কোকৰাঝাৰ, ৮ মাৰ্চ : সমগ্ৰ দেশৰ লগতে BTR ৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰতো আজি এবছুকে ধৰি বিভিন্ন দল-সংগঠনে সুকীয়া সুকীয়া কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস(International Women's Day) উদযাপন কৰে ৷ নাৰী দিৱস উপলক্ষে কোকৰাঝাৰৰ তিতাগুৰি সমূহীয়া ভৱনত ABSU য়ে সাংগঠনিক পতাকা উত্তোলনৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । পতাকা উত্তোলন কৰে ABSU ৰ কেন্দ্ৰীয় সম্পাদিকা ৰংগিলা ৰাণী বৰগয়াৰীয়ে ৷
![International Women's Day](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-01-kjr-absu-photo-10044_08032022113049_0803f_1646719249_370.jpg)
ইয়াৰ পিছতে দেশ আৰু জাতিৰ হকে প্ৰাণ ত্যাগ কৰা বীৰাংগণাসকলৰ স্মৃতিত শ্বহীদ তৰ্পণ কৰাৰ লগতে ABSU ৰ জিলা সমিতিৰ পৌৰহিত্যত সমাজত নাৰীৰ অধিকাৰ শীৰ্ষক এখনি তত্বগধুৰ আলোচনা সভা অনুষ্ঠিত কৰে ৷
![International Women's Day](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-01-kjr-absu-photo-10044_08032022113049_0803f_1646719249_483.jpg)
অনুষ্ঠানটোত ABSU ৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়ো, সম্পাদক খনীন্দ্ৰ বসুমতাৰী, উপ-সভাপতি খৌৰমদাও ওৱাৰী ,সাহিত্য সচিব সমিত নাৰ্জাৰী আৰু প্ৰচাৰ সচিব চৰণজিৎ নাৰ্জাৰী, কাৰ্যালয় সম্পাদক বুদ্ধিৰাম বসুমতাৰী, উপ মুখপাত্ৰ বিবাৰী বড়ো প্ৰমূখ্যে এবছুৰ জিলা, আঞ্চলিকৰ ছাত্ৰ নেতা আৰু বহুসংখ্যক ছাত্ৰী উপস্থিত থাকে ৷
![International Women's Day](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-01-kjr-absu-photo-10044_08032022113049_0803f_1646719249_732.jpg)
লগতে পঢ়ক: International Women's Day : শিল্প কৰ্মৰ জৰিয়তে সফলতাৰ শিখৰ স্পৰ্শ কলিয়াবৰৰ ৰীণাৰ