ETV Bharat / state

বিটিচিত পৰিষদীয় চৰকাৰত হিন্দী ভাষী সম্প্ৰদায়ৰ পৰা সদস্য মনোনীত কৰাৰ দাবী

author img

By

Published : Dec 25, 2020, 7:05 PM IST

বিটিচি পৰিষদীয় চৰকাৰত হিন্দী ভাষী সম্প্ৰদায়ৰ পৰা সদস্য মনোনীত নকৰাক লৈ ক্ষোভিত অখিল হিন্দী ভাষী বিকাশ পৰিষদ । ইউপিপিএল, বিজেপি আৰু জিএছপিৰ মিত্ৰজোঁটৰ চৰকাৰত এগৰাকী হিন্দী ভাষী সম্প্ৰদায়ৰ পৰা সদস্য মনোনীত কৰাৰ দাবী সংগঠনটোৰ । শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই দাবী উত্থাপন কৰে অখিল হিন্দী ভাষী বিকাশ পৰিষদে ।

বিটিচিত পৰিষদীয় চৰকাৰত হিন্দী ভাষী সম্প্ৰদায়ৰ পৰা সদস্য মনোনীত কৰাৰ দাবী
বিটিচিত পৰিষদীয় চৰকাৰত হিন্দী ভাষী সম্প্ৰদায়ৰ পৰা সদস্য মনোনীত কৰাৰ দাবী

কোকৰাঝাৰ, ২৫ ডিচেম্বৰ: প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল, বিজেপি আৰু জিএছপিৰ সন্মিলিত বিটিচি পৰিষদীয় চৰকাৰত ঠাই পোৱা নাই এগৰাকীও হিন্দী ভাষী সম্প্ৰদায়ৰ সদস্যই । ইয়াকে লৈ ক্ষোভ প্ৰকাশ কৰিছে অখিল হিন্দীভাষী বিকাশ পৰিষদে । শুকুৰবাৰে আজি কোকৰাঝাৰ চহৰৰ সুভাষপল্লীত থকা মহেশ মন্দিৰ চৌহদত এক সংবাদমেল সম্বোধন কৰি অখিল হিন্দীভাষী বিকাশ পৰিষদে বিটিচি পৰিষদীয় চৰকাৰলৈ হিন্দী ভাষী সম্প্ৰদায়ৰ সদস্য মনোনীত কৰাৰ দাবী উত্থাপন কৰে ৷

সংবাদমেলত উপস্থিত থাকি সংগঠনটোৰ সভাপতি সঞ্জয় তিৱাৰীয়ে কয় যে, প্ৰমোদ বড়ো নেতৃত্বাধীন মিত্ৰজোঁটৰ বিটিচি পৰিষদীয় চৰকাৰত হিন্দীভাষী সম্প্ৰদায়ৰ পৰা এজন চৰকাৰী সদস্য মনোনীত নকৰাত বড়োভূমিত বাস কৰা হিন্দী ভাষী সম্প্ৰদায়ৰ লোকসকলে আক্ষেপ প্ৰকাশ কৰিছে ৷ সেয়ে, শীঘ্ৰে হিন্দী ভাষী সম্প্ৰদায়ৰ পৰা এগৰাকী সদস্য মনোনীত কৰিবলৈ অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু প্ৰমোদ বড়োক আহ্বান জনাইছে সভাপতি সঞ্জয় তিৱাৰীয়ে ৷

লগতে পঢ়ক:নগাঁৱৰ বৰকলাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পূৰ্ণাংগ মূৰ্তি উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.