কোকৰাঝাৰ, 29 জুলাই : ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ চলি থকাৰ সময়তে কোকৰাঝাৰ জিলাৰ অসম-বংগ সীমান্তৰ শিমলতাপুৰত অসম আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে ৷
জানিব পৰা মতে,মণিপুৰৰ পৰা কলিকতা অভিমুখে যোৱা BP-11CJ-8539 নম্বৰৰ পৰা প্ৰায় 587 কেজি পৰিমানৰ গাঞ্জা লৈ যোৱা অৱস্থাতে কোকৰাঝাৰৰ শিমলতাপুৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে,আৰক্ষীয়ে চালক হৰজিত সিং আৰু হেণ্ডিমেন হৰদ্বীপ সিঙক আটক কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ দুয়োগৰাকী পঞ্জাৱৰ বৰ্ণালা জিলাৰ বাসিন্দা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক : সমগ্ৰ বিশ্বৰ ৭৫ শতাংশ বাঘৰ বাসস্থলী হৈছে ভাৰতবৰ্ষ