ETV Bharat / state

পুনৰবাৰ নৱ শৰণীয়াৰ দখলত কোকৰাঝাৰ - কোকৰাঝাৰ লোকসভা সমষ্টি

জয়লাভৰ পাছতে নৱ কুমাৰ শৰণীয়াই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো ভোটাৰ ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে ৷ উল্লেখ্য যে একালৰ প্ৰাক্তন বিদ্ৰোহী নৱ কুমাৰ শৰণীয়াই দ্বিতীয়বাৰৰ বাবে কোকৰাঝাৰৰ পৰা নিৰ্বাচিত হৈছে ৷

কোকৰাঝাৰত শেষ হাঁহি মাৰিলে নৱ শৰণীয়াই
author img

By

Published : May 23, 2019, 11:53 PM IST

Updated : May 24, 2019, 12:45 AM IST

কোকৰাঝাৰ, 23 মে': কোকৰাঝাৰ লোকসভা সমষ্টিত অৱশেষত তীব্ৰ প্ৰতিদ্বন্দিতাৰ অন্তত শেষ হাঁহি মাৰিলে নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই ৷ শৰণীয়াই প্ৰায় ৪,৭৯,২০২ ভোট পোৱাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী বিপিএফৰ প্ৰমিলা ৰাণী ব্ৰহ্মই প্ৰায় ৪,৪১,০১৭ ভোট লাভ কৰে ৷ অৰ্থাৎ প্ৰায় ৩৮,১৮৫ ভোটত জয় লাভ কৰে নিৰ্দলীয় প্ৰাৰ্থীগৰাকী ৷ তাৰোপৰি, ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই প্ৰায় ৩,০৮,৮১২ ভোট লাভ কৰি তৃতীয় স্থানত থাকে । সৰ্বমুঠ ৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰা এই সমষ্টিত কংগ্ৰেছৰ শব্দ ৰাম ৰাভাই প্ৰায় ১,৪৩,৭৩৭ ভোট লাভেৰে চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয় ৷

কোকৰাঝাৰত শেষ হাঁহি মাৰিলে নৱ শৰণীয়াই

ইয়াৰ বিপৰীতে চিপিআই(এম) ৰ বিৰাজ ডেকাই প্ৰায় ২৭,৪৩০ টা, পূৰ্বাঞ্চল জনতা পাৰ্টী(চেকুলাৰ)ৰ প্ৰাৰ্থী চৰণ ইছৱাৰীয়ে প্ৰায় ৯,৪৫০ টা, ভোটাৰ পাৰ্টী ইণ্টাৰনেচনেলৰ প্ৰাৰ্থী ৰাজেশ নাৰ্জাৰীয়ে প্ৰায় ১৩,৭৮৯ টা, নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে প্ৰসেনজিৎ কুমাৰ দাসে প্ৰায় ৯,৭৪৯ টা আৰু ৰঞ্জয় কুমাৰ ব্ৰহ্মই প্ৰায় ১০,৬৬২ টা ভোট লাভ কৰিবলৈ সক্ষম হয় । লক্ষণীয়ভাৱে, কোকৰাঝাৰ লোকসভা সমষ্টিত নোটাত( NOTA) প্ৰায় ১৫,৭৫৫ টা ভোট পৰাৰ উপৰি চাৰিগৰাকী প্ৰাৰ্থীয়ে নোটাতকৈ কমকৈ ভোট লাভ কৰিছে । কোকৰাঝাৰ লোকসভা সমষ্টিৰ সৰ্বমুঠ ভোটাৰ আছিল ১৭,৬৫,৪১১ গৰাকী আৰু ৮৩.১৬ শতাংশই এইবেলি নিৰ্বাচনত ভোটদান কৰিছিল । ইপিনে জয়লাভৰ পাছতে নৱ কুমাৰ শৰণীয়াই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো ভোটাৰ ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে ৷ উল্লেখ্য যে একালৰ প্ৰাক্তন বিদ্ৰোহী নৱ কুমাৰ শৰণীয়াই দ্বিতীয়বাৰৰ বাবে কোকৰাঝাৰৰ পৰা নিৰ্বাচিত হৈছে ৷

কোকৰাঝাৰত জয়ী নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াl

Slug_A_KOJ_23MAY_ELECTION RESULT BYTE_NABO SARANIYA_BISWAJIT DAIMARY_7204384// MOJO/FTP
---------------------------------------
কোকৰাঝাৰ , ২৩ মে :- কোকৰাঝাৰ লোকসভা সমষ্টিত অৱশেষত তীব্ৰ প্ৰতিদ্বণ্ডিতাৰ অন্তত শেষ বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হ'ল নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া ।  কোকৰাঝাৰ লোকসভা সমষ্টিত নৱ কুমাৰ শৰণীয়াই প্ৰায় ৪৭৯২০২ টা ভোট পোৱাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বণ্ডী বিপিএফৰ প্ৰমিলা ৰাণী ব্ৰহ্মই প্ৰায় ৪৪১০১৭টা ভোট লাভ কৰে অৰ্থাৎ প্ৰায় ৩৮১৮৫ টা ভোটৰ ব্যৱধানত জয়ী হয় নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া । আনহাতে ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই প্ৰায় ৩০৮৮১২ টা ভোট লাভ কৰি তৃতীয় স্থানত থাকে । সৰ্বমুঠ ৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বণ্ডিতা কৰা কোকৰাঝাৰ লোকসভা সমষ্টিত কংগ্ৰেছে চতুৰ্থ স্থান লাভ কৰিবলৈ হে সক্ষম হয় । সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাই প্ৰায় ১৪৩৭৩৭ টা ভোট লাভ কৰে । ইয়াৰ বিপৰীতে চিপিআই(এম) বিৰাজ ডেকাই প্ৰায় ২৭৪৩০ টা , পূৰ্বাঞ্চল জনতা পাৰ্টী(চেকুলাৰ)ৰ প্ৰাৰ্থী চৰণ ইছৱাৰীয়ে প্ৰায় ৯৪৫০ টা , ভোটাৰ পাৰ্টী ইণ্টাৰনেচনেলৰ প্ৰাৰ্থী ৰাজেশ নাৰ্জাৰীয়ে প্ৰায় ১৩৭৮৯ টা ,নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে প্ৰসেনজিৎ কুমাৰ দাসে প্ৰায় ৯৭৪৯ টা আৰু ৰঞ্জয় কুমাৰ ব্ৰহ্মই প্ৰায়  ১০৬৬২ টা ভোট লাভ কৰিবলৈ সক্ষম হয় । লক্ষণীয়ভাৱে কোকৰাঝাৰ লোকসভা সমষ্টিত নটাত প্ৰায় ১৫৭৫৫ টা ভোট পৰে । চাৰি গৰাকী প্ৰাৰ্থীয়ে নটা( NOTA)তকৈ কমকৈ ভোট লাভ কৰে । উল্লেখ্য যে বিগত ২০১৪ চনত নৱ কুমাৰ শৰণীয়াই ৬৩৪৪২৮টা ভোট লাভ কৰি জয়যুক্ত হোৱাৰ বিপৰীতে এইবেলি ভোট লাভ কৰে ৪৭৯২০২ টা ভোট । আনহাতে বিগত নিৰ্বাচনত উৰ্খাও গৌৰা ব্ৰহ্মই ২৭৮৬৪৯ টা ভোট পোৱাৰ বিপৰীতে বিপিএফৰ প্ৰাৰ্থী চন্দন ব্ৰহ্মই লাভ কৰিছিল ২৪৩৭৫৯ টা ভোট । কোকৰাঝাৰ লোকসভা সমষ্টিৰ সৰ্বমুঠ ভোটাৰ ১৭৬৫৪১১ গৰাকী ভোটাৰৰ ভিতৰত ৮৩.১৬ শতাংশই এইবেলি নিৰ্বাচনত ভোটদান কৰিছিল ।
        ইপিনে জয়লাভৰ পিছতে নৱ কুমাৰ শৰণীয়াই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো ভোটাৰ ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰি বিটিটিৱাসী ৰাইজৰ অধিকাৰ আৰু সুৰক্ষাৰ বাবে সংসদত মাত মাতি যাব বুলি মন্তব্য প্ৰকাশ কৰে ।

Last Updated : May 24, 2019, 12:45 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.