ETV Bharat / state

গোসাঁইগাঁৱত আৰক্ষীৰ অভিযানত কয়লা ভৰ্তি ট্ৰাক জব্দ - লংকা

ৰাজ্যবাসীক ক'ভিড-19 আৰু বানপানীয়ে জুৰুলা কৰাৰ সময়তে বুধবাৰে কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত আৰক্ষীৰ অভিযানত কয়লা ভৰ্তি এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ গোসাঁইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মন্টু ৰাম বৰাই ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই ট্ৰাক খন জব্দ কৰি গোসাইগাঁও থানালৈ লৈ আহে ৷ ট্ৰাক চালক দুজনক সম্প্ৰতি আৰক্ষীয়ে আটক কৰি ৰাখিছে যদিও আৰক্ষীয়ে ট্ৰাক আৰু কয়লাৰ নথি-পত্ৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

illegal Coil seized in Assam kokrajhar
গোসাঁইগাঁৱত আৰক্ষীৰ অভিযানত কয়লা ভৰ্তি ট্ৰাক জব্দ
author img

By

Published : Jul 22, 2020, 8:22 PM IST

কোকৰাঝাৰ, 22 জুলাই : ৰাজ্যবাসীক ক'ভিড-19 আৰু বানপানীয়ে জুৰুলা কৰাৰ সময়তে বুধবাৰে কোকৰাঝাৰ জিলাৰ গোসাণইগাঁৱত আৰক্ষীৰ অভিযানত কয়লা ভৰ্তি এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷

জানিব পৰা মতে,কোকৰাঝাৰ জিলাৰ গোসাইগাঁও সদৰ চহৰৰ সংলগ্ন সাপট দলংৰ ওচৰত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে অভিযান চলাই এন এল-০১ এ বি/১৯৪৫ নম্বৰৰ এখন কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে ৷

গোসাঁইগাঁৱত আৰক্ষীৰ অভিযানত কয়লা ভৰ্তি ট্ৰাক জব্দ

অভিযোগ অনুসৰি,একাংশ ট্ৰাকে পৰ্যাপ্ত নথি-পত্ৰ নোহোৱাকৈ কয়লা সীমান্ত পাৰ কৰাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৷ উক্ত খবৰৰ ভিত্তিতে গোসাঁইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মন্টু ৰাম বৰাই ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই ট্ৰাক খন জব্দ কৰি গোসাঁইগাঁও থানালৈ লৈ আহে ৷ ট্ৰাক চালক দুজনক সম্প্ৰতি আৰক্ষীয়ে আটক কৰি ৰাখিছে যদিও আৰক্ষীয়ে ট্ৰাক আৰু কয়লাৰ নথি-পত্ৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে,লংকাৰ পৰা বংগ অভিমুখে যোৱা ট্ৰাকখনৰ বৈধ নথি-পত্ৰ নাছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে । জানিব পৰা মতে,আটক হোৱা চালক দুজন হ'ল পবিত্ৰ দাস আৰু মুন্না দাস। আটকাধীন লোক দুজনৰ ঘৰ বংগৰ পাকৰিগুৰীত বুলি জানিব পৰা গৈছে আৰু কয়লা ভৰ্তি ট্ৰাকখনৰ মালিকৰ বংগৰ বাৰভিচাৰ শ্যামল দাস বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : ৩১ জুলাইলৈ বৃদ্ধি সাংবাদিক ৰাজীৱ শৰ্মাৰ অন্তৱৰ্তীকালীন জামিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.