ETV Bharat / state

ক’ৰণা ভাইৰাছৰ সংক্ৰমণকলৈ তৎপৰ কোকৰাঝাৰ প্ৰশাসন - তৎপৰ কোকৰাঝাৰ প্ৰশাসন

তৎপৰ কোকৰাঝাৰ প্ৰশাসন ৷ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে বিভিন্ন ব্যৱস্থা গ্ৰহণ ৷

ক’ৰণা ভাইৰাছৰ সংক্ৰমণকলৈ তৎপৰ
কোকৰাঝাৰ প্ৰশাসনৰ তৎপৰতা
author img

By

Published : Mar 23, 2020, 8:00 PM IST

Updated : Mar 23, 2020, 10:17 PM IST

কোকৰাঝাৰ, 23 মাৰ্চ : ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ পৰা দেশক ৰক্ষা কৰিবৰ বাবে বিভিন্ন ৰাজ্যই ল'কডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়তে অসম চৰকাৰেও মঙলবাৰৰ পৰা এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এইলৈ তৎপৰ হৈ পৰিছে কোকৰাঝাৰ প্ৰশাসনো ৷

কোকৰাঝাৰ প্ৰশাসনৰ তৎপৰতা

ইতিমধ্যে ৰাজ্যৰ বহুকেইখন জিলাত ব্যাপক তৎপৰতা পৰিলক্ষিত হোৱাৰ লগতে কোকৰাঝাৰ জিলা প্ৰশাসনে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে ৷ জিলাখনৰ প্ৰৱেশ দুৱাৰ ক্ৰমে ৰেল ষ্টেছন, অসম-বংগ সীমান্ত শ্ৰীৰামপুৰত চিকিৎসকৰ দলে দিনে-ৰাতিয়ে স্কেনিঙৰ জৰিয়তে স্বাস্থ্য পৰীক্ষা কৰি আহিছে ৷ ইতিমধ্যেই বাহিৰৰ পৰা আহি উপস্থিত হোৱা লোকসকলক স্বাস্থ্য পৰীক্ষা চলাই থকা হৈছে ৷

ক’ৰণা ভাইৰাছৰ সংক্ৰমণকলৈ তৎপৰ
কোকৰাঝাৰ প্ৰশাসনৰ তৎপৰতা

এই সংকটৰ সময়ত কোনো লোককে ভূৱা বাতৰিত ভুল নাযাবলৈ অনুৰোধ জনাইছে উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰে ৷ আনফালে, ঠায়ে ঠায়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী বিভাগে ৷

আৰু পঢ়ক : 24 মাৰ্চৰ পৰা 31 মাৰ্চলৈ লক ডাউন ঘোষণা অসম চৰকাৰৰ

Last Updated : Mar 23, 2020, 10:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.