ETV Bharat / state

বিটিচিত ৬হেজাৰ কোটিৰ দুৰ্নীতিৰ হ'ব তদন্ত, দোষীয়ে পাব শাস্তিঃ প্ৰমোদ বড়ো - ইউ পি পি এল

ইউ পি পি এল দল শাসনলৈ আহিলে একলাখ শিক্ষিত নিৱনুৱা যুৱক যুৱতীক চাকৰি দিয়া হ'ব ৷ সকলো জাতি জনগোষ্ঠীৰ লোকক সম মযাৰ্দা প্ৰদান কৰা হ'ব আৰু বিটিআৰৰ সামগ্ৰিক বিকাশৰ বাবে সকলোখিনি কাম যুদ্ধকালীন ভাৱে কৰা হ'ব বুলি প্ৰমোদ বড়োই প্ৰতিশ্ৰুতি দিয়াৰ লগতে হাগ্ৰামাৰ শাসনকালত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰি দোষী সকলক জেলত ভৰোৱা হ'ব বুলি আশ্বাস প্ৰদান কৰে।

gosaigaon-uppl-meeting
বিটিচিত ৬ হেজাৰ কোটিৰ দুৰ্নীতিৰ হ'ব তদন্ত, দোষীয়ে পাব শাস্তিঃ প্ৰমোদ বড়ো
author img

By

Published : Nov 7, 2020, 9:15 PM IST

গোসাইগাঁও, ৭ নৱেম্বৰঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ বিন্যাখাতাত শনিবাৰে ইউ পি পি এল দলৰ এক বিশাল গণসমাবেশ অনুষ্ঠিত হয়। 'পৰিৱৰ্তন দৰকাৰ, ইউপিপিএল চৰকাৰ' এই শ্লোগানেৰে অনুষ্ঠিত বিশাল গণ সমাবেশত দহ সহস্ৰাধিক দলীয় কৰ্মী-সমৰ্থক উপস্থিত থাকে। উক্ত সভাত দলৰ সভাপতি প্ৰমোদ বড়োৱে আগন্তুক বিটিচি নিৰ্বাচনত কমেও ৩০ টা আসন দখল কৰি বিপিএফৰ ১৭ বছৰীয়া শাসনৰ ওৰ পেলাব বুলি ভাষণত কয়। প্ৰমোদ বড়োৱে লগতে অভিযোগ উত্থাপন কৰি কয় যে, বিপিএফ দলৰ শাসনত বিয়াগোম দুৰ্নীতি হৈছে আৰু এই দুৰ্নীতিৰ চৰ্দাৰ হৈছে বি টি চিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰী।

বিটিচিত ৬ হেজাৰ কোটিৰ দুৰ্নীতিৰ হ'ব তদন্ত, দোষীয়ে পাব শাস্তিঃ প্ৰমোদ বড়ো

ইউ পি পি এল দল শাসনলৈ আহিলে একলাখ শিক্ষিত নিৱনুৱা যুৱক যুৱতীক চাকৰি দিয়া হ'ব ৷ সকলো জাতি জনগোষ্ঠীৰ লোকক সম মযাৰ্দা প্ৰদান কৰা হ'ব আৰু বিটিআৰৰ সামগ্ৰিক বিকাশৰ বাবে সকলোখিনি কাম যুদ্ধকালীনভাৱে কৰা হ'ব বুলি প্ৰমোদ বড়োই প্ৰতিশ্ৰুতি দিয়াৰ লগতে হাগ্ৰামাৰ শাসনকালত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰি দোষী সকলক জেলত ভৰোৱা হ'ব বুলি আশ্বাস প্ৰদান কৰে। ইয়াৰ তদুপৰি দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মকে ধৰি দলটোৰ একাধিক শীৰ্ষ নেতাই হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত হোৱা কাম কাজৰ তীব্র সমালোচনা কৰে।

উল্লেখ্য যে, আজিৰ সভাতে বিভিন্ন দলৰ পৰা তিনি শতাধিক লোকে আনুষ্ঠানিকভাৱে ইউ পি পি দলত যোগদান কৰে।

লগতে পঢ়ক: বিপদ আহিছে অপৰাধী ৰাজনীতিকৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে নিৰ্দেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.