কোকৰাঝাৰ, 26 জুন: পলমকৈ হ’লেও সমষ্টি পুনঃ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে । কোকৰাঝাৰৰ কাৰিগাঁওস্থিত বাথৌ খেৰাই ৰিজ’ৰ্টত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি হাগ্ৰামা মহিলাৰীয়ে বিটিআৰত পূৰ্বৰ 12 টা বিধানসভা সমষ্টিৰ পৰিৱৰ্তে বৰ্তমান 15 টালৈ বৃদ্ধি হোৱাত নিৰ্বাচন আযোগক ধন্যবাদ জনায় ৷ অৱশ্যে লোকসভা সমষ্টিক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে মহিলাৰীয়ে ।
ষষ্ঠ অনুসূচীৰ এলেকা হিচাপে সুকীয়াকৈ ওদালগুৰি লোকসভা সমষ্টি গঠনৰ দাবী উত্থাপন কৰি বিটিআৰৰ গোৰেশ্বৰ, মাজবাট, ভেৰগাঁও, তামোলপুৰ, টংলা আৰু ওদালগুৰিক দৰং লোকসভা সমষ্টিত অন্তৰ্ভুক্তিকৰণক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে নেতাগৰাকীয়ে । 2007 চনৰ পৰাই বিপিএফে ওদালগুৰি লোকসভা সমষ্টি গঠনৰ দাবী উত্থাপন কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, এতিয়া ওলোটাই বিটিআৰৰ অধীনৰ সমষ্টি কেইটা বিটিআৰৰ বাহিৰৰ দৰং লোকসভা সমষ্টিতহে অন্তৰ্ভুক্ত কৰিলে ।
মহিলাৰীয়ে কয় যে, এনে কাৰ্য কোনো কাৰণতে মানি ল’ব নোৱাৰি আৰু বিপিএফ দলে ওদালগুৰিক সুকীয়াকৈ লোকসভা সমষ্টি হিচাপে গঠন কৰাৰ দাবীত অটল হৈ আছে ৷ বিপিএফে অচিৰেই গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সদৰী কৰিছে হাগ্ৰামা মহিলাৰীয়ে ৷
লগতে পঢ়ক: Guwhati city flood: মুখ্যমন্ত্ৰীৰ মতে গুৱাহাটীৰ বানৰ ওচৰত পৰাস্ত মুম্বাইৰ বান
ইপিনে খচৰা প্ৰকাশ হোৱাৰ পিচতে ইউপিপিএল দলে ফটকা ফুটোৱা, আনন্দ প্ৰকাশ কৰা কাৰ্যৰ অৰ্থ খচৰাত প্ৰমোদ বড়োৰ সমৰ্থন আছে বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ তেওঁ কয় যে, বৃহত্তৰ জাতীয় স্বাৰ্থত প্ৰমোদ বড়োৱে শীঘ্ৰে বিটিআৰৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰি ওদালগুৰিক সুকীয়াভাৱে লোকসভা সমষ্টি ঘোষণাৰ বাবে প্ৰস্তাৱ গৃহীত কৰিব লাগে । উক্ত প্ৰস্তাৱ অসম চৰকাৰ আৰু নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিলে সিদ্ধান্ত সলনি হোৱাৰ আশা প্ৰকাশ কৰি হাগ্ৰামা মহিলাৰীয়ে ।
এইবিষয়ত চৰকাৰে হাগ্ৰামা মহিলাৰীৰ কথা নুশুনিব নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে, তেওঁ চৰকাৰত নথকা বাবে চৰকাৰে এতিয়া তেওঁৰ কথা নুশুনিব । আনকি প্ৰমোদ বড়োৱেও তেওঁৰ কথা নুশুনিব বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে, এইক্ষেত্ৰত প্ৰমোদ বড়োৰ যথেষ্ট দায়িত্ব আছে আৰু এই বিষয়ত এবছুৱে বৃহত্তৰ স্বাৰ্থৰ খাতিৰত প্ৰমোদ বড়োক হেঁচা দিয়া উচিত ৷
তদুপৰি অহা 11 জুলাইত অনুষ্ঠিত হ’বলগীয়া বিটিআৰ বিধান পৰিষদৰ বিশেষ অধিবেশনত সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰাক লৈ আলোচনা কৰাৰ দাবী উত্থাপন কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে, যদিহে বিষয়টো সন্দৰ্ভত বিটিআৰৰ সদনৰ মজিয়াত আলোচনা নহয় তেনেহলে বিপিএফে সদন ত্যাগ কাৰ্যসূচী গ্ৰহণ কৰিব ।