ETV Bharat / state

প্ৰমিলাৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে হাগ্ৰামা মহিলাৰীয়ে - Assam assembly election

শনিবাৰে ৩০ নং কোকৰাঝাৰ পূৱ(জনজাতি) বিধানসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ ধাউলিগুৰি খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

As_kjr_hagrama-mohilary-election-campaign_vis_as10044
প্ৰমিলাৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে হাগ্ৰামা মহিলাৰীয়ে
author img

By

Published : Mar 21, 2021, 12:07 PM IST

কোকৰাঝাৰ, 21 মাৰ্চ: শনিবাৰে ৩০ নং কোকৰাঝাৰ পূৱ(জনজাতি) বিধানসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ ধাউলিগুৰি খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ নিৰ্বাচনী প্ৰচাৰ সভাৰ ৰণশিঙা বজাই মহিলাৰীয়ে সাংবাদিকৰ আগত কয় যে, প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ গতি-বিধি চাই ৰাইজে যিটো সহায় সহযোগ আৰু সমৰ্থন আগবঢ়াইছে তাৰ ফলত বিজেপি দলৰ মাজত পৰাজয় হোৱাৰ ভয় সৃষ্টি হৈছে ৷ যাৰ বাবে তেওঁলোকে দলটোক উদ্ধাৰ কৰিবৰ বাবে বহুতো ষ্টাৰ কেম্পেইনাৰ আনি প্ৰচাৰ চলাইছে ।

প্ৰমিলাৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে হাগ্ৰামা মহিলাৰীয়ে

এই সভাতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মহাজোঁট বন্ধনে 20 খনতকৈ অধিক আসন লাভ কৰিব বুলি দাবী কৰি বিজেপিয়ে 5 ৰ পৰা 6 খনহে আসন পাব বুলি দাবী কৰে মহিলাৰীয়ে ৷ ইপিনে কোকৰাঝাৰ জিলা প্ৰশাসনৰ ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰি মহিলাৰীয়ে কয় যে, তেওঁলোকৰ প্ৰথম নিৰ্বাচনী সভা কোকৰাঝাৰ জিলাৰ তুলসী বিলত আছে বুলি প্ৰশাসনক অৱগত কৰা হৈছিল । কিন্তু জিলা প্ৰশাসনে মহাজোঁট বন্ধনৰ হেলিকপ্তাৰ লেণ্ডিং কৰাৰ অনুমতি প্ৰদান নকৰা বুলি গুৰুতৰ অভিযোগ কৰে মহিলাৰীয়ে ৷ লগতে এয়া অতি দুৰ্ভাগ্যজনক বুলিও মন্তব্য কৰে বিপিএফৰ সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক-২২মাৰ্চত অসমৰ চাহ বাগিচা বন্ধৰ ঘোষণা বাতিল আটছাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.