কোকৰাঝাৰ, ১২ জানুৱাৰী : কোকৰাঝাৰ লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত কৰিবলৈ ইউপিপিএল আৰু বিজেপিয়ে ৰণকৌশল আৰম্ভ কৰিছে । ইয়াৰে পৰিপ্ৰেক্ষিতত শুকুৰবাৰে বডোফা সাংস্কৃতিক প্ৰকল্পত বিজেপি আৰু ইউ পি পি এল মিত্ৰজোঁটৰ জিলা পৰ্যায়ৰ যুটীয়া বৈঠক সম্পন্ন হয় ।
উক্ত বৈঠকত কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল, বিটিআৰ প্ৰধান তথা ইউ পি পি এলৰ মুৰব্বী প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিধায়ক লৰেন্স ইছলাৰী, বিধায়ক জিৰণ বসুমতাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য ক্ৰমে অৰূপ কুমাৰ দে’, ৰেওৰেওৱা নাৰ্জিহাৰী, জিলা বিজেপিৰ সভানেত্ৰী/ সম্পাদক আদিকে ধৰি দুয়োদলৰ জ্যেষ্ঠ নেতা-কৰ্মীসকল উপস্থিত থাকে ।
উক্ত বৈঠকত কোকৰাঝাৰ লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিজয় সুনিশ্চিত কৰাৰ বাবে ৰণকৌশল তৈয়াৰ কৰাৰ লগতে দুয়োদলৰ মতানৈক্য দূৰ কৰি মিত্ৰতা অধিক সুদৃঢ় কৰাত গুৰুত্ব আৰোপ কৰা হয় । ইয়াৰোপৰি দুয়োদলৰ কাৰ্যকৰ্তাই বিহুৰ পিচতে প্ৰতিগৰাকী ভোটাৰৰ কাষত অৰ্থাৎ ‘ঘৰ ঘৰ অভিযান’ৰ সিদ্ধান্ত গ্ৰহণ কৰে । জিলা পৰ্যায়ৰ পৰা বুথ পৰ্যায়লৈ প্ৰচাৰ দহদিনৰ ভিতৰতে সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি কোকৰাঝাৰ লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীক কমেও দুইলাখ ভোটৰ ব্যৱধানত জয়যুক্ত কৰিবলৈ বিজেপি আৰু ইউপিপিএলৰ নেৰ্তৃবৰ্গই সিদ্ধান্ত গ্ৰহণ কৰে ।
ইপিনে বিজেপি-ইউপিপিএলৰ জিলা পৰ্যায়ৰ যুটীয়া বৈঠক সম্পন্ন হোৱাৰ পিচতে কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে কয় যে এইবেলি কোকৰাঝাৰ লোকসভা সমষ্টিত দুই লাখ ভোটৰ ব্যৱধানত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব । দুয়োদলৰ কাৰ্যকৰ্তাই সন্তুষ্ট বুলি উল্লেখ কৰি মন্ত্ৰী সিংহলে কোকৰাঝাৰ লোকসভা সমষ্টিত এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সৈতে কোনেও প্ৰতিদ্বন্দিতাত নাহিব বুলি মন্তব্য কৰে ৷
ইপিনে সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত মন্ত্ৰী অশোক সিংহলে কয়, ‘‘ বিপিএফ-কংগ্ৰেছেও দোকান দিব । সেইবোৰ দোকানলৈ কোনো কাষ্টমাৰ নাযায় । বিপিএফৰ ম্যাদ উকলি গৈছে । কোকৰাঝাৰত শান্তি, নিৰাপত্তা অব্যাহত ৰাখিবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে পুনৰাই সকলোৱে ভোট দিব ।’’
‘‘ মোদীজীৰ গেৰাণ্টিৰ ওপৰত সকলোৰে আস্থা আছে, সকলোৱে বিশ্বাস কৰে মোডীক আৰু সেয়েহে সকলোৱে মোদীজীৰ হকেই ভোট দিব ।’’ বুলি মন্তব্য কৰি বিহুৰ পিচতে ভোটাৰৰ ঘৰে ঘৰে গৈ মিত্ৰজোঁটৰ কাৰ্যকৰ্তাসকলে ভোটাৰক সাক্ষাৎ কৰিব বুলি সদৰী কৰে মন্ত্ৰী সিংহলে । ইপিনে সভাৰ অন্তত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কয় যে কাৰ্যত নিৰ্বাচনী যুঁজ সফল কৰাৰ বাবে আজিৰে পৰা কাম কৰিব মিত্ৰজোঁটে ।
দেশে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰিব বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেৰ্তৃত্বত বিটিআৰলৈ এতিয়া পৰিৱৰ্তন আৰু শান্তি ঘূৰি আহিছে ।
বিটিআৰত সকলো জাতি-জনগোষ্ঠীয়ে নিৰাপত্তা পাইছে বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয়, ‘‘ সকলো উৎফুল্লিত হৈছে , উৎসাহিত হৈছে । পূৰ্বৰ চৰকাৰৰ দিনত সকলোৱে ভয়ে ভয়ে থাকিব লগীয়া হৈছিল ।’’
লগতে পঢ়ক: বিহু খায়েই পুৰণি ঘৰলৈ ঢাপলি মেলিব অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই