কোকৰাঝাৰ,৯ জুলাই : কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ অন্তৰ্গত যমুনাটাৰীত হোৱা এক ভূমিকেন্দ্ৰিক বিবাদৰ ফলত মহিলাসহ ৮ গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে । দুটা ফৈদৰ মাজত হোৱা এই বিবাদৰ ফলত আহত হোৱা ব্যাক্তিসকল ক্ৰমে জাহাংগীৰ আলম , জহিৰুল ইছলাম , মিজানুৰ ৰহমান, আকবৰ আলি, মৰিয়ম বিবি, জনাতুন বিবি, জয়দুৰ আলি আৰু মুস্তাফা আলি । আহত আটাইকেইগৰাকী সম্প্ৰতি সংকটজনক অৱস্থাত কোকৰাঝাৰ আৰএনবি চিকিৎসালয় আৰু এমআৰএম চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।
প্ৰাপ্ত খবৰ অনুসৰি মাটি আৰু সম্পত্তি কেন্দ্ৰিক বিবাদৰ ফলত যমুনাটাৰীত বুধবাৰে দুপৰীয়া দুই ফৈদৰ মাজত চোকা অস্ত্ৰৰে আক্ৰমণ আৰু প্ৰতি আক্ৰমণৰ ঘটনা সংঘটিত হয় ৷ দুয়ো ফৈদৰ প্ৰায় ১০-১২ গৰাকী লোক আহত হোৱাৰ বিপৰীতে দুগৰাকী মহিলা সহিতে ৮গৰাকী লোক গুৰুতৰভাৱে আহত হৈছিল । ইয়াৰে কম আঘাতপ্ৰাপ্ত সকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি যাবলৈ দিয়া হয় যদিও গুৰুতৰভাৱে আহত আঠগৰাকী লোকক দুখনকৈ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে।
ভূমি আৰু সম্পত্তিৰ বাবে দুই ভাতৃৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈ দুই মহিলা সহিতে ৮গৰাকীকৈ লোক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱা এই ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।
লগতে পঢ়ক : ড্ৰাগছ আসক্ত কিশোৰীৰ মৃত্যুৰ পাছত অধিক সক্ৰিয় নগাঁও আৰক্ষী