ETV Bharat / state

কোকৰাঝাৰত মেলাৰ নামত জুৱা, নীৰৱ আৰক্ষী প্ৰশাসন - CIT Kokrajhar

বিটিচিৰ মুখ্য চহৰ কোকৰাঝাৰত দিনক দিনে বৃদ্ধি পাইছে সমাজ বিৰোধী কাৰ্যকলাপ । 12 মাহে মেলাৰ নামত জুৱাৰ লগতে মুকলিকৈ সুৰাৰ বেহা বিটিচি মুখ্য চহৰ খনত ৷ বিষয় সন্দৰ্ভত সোমবাৰে বড়োলেণ্ড ছাত্ৰ সন্থা (বিএছউ)য়ে কোকৰাঝাৰ জিলা উপায়ুক্তক দাখিল কৰে স্মাৰক পত্ৰ ৷

কোকৰাঝাৰত মেলাৰ নামত জুৱা, নীৰৱ আৰক্ষী প্ৰশাসন
author img

By

Published : Sep 3, 2019, 9:41 AM IST

কোকৰাঝাৰ, 03 ছেপ্টেম্বৰ: বিটিচিৰ মুখ্য চহৰ কোকৰাঝাৰত বৃদ্ধি পোৱা জুৱাৰ লগতে মুকলিকৈ বিক্ৰী কৰা অবৈধ সুৰাৰ বেহা আৰু অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে সৰৱ হ'ল বড়োলেণ্ড ছাত্ৰ সন্থা ৷ সোমবাৰে বড়োলেণ্ড ছাত্ৰ সন্থাৰ এটা সজাতি দলে এনে কাৰ্যকলাপ বন্ধ কৰাৰ দাবীত জিলা উপায়ুক্ত পাৰ্থ প্রতিম মজুমদাৰক সাক্ষাৎ কৰি দাখিল কৰে স্মাৰক পত্ৰ ৷ লগতে সমাজ বিৰোধী কাৰ্যকলাপ তথা মদ, ভাং, ড্ৰাগছ সেৱনৰ ওপৰতো কঠোৰ পদক্ষেপ লবলৈ দাবী তোলে ছাত্ৰ সংগঠনটোৱে । তদুপৰি চহৰ খনৰ স্কুল, কলেজৰ ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰা সময় আৰু কাৰ্যালয়ৰ সময়চোৱাত চহৰখনৰ মাজেৰে গধুৰ যানবাহনৰ চলাচল বন্ধ কৰিবলৈ অনুৰোধ জনাই জিলা উপায়ুক্তক ৷ উক্ত সমস্যা সমাধান কৰাৰ লক্ষ্যৰে অতি শীঘ্ৰে কোকৰাঝাৰ চহৰ পৌৰ-সভা, জিলা আৰক্ষীৰ লগতে প্ৰশাসন আৰু বিভিন্ন দল সংগঠনৰ সৈতে আলোচনাত মিলিত হৈ কঠোৰ পদক্ষেপ লোৱাৰ আশ্বাস প্ৰদান কৰে জিলা উপায়ুক্ত পাৰ্থ প্রতিম মজুমদাৰে ৷

কোকৰাঝাৰত মেলাৰ নামত জুৱা, নীৰৱ আৰক্ষী প্ৰশাসন

উল্লেখ্য যে, বিভিন্ন সময়ত মুকলিকৈ জুৱা, সুৰা বিক্ৰী কৰাৰ বাহিৰেও একাংশ সমাজ বিৰোধী লোকে কোকৰাঝাৰ আৰক্ষীৰ সহযোগত প্ৰায় প্ৰতিটো মাহে মেলাৰ নামত জুৱা আৰু অবৈধ সুৰাৰ বেহা চহৰ খনৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰি অহাৰ অভিযোগ ছাত্ৰ সংগঠনটোৰ ৷ লগতে এই ক্ষেত্ৰত আৰক্ষী জিলা প্ৰশাসন নিমাত থকাৰো অভিযোগ তোলে সংগঠনটোৱে ৷

Intro:বিটিচি মুখ্য চহৰ কোকৰাঝাৰত দিনক দিনে বৃদ্ধি পাইছে সমাজ বিৰোধী কাৰ্যকলাপ। 12 মাহে মেলাৰ নামত জুৱা, মুকলিকৈ সুৰাৰ আদাদা ইত্যাদিকলৈ চলিইথাকে। তাকে বিৰোধিতা কৰি আজি বড়োলেণ্ড ছাত্ৰ সন্থা সমূহকৈ (বিএছউ) য়ে কোকৰাঝাৰ জিলাৰ উপাইক্তক এখন স্মাৰক পত্ৰ দাখিল কৰে।

Body:বিভিন্ন পূজাৰ বতৰত মুকলিকৈ জুৱা সুৰা আদি বিক্ৰী কৰা বাহিৰেও বিনা বতৰিয়া সময়তো একাংশ সমাজ বিৰোধী দালাল আৰু কোকৰাঝাৰ আৰক্ষীৰ মিতিৰালীত প্ৰায় প্ৰতিটো মাহে মেলাৰ নামত অবাট জুৱা আৰু সুৰাৰ আদাদা চহৰৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈআহিছে। নিমাত আৰক্ষী জিলা প্ৰশাসনৰ। যাৰফলত চহৰখনত থকা উচ্চ শিক্ষা উনুষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়, চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকনলজি, বিনেশ্বৰ ব্ৰহ্ম মেমৰিয়েল ইঞ্জিনীয়াৰিং কলেজ আৰু বিভিন্ন কলেজ সমূহত অধ্যয়ন কৰিথকা শৈক্ষিক সময় নষ্ট কৰা পৰিলক্ষিত হৈছে। যাৰকাৰণে আজি বড়োলেণ্ড ছাত্ৰ সন্থাৰ এটা সজাতি দলে বন্দৰ দাবীত জিলাৰ উপাইক্ত পাৰ্থ প্রতিম মুজুমদাৰক ক্ষাৎকাৰ কৰি এখন স্মাৰক পত্ৰ দাখিল কৰে। লগতে এনেকৈ সমাজ বিৰোধী কাৰ্যকলাপ, মদ, ভাং, ড্ৰাগছ সেৱনৰ ওপৰতো কঠোৰ পদক্ষেপ লবলৈ দাবীতোলে। তাৰো উপৰি চহৰত স্কুল, কলেজৰ ছাত্ৰ ছাত্ৰী অহা যোৱা সময় আৰু কাৰ্যালয়ৰ সময়চোৱাত গধুৰ যানবাহন চলোৱা বন্ধ কৰি নতুন জনবাহন আইনৰ মতে বলৱত কৰাৰও অনুৰোধ জনায়।

Conclusion:অৱশেষত জিলা উপাইক্ত পাৰ্থ প্রতিম মজুমদাৰে উক্ত সমস্যা সমাধান কৰা লক্ষ্যৰে অতি শিঘ্ৰে কোকৰাঝাৰ চহৰ পৌৰ সভা,জিলা আৰক্ষী লগতে প্ৰশাসন আৰু বিভিন্ন দল সংগঠনহৈছে মিলি এখন আলোচনা মেল পাতি কঠোৰ পদক্ষেপ লোৱাৰ আশ্বাস দে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.