কোকৰাঝাৰ, ৩ নৱেম্বৰ: সূত্ৰধৰ জনগোষ্ঠীয় সমাজে লখিমীক আদৰাৰ বাবে কোকৰাঝাৰৰ নিকটৱৰ্তী গেন্দ্ৰাবিলত শ্ৰী শ্ৰী মা লক্ষ্মী গাৰ্জা পূজা বুধবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে (Lakshmi Garja Puja at Kokrazar) ৷ এই উপলক্ষে বুধবাৰে সন্ধিয়া বৃহত্তৰ গেন্দ্ৰাবিল এলেকাৰ বিভিন্ন গাঁৱৰ সূত্ৰধৰ সমাজৰ মহিলাসকলে লক্ষ্মী গাৰ্জা পূজাত অংশগ্ৰহণ কৰে (Lakshmi Garja Puja at Gandrabil in Kokrazar) ।
উক্ত অঞ্চলটোৰ মহিলাসকলে পৰম্পৰাগত ভাৱে প্ৰত্যেকেই নিজৰ ঘৰৰ পৰা মূৰত চালনি আৰু বন্তি লৈ পূজাস্থলীত উপস্থিত হয় । ইয়াৰ পিছতেই তেওঁলোকে নাগাৰা নাম প্ৰসংগৰে কৃষি শস্যৰ বৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে । তদুপৰি মহিলাসকলে সমাজ আৰু গাঁওখনৰ অপায় অমংগল দূৰ কৰি মানৱ কল্যাণৰ বাবে লক্ষ্মী গাৰ্জা থানত পূজা-অৰ্চনা কৰে ৷
পূজাৰ শুভাৰম্ভণী অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সদৌ নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰবিন্দ নাথ (All Nath Yogi Students Union), সদৌ সূত্ৰধৰ যুৱ ছাত্ৰ সন্থাৰ (ASYSU) সভাপতি টুপেন সূত্ৰধৰ ,ইউপিপিএলৰ (UPPL) কোকৰাঝাৰ জিলা সম্পাদক অমূল্য সূত্ৰধৰ, জিলা ইউপিপিএলৰ উপ সভাপতি বুদ্ধদেব মুছাহাৰী আৰু স্থানীয় গাঁওবুঢ়া বিজেন সূত্ৰধৰকে আদি কৰি কেইবাগৰাকী বিশিষ্ট লোক ৷
ইপিনে,পূজা উদযাপন কমিটীৰ সম্পাদক তৰনী কান্ত সূত্ৰধৰে সমাজৰ কল্যাণৰ বাবে এই পূজা সুত্ৰধৰ সমাজে যুগ যুগান্তৰৰ পৰাই পালন কৰি অহা বুলি কয় ৷ তেওঁ পুনৰ কয় যে নৱ প্ৰজন্মক এই পৰম্পৰাগত ভাৱে পালন কৰি অহা পূজাৰ বিষয়ে অৱগত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । এই ক্ষেত্ৰত সকলোৱে উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে । উল্লেখ্য যে কোকৰাঝাৰৰ গেন্দ্ৰাবিলত তিনিদিনীয়াকৈ আৰম্ভ হোৱা লক্ষ্মী গাৰ্জা পূজাত দিব্যজ্যোতি মিনি থিয়েটাৰ আৰু বৰ্ণিল সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছে উদ্যোক্তা সমিতিয়ে ৷