ETV Bharat / state

Distribution of Arunodaya Identity Card: যুগে যুগে আমি অৰুণোদয় আঁচনি দি থাকিম: মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 9:28 PM IST

কোকৰাঝাৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক "অৰুণোদয় পৰিচয়পত্ৰ " বিতৰণ কৰাৰ লগতে জিলা বিজেপিৰ কাৰ্যালয় মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে ৷ অৰুণোদয়ৰ ধুমুহাই বিৰোধীক উৰুৱাই লৈ যাব বুলি মন্তব্য় মুখ্যমন্ত্ৰীৰ ৷

vArunodayA Identity Card Distribution By CM
অৰুণোদয় পৰিচয়পত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ
অৰুণোদয় পৰিচয়পত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ

কোকৰাঝাৰ, ১১অক্টোবৰ : "আপোনালোকে পদুম ফুল আৰু ট্ৰেক্টৰক ভোট দি থাকিব । আমিও গৰুৱে যেনেকৈ গাখীৰ দি থাকে তেনেকৈ আপোনালোকক আঁচনি দি থাকিম । মাত্ৰ যুগে যুগে আমি থাকিম । যুগে যুগে আমি অৰুণোদয় আঁচনি দি থাকিম । "এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । বুধবাৰে কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক "অৰুণোদয় পৰিচয়পত্ৰ" আনুষ্ঠানিকভাৱে প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য আগবঢ়ায় । তেওঁ পুনৰ কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ল সূৰ্য আৰু আমি চন্দ্ৰ । সূৰ্যই পোহৰ দিলেহে আমি পোহৰ পাও । নৰেন্দ্ৰ মোদী যাতে সদায় ভালে থাকে তাৰ বাবে আপোনালোকে প্ৰাৰ্থনা কৰিব ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা বিৰোধী কটাক্ষ কৰি কয়," বিৰোধীয়ে কৈছিল অৰুণোদয় আঁচনি নিৰ্বাচনকেন্দ্ৰিক,বন্ধ হৈ যাব । বন্ধ হোৱাতো দুৰৰ কথা আমি হিতাধিকাৰীৰ সংখ্যা বঢ়াইছো,আৰ্থিক সাহায্য়ও ১২৫০ টকালৈ বৃদ্ধি কৰিছো ।" ৰেচন কাৰ্ডৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ যোগেদি চাউলৰ লগতে পাঁচ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব । জনসাধাৰণৰ সুবিধাৰ্থে চৰকাৰে নতুন নতুন কাম কৰি যাব বুলি সদৰী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধীৰ স্থিতিক নস্যাৎ কৰে । তেওঁ কয় আজি অৰুণোদয় ,১৩ অক্টোবৰত চাইকেল বিতৰণ, ১৬ অক্টোবৰত মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই প্ৰদান কাৰ্যসূচী, নৱেম্বৰত স্কুটী, ২ লাখ লৰা-ছোৱালীক দুই লাখ টকাকৈ ঋণ প্ৰদান, ৪০ হাজাৰ আত্মসহায়ক গোটক ১০ হাজাৰকৈ টকাৰ অনুদান আৰু শীঘ্ৰেই পুনৰাই ২২ হাজাৰ চাকৰি প্ৰদান কৰা হ'ব ।

এইবোৰৰ ধুমুহাত অসমত ক'ত কোন বিৰোধী পাৰ্টী তিষ্ঠি থাকিব বুলি মন্তব্য কৰি অৰুণোদয়ৰ ধুমুহাই বিৰোধীক উৰুৱাই লৈ যাব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় ৷ উল্লেখ্য যে কোকৰাঝাৰত প্ৰথম পৰ্যায়ত অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা আছিল ৪০ হাজাৰ আৰু দ্বিতীয় পৰ্যায়ত নতুনকৈ ১৪৭০৫ গৰাকী হিতাধিকাৰী বাচনি কৰা হৈছে । তদুপৰি ইন্দিৰা মিৰি বৃদ্ধ পেঞ্চন যোজনাৰ ৩৫০০ গৰাকী হিতাধিকাৰী আৰু দীনদয়াল দিব্যাংগ আঁচনিৰ ২৫০০ গৰাকী হিতাধিকাৰীক অৰুণোদয় আঁচনিত সংলগ্ন কৰা হৈছে । প্ৰণিধানযোগ্য যে আজি অৰুণোদয় হিতাধিকাৰীৰ মাজত "অৰুণোদয় পৰিচয়পত্ৰ" বিতৰণ অনুষ্ঠানত মন্ত্ৰী অশোক সিংহল, বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো,বিধায়ক ক্ৰমে লৰেঞ্চ ইছলাৰী, জিৰণ বসুমতাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস আৰু জিলা আয়ুক্তই অংশগ্ৰহণ কৰে । বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে উক্ত কাৰ্যসূচীত আদৰণি ভাষণ দিয়ে ।

ইপিনে, হিতাধিকাৰীৰ সভা সম্পন্ন হোৱাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন ফ্লাইঅভাৰ সমীপত নৱনিৰ্মিত বিজেপিৰ জিলা কাৰ্যালয় মুকলি কৰে । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত কোকৰাঝাৰত বিজেপিৰ নৱনিৰ্মিত জিলা কাৰ্যালয় মুকলি কৰি সন্তোষ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিটিআৰ এইটো হৈছে প্ৰথমটো বিজেপিৰ জিলা কাৰ্যালয় । কোকৰাঝাৰৰ পিছতে বিটিআৰৰ আন জিলাতো এবছৰৰ ভিতৰতে বিজেপিৰ জিলা কাৰ্যালয়সমুহ মুকলি কৰা হ'ব ।

উক্ত অনুষ্ঠানত লোকসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অগপক এখন বা দুখন আসন , ইউপিপিএলক এখন আৰু বিজেপিয়ে ৮-৯ খন আসনত প্ৰাৰ্থী দিব । দুই এখন আসনৰ বাহিৰে সকলোতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব বুলি দাবী কৰে মুখ্যমন্ত্ৰী শৰ্মাই । আনহাতে, অনাগত সময়ছোৱাত বিপিএফৰ সৈতে ৰাজনৈতিক বুজাপৰা হ'ব নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নোত্তোৰত মুখ্যমন্ত্ৰীয়ে কয়- "বৰ্তমান ইউপিপিএলে ভাল চৰকাৰ চলাই আছে । বিপিএফৰ সতে ৰাজনৈতিক কথা হোৱা নাই । অৱশ্যে বিপিএফৰ বিধায়নী দলৰ সৈতে বিজেপিৰ মিত্ৰতা আছে । প্ৰকৃততে মোৰ স্বভাৱ হ'ল মই কাৰো লগত বেয়া হৈ থাকিব নিবিচাৰো ৷" উক্ত অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, জিলা বিজেপিৰ সমুহ কাৰ্যকৰ্তা, বিজেপি জনজাতি মৰ্চাৰ সভাপতি শিৱনাথ ব্ৰহ্ম আদিকে ধৰি বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Fire Break out : নলবাৰীৰ অৰুণোদয় কাৰ্ড বিতৰণ অনুষ্ঠানৰ পেণ্ডেলত অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.