কোকৰাঝাৰ, 27 জুন: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰতো পালন কৰা হয় আন্তৰ্জাতিক নিচাযুক্ত সামগ্ৰী সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস ৷ জিলা আইন সেৱা প্ৰাধিকৰণৰ আৰু কোকৰাঝাৰ আৰক্ষী বিভাগৰ যুটীয়া প্ৰচেষ্টাত কোকৰাঝাৰ কলেজত এই দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় সজাগতা সভা ৷ উক্ত সজাগতা সভাত উপস্থিত থাকে জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব বিদ্যুৎ মেধি, কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজি ৰাণী শৰ্মা, কোকৰাঝাৰ চিভিল হস্পিতালৰ মানসিক ৰোগৰ চিকিৎসক ডা: শ্ৰুতি শৰ্মা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া ত্ৰিদিব নন্দন বৰা ৷
কোকৰাঝাৰত ড্ৰাগছ বিৰোধী সজাগতা সভা - সজাগতা সভা
আন্তৰ্জাতিক নিচাযুক্ত সামগ্ৰী সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি কোকৰাঝাৰতো আয়োজন কৰা হয় সজাগতা সভা ৷
![কোকৰাঝাৰত ড্ৰাগছ বিৰোধী সজাগতা সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3674611-thumbnail-3x2-kokrajhar.jpg?imwidth=3840)
কোকৰাঝাৰ, 27 জুন: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰতো পালন কৰা হয় আন্তৰ্জাতিক নিচাযুক্ত সামগ্ৰী সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস ৷ জিলা আইন সেৱা প্ৰাধিকৰণৰ আৰু কোকৰাঝাৰ আৰক্ষী বিভাগৰ যুটীয়া প্ৰচেষ্টাত কোকৰাঝাৰ কলেজত এই দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় সজাগতা সভা ৷ উক্ত সজাগতা সভাত উপস্থিত থাকে জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব বিদ্যুৎ মেধি, কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজি ৰাণী শৰ্মা, কোকৰাঝাৰ চিভিল হস্পিতালৰ মানসিক ৰোগৰ চিকিৎসক ডা: শ্ৰুতি শৰ্মা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া ত্ৰিদিব নন্দন বৰা ৷
Body:উক্ত সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব বিদ্যুৎ মেধি, কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজি ৰাণী শৰ্মা, কোকৰাঝাৰ চিভিল হস্পিতালৰ মানসিক ৰোগৰ চিকিৎসক ডা: শ্ৰুতি শৰ্মা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া ত্ৰিদিব নন্দন বৰা উপস্থিত থাকে। উক্ত সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব বিদ্যুৎ মেধিয়ে সমাজত ব্যাধিৰূপে চানি ধৰা দ্ৰাগ আসক্তি আৰু তাৰ পৰা আঁতৰি থাকিবলৈ এক নিয়মাবৰ্তিতাপূৰ্ণ জীৱন যাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে অভিভাৱক সকলৰ সচেতনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সমাজৰ ভোগবাদী মানসিকতাই দ্ৰাগ আসক্তিৰ অন্যতম কাৰণ বুলি মত পোষন কৰে। কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজি ৰাণী শৰ্মাই ল'ৰা ছোৱালীক নিজৰ উজ্বল ভবিষ্যতৰ প্ৰতি সদা সচেতন হৈ থাকিবলৈ আহ্বান জনায়। তেওঁ কয় যে নিজৰ ভবিষ্যতক লৈ দৃঢ় ব্যক্তিয়ে কেতিয়াও বেয়া সংগৰ কৱলত নপৰে। কোকৰাঝাৰ চিভিল হস্পিতালৰ মানসিক ৰোগৰ চিকিৎসক ডা: শ্ৰুতি শৰ্মাই দ্ৰাগ আসক্ত ব্যক্তিৰ কিদৰে শাৰিৰীক অাৰু মানসিকভাৰে ধ্বংস হব পাৰে সেয়া বহলাই আলোচনা কৰে। তেওঁ আৰু কয় যে দ্ৰাগৰ কৱলত পৰা ব্যক্তিক উচিত চিকিৎসাৰ জৰিয়তে পৰিত্ৰাণ দিব পাৰি।
Conclusion:তাৰোপৰি জিলা তথ্য আৰু জনসংযোগ বিষয়া ত্ৰিদিব নন্দন বৰাই ৰাইজৰ মাজত সজাগতাৰ বাবে সকলোধৰণৰ সহযোগিতাৰ প্ৰতিশ্ৰুতি দিয়ে।