ETV Bharat / state

পুনৰ আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ হাগ্ৰামা মহিলাৰীৰ

author img

By

Published : Dec 24, 2020, 11:01 PM IST

সংবাদ মাধ্যমৰ আগত হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ আস্থা ভোট কোনো নিয়ম নীতিৰ মাজেৰে সম্পূৰ্ণ হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে আৰু ইয়াৰ বিৰুদ্ধে পুনৰ আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ প্ৰদান কৰে ৷

হাগ্ৰামা মহিলাৰী
হাগ্ৰামা মহিলাৰী

কোকৰাঝাৰ, 24 ডিচেম্বৰ: বৃহস্পতিবাৰে বিটিআৰ বিধান পৰিষদীয় ভৱনত ঘন্টাজোৰা বিতৰ্ক আৰু হুলস্থলীয়া পৰিবেশৰ মাজতে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল, বিজেপি আৰু জিএছপিৰ সন্মিলিত চৰকাৰখনে সংখ্যাগৰিষ্ঠতাৰ আস্থা ভোটত জয়লাভ কৰাৰ পিছ মূহৰ্ত্ততে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ সংবাদ মাধ্যমৰ আগত হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ আস্থা ভোট কোনো নিয়ম নীতিৰ মাজেৰে সম্পূৰ্ণ হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে আৰু ইয়াৰ বিৰুদ্ধে পুনৰ আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ প্ৰদান কৰে ৷ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে প্ৰটেম অধ্যক্ষই সদনৰ নিয়ম-নিয়ম ভংগ কৰা বুলিও অভিযোগ কৰি কয়, নিয়মানুসৰি অধ্যক্ষই বৰ্ণমালা অনুসৰি নিৰ্বাচিত পাৰিষদসকলক শপত গ্ৰহণ কৰাব লাগে ৷ কিন্তু ইয়াৰ বিপৰীতে নিয়ম ভংগ কৰি প্ৰটেম অধ্যক্ষ কাতিৰাম বড়োৱে প্ৰথমে মুখ্য কাৰ্যবাহী হিচাপে প্ৰমোদ বড়োক, উপমুখ্য কাৰ্যবাহী হিচাপে গোৱিন্দ বসুমতাৰীক আৰু কাৰ্যবাহী সদস্য হিচাপে ৰঞ্জিত বসুমতাৰীক শপত বাক্য পাঠ কৰায় ৷ যাৰ বাবে বিপিএফৰ নিৰ্বাচিত সদস্য সকলে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হোৱাত ১০ মিনিট সময় সদন স্থগিত ৰাখে ৷

পুনৰ আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ হাগ্ৰামা মহিলাৰীৰ

পাচত সদন আকৌ আৰম্ভ হয় যদিও চৰকাৰ গঠন নোহোৱাকৈ অধ্যক্ষ নিৰ্বাচনৰ ঘোৰ বিৰোধিতা কৰে বিপিএফে ৷ প্ৰটেম অধ্যক্ষৰ দ্বাৰা গোপন বেলটৰ যোগেৰে গোপন ভোটদানৰ দাবী তোলে যদিও বিপিএফৰ দাবীৰ প্ৰতি অধ্যক্ষই কোনো গুৰুত্ব প্ৰদান নকৰি সদনৰ কাম কাজ অব্যাহত ৰাখে আৰু ২২ গৰাকী সদস্যই প্ৰমোদ বড়ো চৰকাৰৰ সপক্ষে হাত দাঙে ৷ ইয়াৰ পাছতে প্ৰটেম অধ্যক্ষসহ ইউপিপিএল, বিজেপি আৰু জিএছপিৰ নিৰ্বাচিত সদস্যসকলে সদন ত্যাগ কৰে ৷ বিপিএফৰ নিৰ্বাচিত সদস্য সকলে প্ৰাৰ্থী তালিকাও দিবলৈ সক্ষম নহ'ল বুলি সদৰী কৰি মহিলাৰীয়ে ৷ সদনৰ নাতি-নিয়ম প্ৰটেম অধ্যক্ষই ভংগ কৰাৰ অভিযোগ বিপিএফ নেতাগৰাকীৰ ৷

লগতে পঢ়ক: 23 গৰাকী পাৰিষদৰ আস্থা ভোটত জয়ী প্ৰমোদ বড়ো চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.