কোকৰাঝাৰ, ২৯ আগষ্ট: কোকৰাঝাৰৰ নিকটৱৰ্তী জয়পুৰ ছেকেণ্ডাৰ আলি মেমোৰিয়েল অৰ্থাৎ ছেম কলেজ অফ নাৰ্ছিঙৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷ নাৰ্ছিং কলেজখনৰ বিৰুদ্ধে শেহতীয়াকৈ উত্থাপিত হৈছিল মাচুল বৃদ্ধিকে আদি কৰি ছাত্ৰীক দুৰ্ব্যৱহাৰৰ লগতে প্ৰৱঞ্চনাৰ অভিযোগ ৷
প্ৰতিষ্ঠানটোৰ অধ্যক্ষা হুছেনআৰা বেগম আৰু সঞ্চালক শ্বেখ আব্দুলাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পাছতে সোমবাৰে নাৰ্ছিং প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে (Inquiry on Sam Nursing College Kokrajhar)৷ উল্লেখ্য যে, বৰ্ধিত মাচুল আৰু কলেজখনৰ বিভিন্ন খেলিমেলিক কেন্দ্ৰ কৰি নাৰ্ছিং প্ৰতিষ্ঠানটোৰ(Sam Nursing College Kokrajhar) হোষ্টেলত যোৱা ২৭ আগষ্টত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ যাৰ ফলত হোষ্টেলটোৰ একাংশ আৱাসীয়ে তালি-টোপোলা লৈ হোষ্টেলৰ লগতে নাৰ্ছিং প্ৰতিষ্ঠানটো ত্যাগ কৰি ঘৰমুৱা হৈছিল ৷
আৱাসী ছাত্ৰীসকলৰ অভিযোগ অনুসৰি শিক্ষানুষ্ঠানখনৰ অধ্যক্ষা হুছেনআৰা বেগম আৰু সঞ্চালক শ্বেখ আব্দুল্লা নামৰ দম্পতীয়ে মাচুল বেছিকৈ বিচৰা আদিকে ধৰি বিভিন্ন বিষয়ক লৈ আৱাসী ছাত্ৰীসকলক মানসিক হাৰাশাস্তি চলাই আহিছে ৷ নামভৰ্তিৰ সময়ত ইণ্ডিয়ান নাৰ্ছিং কাউঞ্চিল(Indian Nursing Council) অৰ্থাৎ আই এন চিৰ অধীনত পঞ্জীয়ন থকা বুলি শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই জনাইছিল ৷ সেই মৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ছাত্ৰীসকলে নাম ভৰ্তি কৰিছিল ৷ কিন্তু পিছলৈ তেওঁলোকে জানিব পাৰে যে উক্ত নাৰ্ছিং প্ৰতিষ্ঠান খনৰ আই এন চি নাই ৷
এই সমগ্ৰ বিষয়ে আলোচনা কৰাৰ বাবেই যোৱা ২৭ আগষ্টত আৱাসী ছাত্ৰীসকলে অভিভাৱকসকলক ছাত্ৰীনিবাসলৈ মাতি আনে ৷ কিন্তু অভিভাৱকসকলকো প্ৰতিষ্ঠানটোৰ অধ্যক্ষা আৰু সঞ্চালকগৰাকীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হয় ৷ ইয়াকে লৈ দুয়োপক্ষৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷
সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে (BTR chief Pramod Boro) উক্ত ঘটনাৰ তদন্ত কৰা হ’ব বুলি সোমবাৰে সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: কেজৰিৱাল অবাস্তৱ কথাত লাগি থকা বুলি ক’লে ড৹ শৰ্মাই