ETV Bharat / state

গোসাইগাঁও আৰক্ষীৰ অভিযানত খয়েৰ ভৰ্তি ট্ৰাক জব্দ

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও সদৰ চহৰৰ সংলগ্ন সাপট দলঙৰ সমীপত 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰক্ষীৰ খয়েৰ কাঠ ভৰ্তি ট্ৰাক জব্দ ৷ লগতে 2 জন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ ৷

author img

By

Published : Sep 17, 2020, 6:55 PM IST

Gosaigaon Police Recoverd In Illigal Timber Shop
গোসাইগাঁও আৰক্ষীৰ অভিযানত খয়েৰ ভৰ্তি ট্ৰাক জব্দ

গোসাইগাঁও, 17 ছেপ্টেম্বৰ : কোকৰাঝাৰ জিলাৰ গোসাইগাঁও সদৰ চহৰৰ সংলগ্ন সাপট দলঙৰ সমীপত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰৰ নিশা আৰক্ষীয়ে অভিযান চলাই HR 55 P 0299 নম্বৰৰ এখন খয়েৰ কাঠ ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰিবলৈ সক্ষম হৈছে ৷ ধৃত লোক দুজন উত্তৰ প্ৰদেশৰ হাপুৰ জিলাৰ দেবেন্দৰ কুমাৰ আৰু পৱন কুমাৰ বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি,কোকৰাঝাৰৰ পৰা বংগ অভিমুখে কোনো বৈধ নথি নোহোৱাকৈ ট্ৰাকখন পাৰ হ'ব বুলি আৰক্ষীয়ে আগতীয়াকৈ খবৰ লাভ কৰিছিল ৷ উক্ত খবৰৰ ভিত্তিত গোসাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মন্টু বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৃহস্পতিবাৰে পুৱতি নিশা 3 মান বজাত ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : 2021ত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিবঃ ৰাম মাধৱ`

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.