ETV Bharat / state

কোকৰাঝাৰত গঙিয়া নৈৰ খহনীয়াত গৃহহাৰা শতাধিক

author img

By

Published : Jul 14, 2020, 5:57 PM IST

কোকৰাঝাৰ জিলাত বানৰ সমান্তৰালকৈ তাণ্ডৱ চলাইছে গৰা খহনীয়াই ৷ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা নামি অহা পানীৰ ঢলে জিলাখনৰ মাজেৰে বৈ যোৱা গঙিয়া নৈৰ জলপৃষ্ঠ বৃদ্ধি কৰাৰ লগতে সৃষ্টি কৰিছে খহনীয়াৰ ৷

flood eroson at kokrajhar assam etv bharat news
খহনীয়াত গৃহহাৰা শতাধিক

কোকৰাঝাৰ,14 জুলাই: সমগ্ৰ ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জলপৃষ্ঠ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ অন্যান্য নৈ-উপনৈসমূহৰ ৷ কোনো কোনো ঠাই বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ ফলত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে বানৰ তাণ্ডৱ ৷ কোকৰাঝাৰতো বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে বলীয়া বানে ৷ জিলাখনৰ মাজেৰে বৈ যোৱা গঙিয়া নৈৰে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে পানী এৰাৰ ফলত প্লাৱিত হৈছে বহু অঞ্চল ৷ সম্প্ৰতি জিলাখনৰ দোতমাত নৈখনে ভয়ংকৰ ৰূপ ধাৰণ কৰি সৃষ্টি কৰিছে গৰাখহনীয়াৰ ৷

গঙীয়া নৈৰ খহনীয়া অব্যাহত

গঙিয়া নৈৰ খহনীয়াৰ ফলত গৃহহীন হৈছে প্ৰায় শতাধিক লোক ৷ প্ৰায় পাঁচখনকৈ গাঁও খহনীয়াৰ কবলত পৰি বৰ্তমান নিশ্চিহ্ন হোৱাৰ বিপৰীতে একাধিক কৃষি ভূমিও জাহ গৈছে খহনীয়াত ৷ বিশেষকৈ জিলাখনৰ শিক্ষাবিল,মাওৰিয়া গাঁও,আঙঠিহাৰা,সেছেৰগাঁও আদি খহনীয়াৰ কবলত পৰি বৰ্তমান নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে ৷ আনহাতে,দীৰ্ঘদিনীয়া এই সমস্যা ৰোধৰ উদ্দেশ্যে ৰাজ্য চৰকাৰক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে স্থানীয় বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে ৷ লগতে বিটিচি প্ৰশাসনক খহনীয়াৰ কবলত পৰি গৃহহাৰা হোৱা গাঁৱবাসীক শীঘ্ৰে সাহায্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে বিধায়কগৰাকীয়ে ৷

খহনীয়াত গৃহহাৰা শতাধিক

লগতে চাওকঃ মুকলি আকাশৰ তলত মানস কোঁৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.