কোকৰাঝাৰ ১৫ মাৰ্চ : কোকৰাঝাৰ জিলাৰ কাৰিগাওঁ ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে আৰক্ষী আৰু এছএছটিৰ এক যুটীয়া অভিযানকাৰী দলে ৪০ কিলগ্ৰাম গাঞ্জা জব্দ কৰে ৷ লগতে অভিযানকাৰী দলটোৱে গাঞ্জা সৰবৰাহকাৰী দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন লোক দুজন ক্ৰমে গুৱাহাটীৰ কোটাবাৰী নিবাসী ৰাজু আলী (৩৬) আৰু বিহাৰৰ সমষ্টিপুৰৰ ধীৰাজ কুমাৰ (২৩) ৷
![কোকৰাঝাৰ আৰক্ষী আৰু এছ এছ টি অভিযানত জদ্ধ 40 কেজি গাঞ্জা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-01-kjr-ganjarecovered-photo-10044_15032021131455_1503f_1615794295_4.jpg)
প্ৰাপ্ত খবৰ মতে, কোকৰাঝাৰ জিলাৰ কাৰিগাওঁ ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা গাড়ী সমূহত কাৰিগাঁও আৰক্ষী আৰু এছএছটিৰ দলে সোমবাৰে পুৱাৰে পৰা তালাচী অভিযান অব্যাহত ৰাখিছিল ৷ সেই অনুসৰি দিনৰ ১১ মান বজাত উক্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰে গুৱাহাটীৰ পৰা কোকৰাঝাৰ লৈ গৈ থকা AS 01 HC 9332 নম্বৰৰ মাৰুতি ৱাগনাৰ গাড়ীখনত তালাচী চলাওঁতে যুটীয়া অভিযানকাৰী দলটোৱে গাড়ীৰ ভিতৰৰ পৰা 9 টা বেগ ভৰ্তি 40 কেজি ওজনৰ গাঞ্জাখিনি জব্দ কৰে ৷
![কোকৰাঝাৰ আৰক্ষী আৰু এছ এছ টি অভিযানত জদ্ধ 40 কেজি গাঞ্জা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-01-kjr-ganjarecovered-photo-10044_15032021131455_1503f_1615794295_212.jpg)
লগতে উক্ত গাঞ্জা সৰবৰাহৰ সৈতে জড়িত ধীৰাজ কুমাৰ আৰু গাড়ী চালক ৰাজু আলীক অভিযানকাৰী দলে আটক কৰে ৷
লগতে পঢ়কঃ অসমৰ ৰাইজে ইতিমধ্যে বিজেপিক জয়ী কৰোৱাৰ সিদ্ধান্ত লৈছে : সোণোৱাল