ETV Bharat / state

HIV Cases in Kokrajhar: কোকৰাঝাৰত 314 গৰাকী ব্যক্তি এইচ আই ভি পজিটিভ

author img

By

Published : Jan 9, 2022, 3:45 PM IST

Updated : Jan 9, 2022, 4:14 PM IST

কোকৰাঝাৰত এইড আই ভি সম্পৰ্কীয় সজাগতা কৰ্মশালা ৷ বৰ্তমান জিলাখনত আছে 314 গৰাকী এইডছ আক্ৰান্ত ৰোগী ৷

কোকৰাঝাৰ, 9 জানুৱাৰী : কোকৰাঝাৰ জিলা এইডছ্ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত শনিবাৰে ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত এইডছ আৰু এইচ আই ভিৰ ওপৰত এখন আইনী সাক্ষৰতা সজাগতা (Awareness program on HIV) কৰ্মশালা অনুষ্ঠিত হয় ৷ উক্ত কৰ্মশালাত জিলা আইনী সেৱা অথৰিটিৰ সম্পাদক বলোৰাম কুঠৰীয়ে এইচ আই ভিত আক্ৰান্ত হোৱা ৰোগীৰ প্ৰাপ্য আইনী অধিকাৰ সমুহৰ বিষয়ে বিতংকৈ বাখ্যা কৰে ৷

কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন অসুবিধাৰ ক্ষেত্ৰত এতিয়াৰে পৰা নতুনকৈ গৃহীত হোৱা আইনৰ দ্বাৰা কঠোৰ ব্যৱস্থা ল’ব পাৰি বুলি কৰ্মশালাত উপস্থিত সকলোকে অৱগত কৰোৱা হয় ৷ জিলা আইনী সেৱা অথৰিটিৰ সম্পাদক বলোৰাম কথৰিয়ে এইডছ / এইচ আই ভি আক্ৰান্ত ৰোগীৰ পৰিচয় ৰাজহুৱা কৰিব নোৱাৰি বুলি উল্লেখ কৰে ৷ তদুপৰি আক্ৰান্ত ৰোগীয়ে চিকিৎসাসেৱা লাভ কৰা আৰু ঔষধপ্ৰাপ্তিৰ ক্ষেত্ৰত সম্পূৰ্ণ অধিকাৰ আছে বুলি উল্লেখ কৰে বলোৰাম কথৰিয়ে ৷

HIV Cases of Kokrajhar
কোকৰাঝাৰত 314 গৰাকী ব্যক্তি এইচ আই ভি পজিটিভ

ইপিনে কৰ্মশালাত উপস্থিত থকা জিলা এইডছ বিষয়া ডাঃ কৌশিক দাসে সংবাদমাধ্যমৰ আগত ড্ৰাগছ, অসুৰক্ষিত যৌনকাৰ্য, অসুৰক্ষিতভাৱে তেজ লোৱা, পিতৃ-মাতৃৰ পৰা সন্তানে জন্মাৱস্থাতেই আক্ৰান্ত হৈ অহাৰ পৰিণতিতে জিলাখনত এইডছ আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বঢ়া বুলি উল্লেখ কৰিছে ৷

বৰ্তমান জিলাখনত 314 গৰাকী এইডছ আক্ৰান্ত ৰোগী আছে বুলি উল্লেখ কৰি ডাঃ কৌশিক দাসে সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাই (HIV Cases in Kokrajhar) ৷ এইডছ আক্ৰান্ত ৰোগীক অৱজ্ঞা, অৱহেলাৰ চকুৰে নাচাবলৈও অনুৰোধ সকলোকে । শনিবাৰৰ কৰ্মশালাত কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ এ.এছ শৰ্মা, বিটিআৰৰ স্বাস্থ্য বিভাগৰ ভাৰপ্ৰাপ্ত সঞ্চালক ডাঃ জে.আহমেদ, চিকিৎসক ওৱাছিম বৰী, আইচিটিচিৰ পৰামৰ্শদাতা প্ৰীতিলতা তালুকদাৰ উপস্থিত আছিল ৷

লগতে পঢ়ক: নিমাতীঘাটৰ ফেৰী দুর্ঘটনা প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালক নিযুক্তি পত্ৰ প্ৰদান

Last Updated : Jan 9, 2022, 4:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.