ETV Bharat / state

দেৱনাথ মুছাহাৰীঃ কৃষি কৰ্মৰে বিপ্লৱৰ সূচনা কোকৰাঝাৰৰ যুৱকৰ - organic

জৈৱিক সাৰ প্ৰয়োগ তথা প্ৰাকৃতিক উপায়ৰে খেতি কৰি লাভ কৰিলে বৰ্ষশ্ৰেষ্ঠ কৃষকৰ বঁটা ।

দেৱনাথ মুছাহাৰীঃ কৃষি কৰ্মৰে বিপ্লৱৰ সূচনা কোকৰাঝাৰৰ যুৱকৰ
author img

By

Published : Jul 1, 2019, 5:08 PM IST

Updated : Jul 1, 2019, 7:38 PM IST

গোঁসাইগাও, ১ জুলাই: জৈৱিক সাৰেৰে বিভিন্ন শস্য তথা পাচলিৰ খেতি কৰি শ্ৰেষ্ঠ কৃষকৰ বঁটা লাভ কৰিলে কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁৱৰ আদৰ্শ খেতিয়ক শ্ৰী দেৱনাথ মুছাহাৰীয়ে। কৃষিকৰ্মৰে পৰিয়াল পোহপাল দিয়া দেৱনাথ মুছাহাৰীয়ে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে জিকা, জলকীয়া, বেঙেনা, আলু আদিৰ লগতে উন্নত জাতৰ মাকৈ খেতি কৰাৰ উপৰিও এৰি পোক, খৰ্গছ, কটক নাথ চৰাই তথা ছাগলী আৰু উন্নত জাতৰ গাহৰি আদি পালন কৰি আহিছে।

ইমানেই নহয়, মুছাহাৰিয়ে নিজেই কেঁচুসাৰ প্ৰস্তুত কৰি ব্যৱহাৰৰ লগতে বিভিন্ন অঞ্চলত যোগান ধৰিছে । তেওঁ নিজ ঘৰতে এৰি পলু পালনৰ দ্ধাৰা মুগা উৎপাদন কৰি তৈয়াৰ কৰা সূঁতা প্ৰতি কেজি পোন্ধৰশ টকাত বিক্ৰী কৰি যথেষ্ট মুনাফা অৰ্জন কৰি নিবনুৱা সকলক এক বিকল্প পথৰ সন্ধান দিছে। কেৱল কৃষি কাৰ্যই নহয় জৈৱিক সাৰৰ ব্যৱহাৰ তথা অধিক উৎপাদন সন্দৰ্ভত ৰাজ্যৰ বাহিৰত বিভিন্ন প্ৰশিক্ষণ, কৰ্মশালা আদিতো অংশগ্ৰহণ কৰিছে দেৱনাথ মুছাহাৰীয়ে।

এইজন আদৰ্শবান কৃষকৰ পৰা কৃষিকৰ্মৰ বাস্তৱ জ্ঞান লবলৈ ইতিমধ্য ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খেতিয়কৰ তেওঁৰ ঘৰলৈ সোঁত বৈছে । এই বৰ্ষত মাকৈ উৎপাদনত দেখুওৱা বিশেষ পাৰদৰ্শিতাৰ বাবে আই চি এ আৰে মুছাহাৰিক শ্ৰেষ্ঠ কৃষক বঁটা প্ৰদান কৰিছে । শেহতিয়াকৈ তেওঁ ডায়েবেটিচ, কেঞ্চাৰৰ দৰে জটিল ৰোগৰ ঔষধ হিচাপে ব্যৱহৃত কটক নামৰ কুকুৰা চৰাইও পালন কৰিছে, যাৰ প্ৰতি কেজিৰ বজাৰ দৰ পোন্ধৰশ টকা। দেৱনাথ মুছাহাৰি এগৰাকী খেতিয়ক হোৱাৰ উপৰিও এজন প্ৰকৃতিপ্ৰেমী ব্যক্তি হিচাপেও সমাজত স্বীকৃত। যি সময়ত অসমীয়াই কৃষি কৰ্ম ত্যাগ কৰি বহি ৰাজ্যত শ্ৰমিক হ'বলৈ ঢাপলি মেলিছে তেনে এক সময়ত দেৱনাথ মুছাহাৰীৰ দৰে লোকে এক ইতিবাছক উদাহৰণ দাঙি ধৰি আন বহুলোকৰ বাবে অনুপ্ৰেৰণাৰ কাৰণ হৈ পৰিছে ৷

Intro:Story:- প্ৰকৃতিপ্ৰেমী কৃষক দেৱ নাথ মুচাহাৰিক সৰ্ব শ্ৰেষ্ঠ কৃষক সম্মান প্ৰদান : ইৰি পোক, খৰ্গছ ,গাহৰি, কুকুৰা চৰাই পালনেৰে স্বাৱলম্বী দেৱনাথ :

Feed name-Gossaigaon Farmer bags best farmers award fron ICAR Chandigarh
Dt 1/07/19
Rpt-Gossaigaon

Anchore:- কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত তথা এক নম্বৰ মাকতাই গাঁৱৰ নিবাসী দেৱনাথ মুচাহাৰি কেৱল এগৰাকী আদৰ্শবান কৃষক নহয় এগৰাকী প্ৰকৃতিপ্ৰেমী খেতিয়ক হিচাপে সম্প্ৰতি কোকৰাঝাৰ জিলাৰ ভিতৰত সু নাম অর্জন কৰিবলৈ সক্ষম হৈছে। বিগত সময়ত জৈৱিক সাৰেৰে বিভিন্ন শস্য, পাচলি উৎপাদন কৰি এগৰাকী আদৰ্শ আৰু সৰ্ব শ্ৰেষ্ঠ কৃষক হিচাপে অসমত সম্মান লাভ কৰাৰ উপৰি বহি ৰাজ্যত গৈ কৃষক বঁটা আৰু সম্মান বুটলিবলৈ সক্ষম হয়। খেতি বাতি কৰি পৰিয়াল পোহপাল দিয়া এইগৰাকী কৃষক দেৱনাথ মুচাহাৰী কোকৰাঝাৰ জিলাৰ ভিতৰতে অতি আদৰ্শবান খেতিয়ক হিচাপে সম্মান অর্জন কৰাৰ উপৰি তেওঁৰ যি প্ৰচেষ্টা আৰু পদ্ধতি তাক অনুকৰণ কৰিবলগীয়া। কৃষি কাম কৰি সফলতা লাভ কৰা দেৱনাথ মুচাহাৰীক সাক্ষাৎ কৰিবলৈ আৰু খেতি বাতি কৰাৰ দিশত বাস্তৱ জ্ঞান লবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খেতিয়ক তেওঁৰ ঘৰত উপস্থিত হোৱা দেখা গৈছে। এই গৰাকী খেতিয়ক কেৱল কৃষি কাম কৰাই নহয় কম সময়ত জৈৱিক সাৰৰ সহায়ত কি দৰে উন্নত খেতি বাতি আৰু অধিক উৎপাদন কৰিব পৰা যায় তাৰ ওপৰত বহি ৰাজ্যত প্ৰশিক্ষণ, কৰ্মশালা আদিত অংশগ্ৰহণ কৰিছিল। আদর্শ কৃষক দেৱনাথ মুচাহাৰী জিকা, জলকীয়া, বেঙেনা, আলু, আদি কৰি বিভিন্ন খেতিৰ লগতে উন্নত জাতৰ মাকৈ খেতি কৰি আহিছে। ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰি নিজে উৎপাদন কৰা জৈৱিক কেঁচু সাৰ ব্যৱহাৰ কৰি খেতি বাতি কৰি এক সুনাম কঢ়িয়াই আনিছে দেৱনাথ। তেওঁ এই বেলি মাকৈ খেতি কৰি অধিক উৎপাদন কৰাত আই চি এ আৰৰ তৰফৰ ১০১৯ শ্ৰেষ্ঠ কৃষি বঁটা লাভ কৰে অলপতে। কৃষি বিশ্ববিদ্যালয় যোৰহাটত এই বঁটা প্ৰদান কৰে। কৃষি কৰ্মত পাৰদৰ্শিতা দেখুৱা এই গৰাকী খেতিয়ক দেৱনাথ মুচাহাৰী নিজ ঘৰত ইৰি পোক, খৰ্গছ, কটক নাথ চৰাই, তাৰ্কী চৰাই ,ছাগলী আৰু উন্নত জাতৰ গাহৰি ঘুঙ্গুৰু আৰু টি এন টি জাতৰ গাহৰি পোহ পাল দি আহিছে। এগৰাকী কৃষক খেতি বাতিৰ লগতে জীৱ জন্তু পালন কৰি আর্থিকভাৱে স্বাৱলম্বী হোৱা এক নিৰ্দশন দেখুৱাইছে। নিজ ঘৰত কেঁচু সাৰ পুস্তুত কৰি খেতি বাতি কৰাৰ লগতে কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলত যোগান ধৰি আহিছে। যি সময়ত আন খেতিয়কে ৰাসায়নিক সাৰ দি খেতি বাতি কৰি আহিছে সেই সময়ত দেৱনানাথ জৈৱিক সাৰ ব্যৱহাৰ নিদৰ্শন দেখুৱাইছে। এগৰাকী খেতিয়ক নিজ ঘৰত এৰী পোক পালন কৰি মুগা উৎপাদন কৰিছে।মুগা সূতা নিজ ঘৰত পোন্ধশ টকা কেজি প্ৰতি বিক্ৰী কৰি আহিছে। Body:
বিগত সময়ত জৈৱিক সাৰেৰে বিভিন্ন শস্য, পাচলি উৎপাদন কৰি এগৰাকী আদৰ্শ আৰু সৰ্ব শ্ৰেষ্ঠ কৃষক হিচাপে অসমত সম্মান লাভ কৰাৰ উপৰি বহি ৰাজ্যত গৈ কৃষক বঁটা আৰু সম্মান বুটলিবলৈ সক্ষম হয়। খেতি বাতি কৰি পৰিয়াল পোহপাল দিয়া এইগৰাকী কৃষক দেৱনাথ মুচাহাৰী কোকৰাঝাৰ জিলাৰ ভিতৰতে অতি আদৰ্শবান খেতিয়ক হিচাপে সম্মান অর্জন কৰাৰ উপৰি তেওঁৰ যি প্ৰচেষ্টা আৰু পদ্ধতি তাক অনুকৰণ কৰিবলগীয়া। কৃষি কাম কৰি সফলতা লাভ কৰা দেৱনাথ মুচাহাৰীক সাক্ষাৎ কৰিবলৈ আৰু খেতি বাতি কৰাৰ দিশত বাস্তৱ জ্ঞান লবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খেতিয়ক তেওঁৰ ঘৰত উপস্থিত হোৱা দেখা গৈছে। এই গৰাকী খেতিয়ক কেৱল কৃষি কাম কৰাই নহয় কম সময়ত জৈৱিক সাৰৰ সহায়ত কি দৰে উন্নত খেতি বাতি আৰু অধিক উৎপাদন কৰিব পৰা যায় তাৰ ওপৰত বহি ৰাজ্যত প্ৰশিক্ষণ, কৰ্মশালা আদিত অংশগ্ৰহণ কৰিছিল। আদর্শ কৃষক এৰী পোকৰ লগতে এৰী পোকৰ বংশ বৃদ্ধি কৰাৰ সকলো ব্যৱস্থা আছে খেতিয়ক গৰাকীৰ ঘৰত। এৰী পোক পোহ পাল দিবলৈ তেওঁৰ আছে কেঁচুৰু গছ। কেঁচুৰু গছৰ পাত খাই জীয়াই থাকে এৰী পোক। ইয়াৰ উপৰি কেঞ্চাৰ, ডায়েবেটিচ আৰু অন্যান্য জটিল ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা কটক নামৰ কুকুৰা চৰাই পালন কৰিছে। এক কেজি কুকুৰা মাংস বজাৰত পোন্ধৰশ টকা দৰত বিক্ৰী কৰি আহিছে। ইয়াৰ লগতে তেওঁৰ ঘৰত আছে ঘুঙ্গুৰো আৰু টি এন টি নামৰ উন্নত জাতৰ গাহৰি।এইবোৰ জীৱ জন্তু পালন কৰাৰ উপৰি তেওঁ উন্নত জাতৰ খৰ্গছ পালন কৰি আহিছে। খেতিয়কৰ উপৰি এগৰাকী প্ৰকৃতিপ্ৰেমী ব্যক্তি হিচাপে বিশেষ মৰ্য্যদা লাভ কৰিবলৈ সক্ষম হৈছে। কিয়নো দেৱনাথ এতিয়া এৰী পোক, গাহৰি, ছাগলী, বিভিন্ন জাতৰ কুকুৰা চৰাই, খৰ্গছ আদি জীৱন নিৰ্বাহ কৰাৰ এক মাত্ৰ পথ।Conclusion: পুৱাৰ পৰা নিশা লৈ এইবোৰ পশু পক্ষী চোৱাছিতা, অহাৰ দিয়া, পানী দিয়া, এৰী পোক লগোৱা, মুগা ওলোৱা । ইয়াৰ লগতে তেওঁ সময় উপযোগী কৈ বিভিন্ন খেতি কৰি আহিছে।যি সময়ত কৃষি কৰ্ম পৰিহাৰ কৰি অসমৰ ৰাইজে বহি ৰাজ্যত শ্ৰমিক হিচাপে কাম কৰি আহিছে তেনে সময়ত দেৱনাথ নিজ ঘৰত জীৱ জন্তু পালন কৰি, খেতি কৰি ব্যাপক লাভবান হোৱাৰ এক নিদৰ্শন দাঙি ধৰিছে।

বিশ্বজিৎ চৌধুৰী, গোসাইগাঁও
Last Updated : Jul 1, 2019, 7:38 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.