটোৰ ৷

এবিএমছুৱে এনআৰচি প্ৰস্তুতকৰণত বাধা দিছে- বি.জে.এছ.এম
author img

By

Published : May 14, 2019, 10:53 PM IST

কোকৰাঝাৰ,১৪ মে': উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম চলি থকাৰ মাজতে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই অতি সোনকালে ১৯৫১ চন ভিত্তি বৰ্ষ হিচাপে লৈ শুদ্ধ এনআৰচি প্ৰস্তুত কৰাৰ দাবী উত্থাপন কৰিছে ৷ মঙলবাৰে এক প্ৰেছ বিবৃতিযোগে জনজাতি সুৰক্ষা মঞ্চ চমুকৈ বিজেএছএমৰ সম্পাদক জয়ন্ত বড়ো আৰু কাৰ্যকৰী সভাপতি দাওৰাউ দেখ্ৰেৱ নাৰ্জাৰীয়ে উক্ত দাবী উত্থাপন কৰে ৷ ইপিনে তেওঁলোকে জনায় যে এনআৰচি অসমৰ ভূমিপুত্ৰ সকলৰ বাবে কোনো প্ৰয়োজন নাছিল ৷ তেনেক্ষেত্ৰত নিজৰ জীয়াই থকাৰ অধিকাৰৰ হকে মাত মতাত আৰু অবৈধ প্ৰব্ৰজনকাৰীক আঙুলিয়াই দিয়াত এবিএমছুৰ কিহৰ আপত্তি বুলি সংগঠনটোৱে প্ৰশ্ন উত্থাপন কৰে ৷ লগতে এবিএমছুৱে জনজাতি আৱেষ্টনীৰ পৰা অবৈধ প্ৰব্ৰজন কাৰীকলক ওলাই যাবলৈ আহ্বান জনোবাৰ পৰিৱৰ্তে অবৈধ বেদখল কাৰীৰ হৈ মাত মাতি এনআৰচি প্ৰস্তুতকৰনত বাধা দিছে বুলি অভিযোগ উত্থাপন কৰে জনজাতি সুৰক্ষা মঞ্চই ৷

এবিএমছুৱে এনআৰচি প্ৰস্তুতকৰনত বাধা দিছে : বি.জে.এছ.এম
১৯৫১ চন ভিত্তিবৰ্ষ হিচাপে লৈ এনআৰচি প্ৰস্তুতকৰণৰ দাবী বি.জে.এছ.এম'ৰ

কোকৰাঝাৰ ১৪ মে : উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপুঞ্জীৰ কাম চলি থকাৰ মাজতে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই অতি সোনকালে ১৯৫১ চন ভিত্তি বৰ্ষ হিচাপে লৈ শুদ্ধ এনআৰচি প্ৰস্তুত কৰাৰ দাবী উত্থাপন কৰিছে ৷ আজি এক প্ৰেছ বিবৃতিযোগে জনজাতি সুৰক্ষা মঞ্চ চমুকৈ বিজেএছএমৰ সম্পাদক জয়ন্ত বড়ো আৰু কাৰ্যকৰী সভাপতি দাওৰাউ দেখ্ৰেৱ নাৰ্জাৰীয়ে উক্ত দাবী উত্থাপন কৰি লগতে কয় যে অসমত ৰাষ্ট্ৰীয় নাগৰিকপুঞ্জী উন্নীত কৰনৰ নামত ধৰ্মীয় সংখ্যালঘু সকলৰ ওপৰত হাৰাশাস্তি চলোৱা হোৱা নাই বৰঞ্চ অসমৰ ভূমিপুত্ৰ জনজাতি আৰু থলুৱা সকলে অসমৰ বৃহত্তৰ স্বাৰ্থত নিজে কষ্ট কৰি হলেও এন আৰচিৰ প্ৰক্ৰিয়াক সহযোগ কৰি আছে ৷ এনআৰচি অসমৰ ভূমিপুত্ৰ সকলৰ বাবে কোনো প্ৰয়োজনেেও নাছিল ৷ এনআৰচি কেৱল পূৱ পাকিস্তান , বাংলাদেশ,নেপাল আৰু ভূটানৰ পৰা প্ৰৱজ্বিত হোবা লোক সকলৰ বাবেহে আছিল ৷ ৫০ শতাংশৰ অধিক বসতি প্ৰধান জনজাতি গাওঁ বোৰক লৈ গঠিত সংৰক্ষিত জনজাতি বেষ্টনী আৱেষ্টনীত আজি জনজাতি সকলেই সংখ্যলঘু হৈ নিৰাপত্তাহীনতাত ভুগিছে আৰু ঘৰবাৰী, সা সম্পত্তি এৰি পলায়ন কৰি অঘৰী জীৱন অতিবাহিত কৰিছে ৷ তেনেক্ষেত্ৰত নিজৰ জীয়াই থকাৰ অধিকাৰৰ হকে মাত মতাত আৰু অবৈধ প্ৰব্ৰজনকাৰীক আঙুলিয়াই দিয়াত এবিএমছুৰ কিহৰ আপত্তি ৷ এবিএমছুৱে জনজাতি বেষ্টনী আৱেষ্টনীৰ পৰা অবৈধ প্ৰব্ৰজন কাৰীীকলক  ওলাই যাবলৈ আহ্বান জনোবাৰ পৰিৱৰ্তে অবৈধ বেদখল কাৰীৰ হৈ মাত মাতি জনজাতি সকলকহে হুমকি দি  আক্ৰমনকাৰীৰহে পৰিচয় দাঙি ধৰিছে বুলি কয় জনজাতি সুৰক্ষা মঞ্চই ৷ বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই কোনো ভাৰতীয় লোকক হাৰাশাস্তি কৰাৰ নজিৰ নাই৷ এবিএছুই অভিযোগ কৰাৰ দৰে একাংশ দল সংগঠনে এনআৰচি প্ৰক্ৰিয়াক বাধা দিয়া নাই বৰঞ্চ এবিএমছুৰ নেতৃত্বই এনআৰচি প্ৰস্তত কৰনত বাধাৰ সৃষ্টি কৰিছে ৷ সেয়ে জনজাতি সুৰক্ষা মঞ্চই সোনকালে ১৯৫১ চন ভিত্তিবৰ্ষ হিচাপে লৈ এনআৰচি প্ৰস্তুতকৰনৰ দাবী উত্থাপন কৰিছে ৷ উল্লেখ যে ৰাজ্যজুৰি এনআৰচিৰ আপত্তিকাৰীক লৈ বাক বিতণ্ডা অব্যাহত থকাৰ সময়তে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই ১৯৫১ চন ভিত্তিবৰ্ষ হিচাপে লৈ ৰাষ্ট্ৰীয় নাগৰিকপুঞ্জী উন্নীতকৰনৰ দাবী উত্থাপন কৰাত বিশেষ তাৎপৰ্যবহন কৰিছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.