ETV Bharat / state

বিপিএফ বিজেপি আৰু অগপৰ মাজত আসন বুজাবুজিঃ হাগ্ৰামা

author img

By

Published : Sep 30, 2019, 11:58 PM IST

কোকৰাঝাৰ জিলাত নৱনিৰ্মিত ভৱন উদ্বোধন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ আনহাতে আগন্তুক নিৰ্বাচনত বিপিএফ, বিজেপি আৰু অগপৰ মিত্ৰতা অব্য়াহত থাকিব বুলি কয় বিটিচি প্ৰধানগৰাকীয়ে ৷

কোকৰাঝাৰত হাগ্ৰামা

কোকৰাঝাৰ, 30 ছেপ্টেম্বৰঃ বিপিএফ, বিজেপি আৰু অগপৰ মাজত হ'ব আসনৰ বুজাবুজি ৷ আগন্তুক নিৰ্বাচনত তিনিওটা দলৰে মিত্ৰতা অব্যাহত থাকিব ৷ বিটিচি নিৰ্বাচনত তিনিওটা দলেই আভ্যন্তৰীণ বুজাবুজিৰে আসনৰ ভাগ-বিতৰণ কৰিব ৷

বিটিচি নিৰ্বাচনত হ'ব আসন বুজাবুজি

কোকৰাঝাৰৰ ৰবীন্দ্ৰ নগৰ উন্নয়ন সমিতিৰ কাৰ্যালয় ও পুথিভঁৰাল উদ্বোধন কৰি এইদৰে মন্তব্য কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ ইয়াৰ পূৰ্বেই বালাজান তিনালী সমবায় সমিতিৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনো উদ্বোধন কৰে হাগ্ৰামাই ৷

অধিক পঢ়কঃ চিৰাঙত মুকলি উপ-পঞ্জীয়কৰ কাৰ্যালয়

আনহাতে কোকৰাঝাৰ চহৰত অব্যাহত থকা স্প্ৰেমেন, সোপাধৰা আদি কাণ্ডক গৰিহনা দিয়ে হাগ্ৰামাই ৷ এনেকুৱা কাৰ্যৰ ফলত বড়ো যুৱতী-মহিলাসকল আক্ৰান্ত হৈছে আৰু এয়া কোনো ভাল লক্ষণ নহয় ৷ এই ঘটনাৰ তদন্তৰ বাবে হাগ্ৰামাই এখন উচ্চ পৰ্যায়ৰ তদন্ত কমিটি গঠন কৰাৰ কথা প্ৰকাশ কৰে ৷

Intro:বিপিএফ , বিজেপি আৰু অগপৰ মাজত আসন বুজাবুজি : হাগ্ৰামা ।

স্প্ৰেমেন , সোপাধৰা কাণ্ডত অকল বড়ো যুৱতী -মহিলা নিৰ্যাতনৰ বলি হৈছে : হাগ্ৰামা ।

কোকৰাঝাৰ/৩০ চেপ্টেম্বৰ :- আগন্তুক বিটিচি নিৰ্বাচনত বিপিএফ , বিজেপি আৰু অগপৰ মাজত মিত্ৰতা অব্যাহত থাকিব ।

Body:বিটিচি নিৰ্বাচনত তিনিও দলৰ মাজত আসন ভাগ বটোৰোৱা হব যদিও ইয়াৰে অধিক সংখ্যক আসনত বিপিএফ দলৰ পৰা প্ৰাৰ্থী দিয়া হব । এই মন্তব্য প্ৰকাশ কৰিছে বিপিএফ দলৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।
আজি কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ বালাজান তিনালী সমবায় সমিতিৰ নৱনিৰ্মিত কাৰ্যালয় ভৱন মুকলি কৰি হাগ্ৰামা মহিলাৰীয়ে উক্ত মন্তব্য কৰে । আগন্তুক বিটিচি নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক সমীকৰণ অব্যাহত থকাৰ সময়তে হাগ্ৰামা মহিলাৰীয়ে আগন্তুক বিটিচি নিৰ্বাচনত বিপিএফ , বিজেপি আৰু অগপৰ মাজত মিত্ৰতা অব্যাহত থাকিব আৰু আসন ভাগবটোৰোৱা কৰিব বুলি কৰা ঘোষণাই বিশেষ তাপপৰ্যৰ সৃষ্টি কৰিছে ।
ইপিনে হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰত অব্যাহত থকা স্প্ৰেমেন , সোপাধৰা আদি কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । উক্ত কাণ্ডত অকল বড়ো যুৱতী - মহিলা হে আক্ৰান্ত হোৱা কাৰ্য ৰহস্যজনক আৰু এয়া ভালৰ লক্ষণ নহয় বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে উক্ত ঘটনাসমুহ তদন্ত কৰিবলৈ উচ্চ পৰ্যায়ৰ তদন্ত কমিটি গঠন কৰাৰ বাবে দাবী উত্থাপন কৰিছে আৰু তদন্ত কৰিলেই সকলো কথা জলজল-পটপট কৈ ওলাই পৰিব বুলি মন্তব্য কৰিছে । বিষয়টো সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সতে আলোচনা কৰা হৈছে বুলিও সদৰি কৰিছে মহিলাৰীয়ে ।
উল্লেখ্য যে বালাজান তিনালী সমবায় সমিতিৰ নৱনিৰ্মিত কাৰ্যালয় ভৱন মুকলি কৰাৰ পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ সদৰ চহৰত ৰবীন্দ্ৰ নগৰ উন্নয়ন সমিতিৰ কাৰ্যালয় ও লাইব্ৰেৰীৰ নৱনিৰ্মিত ভৱনো উদ্বোধন কৰে ।

Conclusion:আজিৰ কাৰ্যসূচীসমুহত বিটিচিৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰকে ধৰি বিপিএফৰ বহু নেতা আৰু কেবাশতাধিক জনতাই অংশগ্ৰহণ কৰে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.