কোকৰাঝাৰ, ২ ফেব্ৰুৱাৰী: বিপিএফৰ শাসন কালত সংঘটিত দুৰ্নীতিৰ সকলো অধ্যায় ৰাজহুৱা কৰিবলৈ তৎপৰ হৈছে বৰ্তমানৰ মিত্ৰজোঁটৰ চৰকাৰ । পূৰ্বৰ চৰকাৰ দিনত বিভিন্ন বিভাগৰ অধীনত সম্পন্ন হোৱা উন্নয়নমূলক কাম-কাজৰ নামত সংঘটিত হোৱা বিত্তীয় অনিয়ম আৰু দুৰ্নীতি সন্দৰ্ভ তদন্তৰ কৰিবলৈ এখন অনুুুসন্ধান কমিটী গঠন কৰা হৈছে ৷ সোমবাৰে বিটিআৰৰ পৰিষদীয় ভৱনত অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানৰ অন্তত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে এই কথা প্ৰকাশ কৰে । সাংবাদিকৰ আগত প্ৰমোদ বড়োৱে কয় যে, বিটিআৰৰ পূৰ্বৰ চৰকাৰে ২,৩০০ কোটি টকাৰ বকেয়া ধন আদায় দিবলৈ বাকী আছে ৷
ইতিমধ্যে, বিটিআৰৰ নতুন পৰিষদীয় চৰকাৰে উক্ত বকেয়াৰ এক শ্বেতপত্ৰ প্ৰস্তুত কৰি উলিয়াইছে ৷ ইয়াৰ ওপৰত ভিত্তি কৰি বিভিন্ন বিভাগত তদন্ত চলোৱা হ'ব । এই তদন্ত প্ৰক্ৰিয়া চলোৱাৰ বাবে বিটিআৰৰ দুই কাৰ্যবাহী সদস্য ক্ৰমে ৰঞ্জিত বসুমতাৰী আৰু গৌতম দাসৰ নেতৃত্বত এখন অনুসন্ধান কমিটী গঠন কৰা হৈছে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷ এই অনুসন্ধান কমিটীয়ে বিভাগীয় বিষয়াৰ সৈতে লগ হৈ ইতিমধ্যে বিভাগে বিভাগে তদন্ত আৰম্ভ কৰিছে ৷ দুৰ্নীতি হোৱাৰ বিষয়ে তদন্তত পোহৰলৈ আহিলেই গোচৰ ৰুজু কৰা হ'ব আৰু দুৰ্নীতিগ্ৰস্ত লোকসকলক ৰেহাই দিয়া নহ'ব বুলিও স্পষ্ট কৰি দিয়ে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷
ইয়াৰ উপৰিও পূৰ্বৰ পৰিষদীয় চৰকাৰৰ শাসন কালত আঁচনি ৰূপায়ণৰ নামত ধন আত্মসাৎ কৰি আধাৰুৱা কাম কৰা লোকে আঁচনিৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰমোদ বড়োৱে সকিয়াই দিয়ে ৷ আনহাতে, পূৰ্বৰ চৰকাৰে বিভিন্ন বিভাগত নিযুক্তি দিয়াক লৈ গঠন কৰা কেন্দ্ৰীয় নিৰ্বাচনী ব'ৰ্ড তদন্তৰ আওতাত আছে বুলি মন্তব্য কৰে ৷ লগতে বিটিআৰ অঞ্চলত বিভিন্ন সময়ত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বলি হৈ ডাইনী সন্দেহত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালসমূহে যাতে ন্যায় লাভ কৰে তাৰ বাবে বিটিআৰ পৰিষদীয় চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলিও আশ্বাস প্ৰদান কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷
লগতে পঢ়ক:খহনীয়া ৰোধ সন্দৰ্ভত ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত বৈঠক