ETV Bharat / state

কোকৰাঝাৰত কেফেটেৰীয়া পদ্ধতিৰে কঠীয়া ৰোপণ - কেফেটেৰীয়া পদ্ধতিৰে কঠীয়া ৰোপণ

কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ উন্নয়ন খণ্ডৰ অধীনৰ লাউৰিপাৰা গাঁৱৰ খেতিপথাৰত শুকুৰবাৰে অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য পৰিবৰ্তন প্ৰকল্পৰ অধীনত কেফেটেৰীয়া পদ্ধতিৰে কঠীয়া ৰোপণ কৰা হয় ৷ এই কঠীয়া ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কৃষি উন্নয়ন বিষয়া বিজিত গৌৰা নাৰ্জাৰীয়ে ৷

for-the-first-time-in-kokrajhar-the-peddy-plant-is-done-in-cafeteria-method
কোকৰাঝাৰত কেফেটেৰীয়া পদ্ধতিৰে কঠীয়া ৰোপণ
author img

By

Published : Jul 24, 2021, 8:41 AM IST

কোকৰাঝাৰ, 24 জুলাই : কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ উন্নয়ন খণ্ডৰ অধীনৰ লাউৰিপাৰা গাঁৱৰ খেতিপথাৰত শুকুৰবাৰে অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য পৰিৱৰ্তন প্ৰকল্পৰ অধীনত কেফেটেৰীয়া পদ্ধতিৰে কঠীয়া ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কৃষি উন্নয়ন বিষয়া বিজিত গৌৰা নাৰ্জাৰীয়ে ৷ কোকৰাঝাৰত পোন প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা কেফেটেৰীয়া পদ্ধতিৰে শুকুৰবাৰে স্থানীয় লোকৰ লগতে 10 বিধ ধানৰ প্ৰজাতিৰ কঠীয়া ৰোপণ কৰা হয় ৷ বৰাধান, পানীশালী, ৰণজিৎ, বৰ্ণি, স্বৰ্ণ এমটিইউ, মালচিৰা, বিনাধান 2, ৰঞ্জনা, স্বৰ্ণ উপ 1 আৰু কলা জহাৰ কঠীয়া ৰোপণ কৰা হয় ৷

কৃষি সন্দৰ্ভত যুৱ প্ৰজন্মক উৎসাহিত কৰি কৃষি প্ৰকল্পত তেওঁলোকৰ অংশগ্ৰহণ আৰু বৃত্তি হিচাপে আগ্ৰহ সৃষ্টি কৰাৰ লক্ষ্যৰে কেফটেৰীয়া পদ্ধতিৰ ওপৰত সম্প্ৰতি গুৰুত্ব আৰোপ কৰা হৈছে ৷ এই কথা সদৰী কৰিছে কৃষি উন্নয়ন বিষয়া বিজিত গৌৰা নাৰ্জাৰীয়ে ৷ উল্লেখ্য যে, কেফটেৰীয়া পদ্ধতিয়ে ধান খেতিয়কসকলক স্বাৱলম্বিতা আৰু অৰ্থনৈতিক বিকাশ সাধন কৰিব বুলি মন্তব্য কৰে কৃষি বিষয়াগৰাকীয়ে ৷

for-the-first-time-in-kokrajhar-the-peddy-plant-is-done-in-cafeteria-method
কোকৰাঝাৰত কেফেটেৰীয়া পদ্ধতিৰে কঠীয়া ৰোপণ

এই পদ্ধতিয়ে উৎপাদিত সামগ্ৰীৰ মানদণ্ড উন্নত কৰাৰ লগতে উচ্চ উৎপাদনশীল ধানৰ প্ৰকাৰক স্থানীয়ভাৱে চিনাক্তকৰণৰ সুবিধা প্ৰদান কৰিব বুলি মন্তব্য কৰে বিষয়া গৰাকীয়ে ৷ আনহাতে এই পদ্ধতিৰে কৃষক আৰু অন্যান্য অংশীদাৰসকলক তেওঁলোকৰ প্ৰয়োজনীয়তা অনুসৰি উপযুক্ত প্ৰকাৰে মূল্যায়ন আৰু ধানৰ প্ৰকাৰ বাছনি কৰাত সহায় কৰি বুলি মন্তব্য কৰে কৃষি উন্নয়ন বিষয়া বিজিত গৌৰা নাৰ্জাৰীয়ে ৷ কেফেটেৰীয়া পদ্ধতিৰে কঠীয়া ৰোপণৰ কাৰ্যসূচীত আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ কাৰিকৰী বিশেষজ্ঞ (technical expert)অক্ষয় ভৰদ্বাজ সহ টেকনিকেল মেনেজাৰ মৃত্যুঞ্জয় বসুমতাৰী, গৱেষক টেকনিচিয়ান দৈমালু মুছাহাৰী আৰু কৃষি সম্প্ৰসাৰণ সহকাৰী জগত দৈমাৰী উপস্থিত থাকে ৷

ভৰ বাৰিষাৰ পথাৰত কৃষকসকল ব্যস্ত হৈ পৰাৰ সময়তে বিভাগটোৱে গ্ৰহণ কৰা পদক্ষেপক শলাগ লৈছে কৃষক ৰাইজে ৷ এই পদ্ধতিৰ দ্বাৰা খেতি কৰি কৃষকসকল বিশেষভাৱে উপকৃত হ'ব বুলি আশাবাদী চহা কৃষকসকল ৷ এই পদ্ধতিৰে খেতি কৰা কৃষকসকল উপকৃত হ'ব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃ জলসম্পদ বিভাগৰ পৰ্যালোচনা সভাত মন্ত্ৰী পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.