ETV Bharat / state

Durand Cup 2023: ঐতিহাসিক ডুৰাণ্ড কাপত অনাহুত পৰিস্থিতি

author img

By

Published : Aug 18, 2023, 8:36 PM IST

কোকৰাঝাৰত ঐতিহাসিক ডুৰাণ্ড কাপত অঘটন ৷ খেলপথাৰলৈ দৰ্শকে দলিয়ালে পানী বটল, চকী ৷ ৰেফাৰীয়ে পক্ষপাতিত্ব কৰাৰ অভিযোগ একাংশ দৰ্শকৰ ৷

Incident at historic Durand Cup in Kokrajhar
ঐতিহাসিক ডুৰাণ্ড কাপত অনাহুত পৰিস্থিতি

ঐতিহাসিক ডুৰাণ্ড কাপত অনাহুত পৰিস্থিতি

কোকৰাঝাৰৰ,১৮ আগষ্ট: এক নতুন ইতিহাসৰ সৃষ্টি কৰি কোকৰাঝাৰত পোন প্ৰথমবাৰৰ বাবে ৫ আগষ্টৰ পৰা অনুষ্ঠিত হৈছে ঐতিহাসিক ১৩২ সংখ্যক ডুৰাণ্ড কাপ ৷ বতৰৰ বিধিপথালিৰ মাজতে সগৌৰৱে চলি আছে ডুৰাণ্ড কাপ । ইয়াৰ মাজতে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত বড়োলেণ্ড এফচি আৰু ইণ্ডিয়ান আৰ্মী এফচিৰ মাজত বৃহস্পতিবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা ডুৰাণ্ড কাপৰ খেলত দৰ্শকৰ উদ্ভণ্ডালিয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

ৰেফাৰীয়ে পক্ষপাতিত্ব কৰাৰ অভিযোগ উত্থাপন কৰি উত্তেজিত দৰ্শকে খেলপথাৰলৈ লক্ষ্য কৰি পানী বটল, চকী আদি দলিয়াই এক অনাহুত পৰিৱেশৰ সৃষ্টি কৰে । জানিবপৰামতে, বৃহস্পতিবাৰে সন্ধিয়া বড়োলেণ্ড এফচি আৰু ইণ্ডিয়ান আৰ্মী এফচিৰ মাজত অনুষ্ঠিত হোৱা খেলখনক লৈ ফুটবলপ্ৰেমী দৰ্শকৰ মাজত পাৰ ভঙা উছাহ দেখা গৈছিল ।

বড়োলেণ্ড এফচি দলৰ খেল চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শকে ষ্টেডিয়াম ঠাহ খাই পৰিছিল । কিন্তু বড়োলেণ্ড এফচিৰ খেল আশানুৰূপ নোহোৱাত একাংশ দৰ্শক নিৰাশ হৈ পৰে । তেনেসময়তে জ্বলা জুইত ঘিউ ঢলাৰ দৰে বড়োলেণ্ড এফচিয়ে এটা গ'ল খোৱাত একাংশ দৰ্শক খঙত টিঙিৰিতুলা হৈ পৰে আৰু পৰৱৰ্তী সময়ত সেয়া সামূহিক হৈ পৰে । উত্তেজিত দৰ্শকে খেলপথাৰলৈ পানী বটল, চকী দলিয়াই এক বিশৃংখলময় আৰু ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে ।

একাংশ দৰ্শকে ৰেফাৰীয়ে পক্ষপাতিত্ব কৰা বুলি অভিযোগ কৰে । ইফালে বড়োলেণ্ড এফচিৰ প্ৰশিক্ষক দৈমালু বসুমতাৰীয়ে সাংবাদিকৰ প্ৰশ্নোত্তৰত খেলখনত ৰেফাৰীৰ কিছু সিদ্ধান্ত সন্তোষজনক নাছিল বুলি মন্তব্য কৰে । উল্লেখ্য যে, বৃহস্পতিবাৰে নিশাৰভাগত খেলা খেলখনত ইণ্ডিয়ান আৰ্মী এফচিয়ে ২-১ গ'লৰ ব্যৱধানত বড়োলেণ্ড এফচিক পৰাস্ত কৰে ।

উল্লেখ্য যে কোকৰাঝাৰত অনুষ্ঠিত হোৱা ডুৰাণ্ড কাপ ফুটবলত ৮ টা দলে অংশগ্ৰহণ কৰিছে আৰু দলসমুহ হ'ল ক্ৰমে বড়োলেণ্ড এফচি, ওড়িষা এফচি, দিল্লী এফচি, ডাউনটাউন হিৰোচ এফচি, ৰাজস্থান ইউনাইটেড এফচি, ইণ্ডিয়ান আৰ্মী এফচি, ত্ৰিভূৱন আৰ্মী এফচি আৰু শ্বিলং লাজং এফচি ৷

লগতে পঢ়ক: Effigy burnt in Lakhimpur: লখিমপুৰত জ্বলিল শক্তি মন্ত্ৰীৰ পুত্তলিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.