ETV Bharat / state

কোকৰাঝাৰৰ শ্ৰীৰামপুৰত ১০ কোটি টকাৰ হেৰ'ইন জব্দ - আৰক্ষী আৰু চিআৰপিএফ বাহিনীয়ে যৌথভাৱে অভিযান চলাই দুই কেজি হেৰইনসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়

ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে কোকৰাঝাৰত বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে । আৰক্ষীয়ে জনোৱা মতে হেৰ'ইনখিনিৰ মূল্য হ'ব প্ৰায় ১০ কোটি টকা । কোনে আৰু কেনেকৈ আনিছিল এই বৃহৎ পৰিমাণৰ হেৰ'ইন ?

কোকৰাঝাৰৰ শ্ৰীৰামপুৰত ১০ কোটি টকাৰ হেৰ'ইন জব্দ

author img

By

Published : Aug 28, 2021, 4:16 PM IST

কোকৰাঝাৰ,২৮ আগষ্ট: ৰাজ্যত ড্ৰাগছ (Drugs) আৰু নিচাজাতীয় দ্ৰব্যৰ প্ৰচলন অব্যাহত আছে । আৰক্ষীয়ে এই বছৰটোত এতিয়ালৈ কোটি কোটি টকাৰ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য জব্দ কৰিছে । নিষিদ্ধ সামগ্ৰীবোৰৰ অবৈধ সৰবৰাহত জড়িত হাজাৰ হাজাৰ লোককো আটক কৰিছে আৰক্ষীয়ে । ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীয়ে (Assam Police) জেহাদ ঘোষণা কৰাৰ পাছতো ৰাজ্যত বন্ধ হোৱা নাই এই নিষিদ্ধ সামগ্ৰীৰ বেহা ।

এইবাৰ কোকৰাঝাৰ আৰক্ষীৰ বৃহৎ সফলতা । প্ৰায় ১০ কোটি টকাৰ নিষিদ্ধ হেৰ'ইন (Heroin) জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত অসম-পশ্চিমবংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰ ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে নিশা আৰক্ষী আৰু চিআৰপিএফ বাহিনীয়ে যৌথভাৱে অভিযান চলাই দুই কেজি হেৰ'ইনসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ।

heroin seized
কোকৰাঝাৰৰ শ্ৰীৰামপুৰত ১০ কোটি টকাৰ হেৰইন জব্দ

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে GJ-০১-ET-৩০৬৭ নম্বৰৰ এখন কণ্টেইনাৰ ট্ৰাকৰ জৰিয়তে হেৰ'ইনখিনি সৰবৰাহ কৰা হৈছিল । আৰক্ষীয়ে এই খবৰ লাভ কৰাৰ পাছতে অভিযান চলাই আৰু হেৰ'ইনখিনি জব্দ কৰিবলৈ সক্ষম হয় । হেৰ'ইনখিনিৰ বজাৰ মূল্য ৯ ৰ পৰা ১০ কোটিৰ ভিতৰত হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেই ।

কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত শুকুৰবাৰে বিয়লি আয়োজিত এক সংবাদমেলত জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেই সমগ্ৰ অভিযানৰ বিষয়ে সদৰি কৰে । আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে ট্ৰাকখনৰ গোপন চেম্বাৰত লুকুৱাই অনা হৈছিল হেৰ'ইনখিনি । হেৰ'ইনখিনি জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালক বিকাশ কুমাৰ আৰু অনিল কুমাৰক আৰক্ষীয়ে আটক কৰিছে । সংবাদমেলত অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰকে ধৰি চিআৰপিএফৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :ভদীয়া বানে বুৰালে ঐতিহাসিক ৰামখাপীঠ দেৱালয়

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.