ETV Bharat / state

গোসাইগাঁৱত শোকাবহ পথ দূৰ্ঘটনাঃ নিহত এজন - Gosaigaon road accident

মানিকপুৰৰ গোসাইগাঁও ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাবহ পথ দূৰ্ঘটনা । তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হ’ল এজন পথচাৰী । নিহত চাইকেল আৰোহীজন ভক্তপ্ৰসাদ দাস (৩৮) বুলি জানিব পৰা গৈছে ৷

Gosaigaon road accident: one died
গোসাইগাঁৱত শোকাবহ পথ দূৰ্ঘটনাঃ নিহত এজন
author img

By

Published : Sep 11, 2020, 11:06 AM IST

উত্তৰ অভয়াপুৰী, ১১ ছেপ্তেম্বৰ: বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পূৱ গোসাঁইগাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা । তীব্ৰ বেগী ট্ৰাকৰ খুণ্ডাত থিতাতে নিহত হ’ল চাইকেল আৰোহী ভক্তপ্ৰসাদ দাস (৩৮) নামৰ এজন পথচাৰী । পেছাত এজন ঠেলা চালক ভক্তপ্ৰসাদ দাসে ডাঙাইগাঁৱৰ বজাৰৰ পৰা নিজ গৃহলৈ ওভতাৰ পথত তীব্ৰ বেগী ট্ৰাকৰ খুণ্ডাত গুৰুতৰ ভাবে আঘাটপ্ৰাপ্ত হৈ ঘটনাস্থলীতে নিহত হ’ল চাইকেল আৰোহী পথচাৰীজন ৷

Gosaigaon road accident: one died
গোসাইগাঁৱত শোকাবহ পথ দূৰ্ঘটনাঃ নিহত এজন

দূৰ্ঘটনা সংঘটিত হোৱাৰ দিনাটোতে দূৰ্ঘটনা নিয়ন্ত্ৰণত ব্যৰ্থ আৰক্ষী তথা প্ৰশাসনৰ বিৰুদ্ধে অতিস্থ হৈ নিশা বিজনী জিলা আমছুৰ সহযোগত স্থানীয় ৰাইজে ঘাইপথটো অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । ফলত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটোত সৃষ্টি হয় তীব্ৰ যান জঁটৰ ৷ প্ৰায় এঘণ্টাৰ অন্তত প্ৰশাসনৰ হস্তক্ষেপত পথটো মুকলি কৰি দিয়াৰ লগতে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ ।

লগতে পঢ়কঃ ন্যায় পাবনে বৰপেটাৰ টিংকুমনি দাসৰ পৰিয়ালে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.