ETV Bharat / state

HIV positive woman gives birth: কোকৰাঝাৰৰত এইচ আই ভি আক্ৰান্ত মহিলাই প্ৰসৱ কৰিলে সন্তান

কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে এগৰাকী এইচআইভি আক্ৰান্ত প্ৰসূতিৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন(Cesarean delivery of HIV-infected woman) ৷ সুকলমে জন্ম দিলে এটি সন্তান ৷

author img

By

Published : Aug 8, 2022, 7:20 AM IST

HIV positive woman gives birth
HIV positive woman gives birth

কোকৰাঝাৰ,8 আগষ্ট: কোকৰাঝাৰস্থিত ৰূপনাথ ব্ৰহ্ম চিকিৎসালয়ত ৰবিবাৰে প্ৰথমবাৰৰ বাবে এগৰাকী এইচআইভি আক্ৰান্ত প্ৰসূতিৰ চিজাৰিয়ান অস্ত্ৰোপ্ৰচাৰ কৰা হয়(Cesarean delivery of HIV-infected woman)। কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম চিকিৎসালয়ৰ অধীক্ষক ড° এ এচ শৰ্মাই সদৰি কৰা মতে জিলাখনৰ এগৰাকী এইচআইভিত আক্ৰান্ত প্ৰসূতি ৰবিবাৰে প্ৰসৱৰ বাবে চিকিৎসালয়খনলৈ আহে(Rupnath Brahma Hospital in Kokrajhar)।

HIV positive woman gives birth
কোকৰাঝাৰৰত এইচ আই ভি আক্ৰান্ত মহিলাই প্ৰসৱ কৰিলে সন্তান

পূৰ্বতেও এনে প্ৰসূতি চিকিৎসালয়খনলৈ আহিছিল যদিও অপাৰেচন কক্ষ এটা হোৱা হেতুকে তেনে প্ৰসূতিক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল (Barpeta Medical College) ৷ কিন্তু, দিনটো দেওবাৰ হোৱা হেতুকে আন অস্ত্ৰোপ্ৰচাৰ নথকাত এইচআইভি আক্ৰান্ত প্ৰসূতিগৰাকীক অস্ত্ৰোপ্ৰচাৰ কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে চিকিৎসালয় কৰ্তৃপক্ষই ।

বিজ্ঞানসন্মত সাৱধানতা অৱলম্বন কৰি আৰু পি পি কীট পৰিধানেৰে অপাৰেচন সুকলমে সম্পন্ন কৰে অভিজ্ঞ চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ এটি দলে । অপাৰেচন সুকলমে সম্পন্ন হোৱাৰ পাছত অপাৰেচন কক্ষটো বীজাণুমুক্ত কৰা হয় । ৩.১০০ কিলোগ্ৰাম ওজনৰ নৱজাতক শিশুটি বৰ্তমান সুস্থ অৱস্থাতে আছে বুলি চিকিৎসালয়খনৰ অধীক্ষক ড° এ এচ শৰ্মাই জানিবলৈ দিছে ।

লগতে পঢ়ক: ডাঙৰ খবৰ: মহানগৰীত বৃদ্ধি এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.