ETV Bharat / state

শ্ৰীৰামপুৰত জব্দ বৃহৎ পৰিমাণৰ ম’হৰ শিং - অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ

শ্ৰীৰামপুৰত বন বিভাগৰ অভিযানত পশ্চিমবংগ অভিমুখী ট্ৰাকৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ ম’হৰ শিং-হাড় ৷ মণিপুৰৰ পৰা উত্তৰ প্ৰদেশলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল বনৰীয়া ম’হৰ শিং আৰু হাড়খিনি ৷

Huge amount of buffelo horn seized in Srirampur
শ্ৰীৰামপুৰত জব্দ বৃহৎ পৰিমাণৰ ম’হৰ শিং
author img

By

Published : Nov 27, 2019, 8:06 PM IST

কোকৰাঝাৰ, 27 নৱেম্বৰঃ কোকৰাঝাৰৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত ট্ৰাকৰ পৰা জব্দ ম’হৰ শিং-হাড় ৷ শ্ৰীৰামপুৰত বন বিভাগৰ অভিযানত পশ্চিমবংগ অভিমুখী ট্ৰাকৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ ম’হৰ শিং-হাড়ৰ লগতে আটক হয় ইয়াৰ লগত জড়িত তিনিজন ব্যক্তি ৷ প্ৰাপ্ত বাতৰি মতে মণিপুৰৰ পৰা ইউ পি 21 চি/এন 1871 নম্বৰৰ দহ চকীয়া ট্ৰাক এখনত বৃহৎ পৰিমাণৰ বনৰীয়া ম’হৰ শিং আৰু হাড় উত্তৰ প্ৰদেশলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল ৷

শ্ৰীৰামপুৰত জব্দ বৃহৎ পৰিমাণৰ ম’হৰ শিং

তথ্যৰ ভিত্তিত কচুগাঁও বন সংমণ্ডলৰ বিষয়া মতিলাল বসুমতাৰীৰ নেতৃত্বত নিশা বন কৰ্মীৰ দল আৰু অসম বন সুৰক্ষা বাহিনীৰ দলে চলোৱা এক অভিযানত শিং-হাড়খিনিৰ লগতে ট্ৰাকখন লৈ অহা তিনিগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয় ৷ ট্ৰাকৰ চালকসহ আটকাধীন লোককেইজন ক্ৰমে উত্তৰ প্ৰদেশৰ নিৱাসী মোঃ নাছিম,আৰবাজ খান,মোঃ জুনাইদ বুলি বন বিভাগে উল্লেখ কৰে ৷

আৰু পঢ়কঃ আভ্যন্তৰীণ জল পৰিৱহন বিভাগত বৃহৎ চিণ্ডিকেট

Intro:শ্ৰীৰামপুৰত ট্ৰাকৰ পৰা ম’হৰ শিং-হাড় জব্দ: তীব্ৰ চাঞ্চল্য:

কোকৰাঝাৰ জিলাৰ অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰত বন বিভাগে ট্ৰাকত বজাই কৰি পশ্চিম বংগ অভিমূখে কঢ়িয়াই নিবলৈ অনা বৃহৎ পৰিমানৰ বন্যপ্ৰাণীৰ শিং-হাড় জব্দ কৰাৰ উপৰি ঘটনাৰ লগত জৰিত তিনিজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় ৷
Body:উক্ত ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ৷ প্ৰাপ্ত বাতৰি মতে, ইউ পি ২১ চি/এন ১৮৭১ নম্বৰৰ দহ চকীয়া ট্ৰাক খনত যোৱা কালি মনিপুৰৰ পৰা বৃহৎ সংখ্য বন্যপ্ৰাণী শিং আৰু হাঁড় বোঝাই কৰি উত্তৰপ্ৰদেশলৈ লৈ যোৱাৰ বাবে পৰিকল্পনা কৰে ৷ সেইমতে, যোৱা নিশা প্ৰায় দহ বজাত উক্ত ট্ৰাকখন ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথটোৰ সংলগ্ন শ্ৰীৰামপুৰৰ এখন ধাৱাত ৰখাই থোৱাৰ নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত বন বিভাগৰ এটা দলে সন্ধেহ মৰ্মে তালাচী চলাই ট্ৰাক খনৰ লগতে তিনি গৰাকী ব্যাক্তিক আটক কৰে ৷ ইপিনে কচুগাওঁ বন সংমণ্ডলৰ বিষয়া মতিলাল বসুমতাৰীৰ নেতৃত্বত যোৱা নিশা বন কৰ্মীৰ দল আৰু অসম বন সুৰক্ষা বাহিনীৰ দলে চলোৱা তালাচীত জব্দ কৰা শিং- হাড় সমূহ বনৰীয়া ম’হৰ বুলি সন্ধেহ কৰিছে যদিও পৰীক্ষাৰ পিচতহে প্ৰকৃত তথ্য জানিব পৰা হব বুলি সদৰি কৰিছে ৷ ট্ৰাকৰ চলক সহ তিনিজন ক্ৰমে উত্তৰ প্ৰদেশৰ নিৱাসী মো: নাছিম, আৰবাজ খান, মো: জুনাইদ’ক আটক কৰিছে ৷ Conclusion:অৱশ্য সৰবৰাহ কৰা সামগ্ৰী সমুহ বৈধ ভাৱে নেকি অবৈধ ভাবে সৰবৰাহ কৰি আছিল সেয়া তদন্তৰ পিছতহে প্ৰকৃত তথ্য পোৱা যাৱ বুলি বন সংমন্ডল বিষয়া গৰাকীয়ে প্ৰকাশ কৰিছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.