কোকৰাঝাৰ, ৩০ মাৰ্চ : কোকৰাঝাৰ আৰক্ষীৰ সফলতা ৷ বুধবাৰে কোকৰাঝাৰ আৰক্ষীয়ে জিলাখনৰ কাৰিগাঁও ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গাঞ্জাসহ আটক তিনি গাঞ্জা সৰবৰাহকাৰীক (Three cannabis peddler arrested at Kokrajhar)৷ আটকাধীন গাঞ্জা সৰবৰাহকাৰী কেইটা ক্ৰমে মুকেশ কুমাৰ (বিহাৰ), মিঠুন মিঞা (মানকাচৰ) আৰু হাছানুৰ ৰহমান (মানকাচৰ) ৷
আটকাধীন গাঞ্জা সৰবৰাহকাৰী কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৪১ টা পেকেটত ৯৩ কেজি গাঞ্জা (Huge amount of ganja seized in Kokrajhar) ৷ ঘটনাৰ বিৱৰণি অনুসৰি, এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে গাঞ্জা সৰবৰাহৰ এক খবৰ লাভ কৰিছিল ৷ সেই খবৰৰ ভিত্তিতেই আৰক্ষীয়ে বুধবাৰে কাৰিগাঁৱত চলাই এক তালাচী অভিযান ৷
এই অভিযান কালত আৰক্ষীয়ে জব্দ কৰে বি আৰ ১১ ভি ৭৫৫১ নম্বৰৰ এখন স্কৰপিঅ' ৷ জব্দকৃত এই বাহনখনৰ গোপন চেম্বাৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ গাঞ্জাখিনি ৷ কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবেই সদৰী কৰা মতে, আগৰতলাৰ পৰা বিহাৰলৈ গাঞ্জাখিনি সৰবৰাহৰ উদ্দেশ্যে লৈ গৈ থকা হৈছিল ৷
উল্লেখ্য যে, অসম আৰক্ষীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি অসম আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । যাৰ বাবে ড্ৰাগছমুক্ত সমাজ গঢ়াত জনসাধাৰণেও অসম আৰক্ষীক সৰ্বতোপ্ৰকাৰে সহায় কৰিছে বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবেই ।
লগতে পঢ়ক : ৰঙিয়া ৰেল জংচনত ১৭ লক্ষাধিক টকাৰ গাঞ্জা জব্দ